“য়াকৰ সংখ্যা দিনকদিনে কমি আহিছে,’’ এইদৰে কয় পদ্মা থুমুৱে। বিগত প্ৰায় ৩০ বছৰ ধৰি য়াকৰ লগতে লাগি থকা মহিলাগৰাকীয়ে আৰু কয়, ''আজিকালি তলৰ মালভূমি অঞ্চললৈ (প্ৰায় ৩০০০ মিটাৰ) চালে তেনেই কম য়াকহে চকুত পৰে।’’

পদ্মাৰ ঘৰ জাংস্কাৰৰ ব্লকৰ আব্ৰান গাঁৱত। পাৰা প্ৰায় মাইনাছ ১৫ ডিগ্ৰী চেলছিয়াছ পৰ্য্যন্ত নমাৰ সময়ত লাডাখৰ ওখ আৰু ঠাণ্ডা পাহাৰৰ মাজেৰে বছৰি তেওঁ প্ৰায় ১২০টা জীৱ-জন্তুৰ সৈতে যাত্ৰা কৰি আহিছে।

য়াকে (Bos grunniens) এই শীতৰ পৰিৱেশত সহজে খাপ খাই পৰে যদিও তাপমাত্ৰা ১৩ ডিগ্ৰী চেলছিয়াছৰ অধিক হ’লে অসুবিধাৰ সন্মুখীন হয়।

স্থানীয় লোকে জনোৱা মতে যোৱা কেইটামান দশকত জাংস্কাৰ উপত্যকাৰ নিম্ন মালভূমি অঞ্চলত গ্ৰীষ্মৰ সময়ত তাপমাত্ৰা ২৫ৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে। “শীত আৰু গ্ৰীষ্মত তাপমাত্ৰাৰ তাৰতম্য যথেষ্ট,’’ উপত্যকাটোত গাড়ীচালক হিচাপে কৰ্মৰত টেনজিন এনে কয়।

তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত ২০১২ চনৰ পৰা ২০১৯ চনৰ ভিতৰত জম্মু আৰু কাশ্মীৰত য়াকৰ সংখ্যা ( ২০সংখ্যক পশুধন পিয়ল ) আধালৈকে হ্ৰাস পাইছে।

Padma Thumo has been a yak herder for more than 30 years in Abran village in Kargil district of Ladakh
PHOTO • Ritayan Mukherjee

লাডাখৰ কাৰ্গিল জিলাৰ আব্ৰান গাঁৱত ৩০ বছৰতকৈ অধিক সময় ধৰি য়াক পালন কৰি অহা পশুপালক পদ্মা থুমো

চাংথাং মালভূমিত বৃহৎ সংখ্যক য়াক পশুপালক আছে যদিও জাংস্কাৰ উপত্যকাত ইয়াৰ সংখ্যা তুলনামূলকভাৱে কম। স্থানীয় লোকসকলে কোৱা অনুসৰি জাংস্কাৰ পাছ নামেৰে জনাজাত পশুপালকৰ সংখ্যাও কমি আহিছে। লাডাখৰ কাৰ্গিল জিলাৰ আব্ৰান, অক্ষো আৰু চাহ গাঁৱৰ কেইটামান পৰিয়ালেহে এতিয়াও য়াক পালন কৰি আছে।

নৰ্ফেল আগতে পশুপালক আছিল যদিও ২০১৭ চনত তেওঁ য়াক বিক্ৰী কৰি আব্ৰান গাঁৱত এখন অস্থায়ী দোকান খুলিছিল। তেওঁৰ দোকানখন মে’ মাহৰ পৰা অক্টোবৰলৈকে খোলা থাকে। দোকানখনত চাহ, বিস্কুট, হৰেক ৰকমৰ পেকেটত থকা খাদ্য, কেৰাচিন, বাচন-বৰ্তন, মছলা, ৰন্ধন তেল, শুকান মাংস আদি বিক্ৰী কৰা হয়। তেওঁ কয় যে পশুপালকৰ কামটো বৰ কষ্টকৰ আছিল আৰু লাভজনক নাছিল। তেওঁ কয়, “আগতে মোৰো য়াক আছিল, কিন্তু এতিয়া মোৰ গৰু আছে। এতিয়া মই দোকানখনৰ জৰিয়তেই চলি আহিছো। কেতিয়াবা এমাহত ৩,০০০-৪,০০০ টকা উপাৰ্জন কৰো। সেয়া এতিয়াও য়াক পালনৰ পৰা হোৱা উপাৰ্জনতকৈ বেছি।”

আব্ৰানৰ সোণম মটুপ আৰু ছেৰিং আংমোৱে কিছু দশক ধৰি য়াক পালন কৰি আহিছে। তেওঁলোকৰ প্ৰায় ১২০টা য়াক আছে। ছেৰিঙে কয়, “প্ৰতি বছৰে গ্ৰীষ্মকালত [মে’-অক্টোবৰ] আমি উপত্যকাৰ ওপৰলৈ যাও [য’ত ঠাণ্ডা বেছি] আৰু চাৰিৰ পৰা পাঁচ মাহ ডক্সাত বাস কৰো।’’

ডক্সা হৈছে গ্ৰীষ্মকালত প্ৰব্ৰজন কৰা পৰিয়ালৰ বাবে কেবাটাও কোঠা আৰু পাকঘৰযুক্ত বসতিস্থল। গথ আৰু মানি বুলিও জনাজাত এইবোৰ বোকা আৰু শিলৰ দৰে সুলভ সামগ্ৰীৰে সজা হয়। গাঁৱৰ পশুপালকসকলে সাধাৰণতে পৰিয়ালৰ সদস্যসকলৰ সৈতে ডক্সা ভাগ কৰি পাল পাতি য়াকৰ জাকৰ লগত থাকে। “মই জীৱ-জন্তুবোৰ চৰাও আৰু যত্ন লওঁ। ইয়াত আমি ভীষণ ব্যস্ত হৈ থাকো,’’ সোণমে কয়।

এই মাহবোৰত সোণম আৰু ছেৰিঙৰ দিনটো পুৱা ৩ বজাৰ পৰা আৰম্ভ হয়। তেওঁলোকে চুৰ্পি (স্থানীয় পনীৰ) প্ৰস্তুত কৰি বিক্ৰী কৰে। ৬৯ বছৰীয়া সোণমে কয়, “সূৰ্যোদয়ৰ পিছত আমি য়াকৰ জাকটোক চৰণীয়া পথাৰলৈ লৈ যাওঁ আৰু তাৰ পিছত দুপৰীয়া জিৰণি লওঁ।’’

Sonam Motup knitting with yak wool in his doksa (settlement) during some free time in the afternoon.
PHOTO • Ritayan Mukherjee
Sonam and Tsering have been married for more than 40 years
PHOTO • Ritayan Mukherjee

বাওঁফালে: দুপৰীয়া আজৰি সময়ত ডক্সাত য়াকৰ ঊলেৰে কিবা গুঠি থকা অৱস্থাত সোণম মটুপে। সোঁফালে: যুগ্ম জীৱনৰ ৪০ বছৰতকৈও অধিক কাল পাৰ কৰা সোণম আৰু ছেৰিং

Tsering Angmo in her kitchen.
PHOTO • Ritayan Mukherjee
Tsering Angmo's husband, Sonam cooking the milk he collected the day before
PHOTO • Ritayan Mukherjee

ডক্সাৰ পাকঘৰত ছেৰিং আংমো (বাওঁফালে) আৰু তেওঁৰ স্বামী সোণমে আগদিনা সংগ্ৰহ কৰা গাখীৰ গৰম কৰিছে। তেওঁ এই কামটো বৰ আমনিদায়ক বুলি কয়

ছেৰিঙে কয়, “ইয়াত [জাংস্কাৰ উপত্যকা] পশুপালকসকল বেছিভাগেই মাইকী জোমোৰ ওপৰত নিৰ্ভৰশীল।” মতা জোমো আৰু মাইকী জোমো হৈছে য়াক আৰু কোটৰ বৰ্ণসংকৰণ প্ৰজাতি; জোমোবোৰ অধিক স্বাস্থ্যৱান আৰু বেমাৰ-আজাৰ নহয়েই বুলিব পাৰি। “আমি ইয়াত কেৱল প্ৰজননৰ উদ্দেশ্যে মতা য়াক ৰাখো। আমি জোমোৰ পৰা গাখীৰ পাওঁ। সেই গাখীৰেৰে ঘিউ আৰু চুৰ্পি তৈয়াৰ কৰো,’’ ৬৫ বছৰীয়া ছেৰিঙে কয়।

স্বামী-স্ত্ৰীহালে কয় যে তেওঁলোকৰ আয় যোৱা দহ বছৰৰ তুলনাত এতিয়া এক তৃতীয়াংশলৈ হ্ৰাস পাইছে। তেওঁলোকৰ দৰে বহুতৰেই ক্ষেত্ৰত কেৱল এই কামটোৰ ওপৰত নিৰ্ভৰ কৰি চলাত জটিলতা আহি পৰিছে। ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া পাৰিৰ প্ৰতিনিধিয়ে তেওঁলোকক লগ পাইছিল তেতিয়া পশুপালকসকলে শীতকালত পৰ্যাপ্ত পৰিমাণৰ খাদ্য পাবনে নাই সে লৈ দম্পতিহাল চিন্তিত হৈ পৰিছিল। পশুখাদ্যৰ যোগান পৰ্যাপ্ত পানীৰ ওপৰত নিৰ্ভৰশীল, কিন্তু লাডাখৰ দৰে উচ্চতাত পানীৰ একমাত্ৰ উৎস তুষাৰপাতৰ পৰিমাণ হ্ৰাস আৰু হিমবাহ পিছুৱাই গৈ থকাৰ ফলত কৃষক আৰু পশুপালকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ পৰিছে।

আব্ৰান গাওঁখনত এতিয়াও বিশেষ কোনো প্ৰভাৱ পৰা নাই যদিও সোণম চিন্তিত হৈ পৰিছে। তেওঁ কয়, “জলবায়ু সলনি হ’লে আৰু খোৱাৰ বাবে পানী তথা য়াকবোৰে খাব পৰাকৈ ঘাঁহ নাথাকিলে কি হ’ব সেই কথা ভাবিয়েই চিন্তাত পৰিছো।”

সোণম আৰু ছেৰিঙৰ পাঁচটা সন্তান। আটাইৰে বয়স ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত। তেওঁলোকৰ কোনোৱেই য়াক পালনৰ প্ৰতি আগ্ৰহী নহয়। সেয়ে আটায়ে দৈনিক মজুৰিৰ কাম কৰিছে।

“নৱপ্ৰজন্মই এই পৰম্পৰাগত কামটো কৰাতকৈ চহৰ অঞ্চলত বসতি স্থাপন কৰিবলৈহে ভাল পায়। তেওঁলোকৰ বেছিভাগেই বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনত চালক আৰু শ্ৰমিক হিচাপে কাম কৰিব বিচাৰে,” সোণমে কয়।

পদ্মা থুমুৱেও সেই একেই কথাকেই কয়। তেওঁ কয়, “এই [যাক চৰোৱা] কাম কৰি এতিয়া আৰু জীৱন চলোৱাটো সম্ভৱ হৈ থকা নাই।”

Unlike Changthang plateau where there are a large number of yak pastoralists, there are relatively few of them in the Zanskar valley
PHOTO • Ritayan Mukherjee

চাংথাং মালভূমিত বৃহৎ সংখ্যক য়াক পশুপালক আছে , জাংস্কাৰ উপত্যকাত ইয়াৰ সংখ্যা তুলনামূলকভাৱে কম

The pastoralists stay in a doksa when they migrate up the valley in summers. Also, known as goth and mani , they are built using mud and stones found around
PHOTO • Ritayan Mukherjee

গ্ৰীষ্মকালত উপত্যকাৰ ওপৰলৈ গৈ পশুপালকসকলে ডক্সাত থাকে। গথ আৰু মানি নামেৰে জনাজাত এই বাসস্থানবোৰ বোকামাটি আৰু শিল ব্যৱহাৰ কৰি সজা হয়

The 69-year-old Sonam Motup from Abran village has been tending to approximately 120 yaks for a few decades now
PHOTO • Ritayan Mukherjee

আব্ৰান গাঁৱৰ ৬৯ বছৰীয়া সোণম মটুপে বিগত কিছুদশক ধৰি প্ৰায় ১২০ টা য়াক পালন কৰি আহিছে

Sonam Motup taking his herd of animals through a steep climb in search of grazing ground
PHOTO • Ritayan Mukherjee

চৰণীয়া পথাৰ বিচাৰি ঠেক থিয় পথেৰে য়াকৰ জাকটোক লৈ গৈছে সোণম মটুপে

Yaks and dzomo calves grazing at a high altitude grassland
PHOTO • Ritayan Mukherjee

ঘাঁহনিত চৰি থকা য়াক আৰু জোমোৰ পোৱালিবোৰ

Locals say that there is a large variation in temperatures, with unusually hot summers. This has affected the yak population which has halved in the last ten years
PHOTO • Ritayan Mukherjee

স্থানীয় লোকসকলৰ মতে তাপমাত্ৰাৰ তাৰতম্য বহুত হৈ পৰিছে , গ্ৰীষ্মকাল অস্বাভাৱিকভাৱে গৰম বলৈ লৈছে। ইয়াৰ ফলত য়াকৰ সংখ্যা যোৱা দহ বছৰত আধালৈ হ্ৰাস পাইছে

Tashi Dolma, a yak herder with her son and niece, who study in the Chumathang in Leh district
PHOTO • Ritayan Mukherjee

লেহ জিলাৰ চুমাথাঙত অধ্যয়নৰত পুত্ৰ আৰু ভতিজীৰ সৈতে য়াক পশুপালক টাছি ডলমা

Tashi Dolma surrounded by a flock of sheep which belong to her family
PHOTO • Ritayan Mukherjee

নিজৰ পৰিয়ালৰ ভেড়াৰ জাকৰ মাজত টাছি ডলমা

Yak dung is a significant source of fuel for people in Zanskar. It is used as cooking fuel during the winter months
PHOTO • Ritayan Mukherjee

শীতকালত য়াকৰ গোবৰ ৰন্ধা - বঢ়াৰ বাবে ব্যৱহাৰ কৰা হয় বাবে জাংস্কাৰৰ বাসিন্দাসকলৰ বাবে এয়া হৈছে ইন্ধনৰ এক উল্লেখযোগ্য উৎস

Tsering Angmo returning from collecting yak dung
PHOTO • Ritayan Mukherjee

য়াকৰ গোবৰ সংগ্ৰহ কৰি উভতি অহা ছেৰিং আংমো

Pastoralists here are mostly dependent on dzomos, a female cross between yak and kots. A dzomo gets milked twice a day- morning and evening. The milk is used to make ghee and churpi (a local cheese)
PHOTO • Ritayan Mukherjee

ইয়াৰ পশুপালকসকল বেছিভাগেই জোমোৰ ওপৰত নিৰ্ভৰশীল , এয়া হৈছে য়াক আৰু কোটৰ বৰ্ণসংকৰণ জাত। এটা জোমোৰ পৰা পুৱা আৰু গধুলি দিনটোত দুবাৰকৈ গাখীৰ খীৰোৱা হয়। গাখীৰৰ পৰা ঘিউ আৰু চুৰ্পি ( স্থানীয় পনীৰ ) তৈয়াৰ কৰা হয়

Pastoralists take a short break in the afternoon before they go to milk the yaks and dzomos
PHOTO • Ritayan Mukherjee

য়াক আৰু জোমোৰ গাখীৰ খীৰাবলৈ যোৱাৰ আগতে পশুপালকসকলে দুপৰীয়া অলপ বিশ্ৰাম লয়

Fresh milk being boiled to make churpi , a local cheese made out of fermented yak milk
PHOTO • Ritayan Mukherjee

সতেজ গাখীৰ উতলাই চুৰ্পি তৈয়াৰ কৰা হয় , এয়া হৈছে য়াকৰ গাখীৰৰ পৰা তৈয়াৰ কৰা স্থানীয় পনীৰ

Women churn the milk to make ghee and churpi , which they then sell
PHOTO • Ritayan Mukherjee

মহিলাসকলে গাখীৰৰ পৰা ঘিউ আৰু চুৰ্পি তৈয়াৰ কৰে আৰু সেয়া বিক্ৰী কৰে

The pastoralists migrate back to their villages with their animals during winters. The family load the mini truck with dry yak dung to take back and use during winter
PHOTO • Ritayan Mukherjee

পশুপালকসকলে শীতকালত নিজৰ জীৱ - জন্তুৰ সৈতে নিজৰ গাঁৱলৈ উভতে। মিনি ট্ৰাকত য়াকৰ শুকান গোবৰ বোজাই কৰি লৈ যায় আৰু শীতকালত ব্যৱহাৰ কৰে

Padma Thumo says the population of yaks in the Zanskar valley is decreasing: 'very few yaks can be seen in the lower plateau [around 3,000 metres] nowadays'
PHOTO • Ritayan Mukherjee

পদ্মা থুমোৱে কয় যে জাংস্কাৰ উপত্যকাত য়াকৰ সংখ্যা হ্ৰাস পাইছে : ‘ বৰ্তমান নিম্ন মালভূমিত [ প্ৰায় , ০০০ মিটাৰ ] অতি কম য়াকহে দেখা যায়

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a PARI Senior Fellow. He is working on a long-term project that documents the lives of pastoral and nomadic communities in India.

Other stories by Ritayan Mukherjee
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

Other stories by Sanviti Iyer
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari