ভিডিঅ’টো চাওক: মাৰিৰ মছজিদ আৰু মাজাৰ

নিৰ্মাণ ছাইট এটাত কাম কৰি তিনি ডেকাল’ৰা নিজৰ গাওঁ মাৰিলৈ উভতি আহি আছিল। “সেয়া আছিল ১৫ বছৰ আগৰ কথা,” তেওঁলোকৰ মাজৰ এজন অজয় পাছোৱানে কয়। “গাঁৱৰ পৰিত্যক্ত মছজিদটোৰ কাষেৰে আমি পাৰ হৈ আহিব ধৰিছিলো। তেনেতে আমাৰ অনুসন্ধিৎসু মনটোৱে ক’লে, কিনো আছে, এবাৰ সোমাই চাই যাওঁ। ”

পৰিত্যক্ত মছজিদটোৰ ভিতৰখন ধূলি-মাকতিৰে ভৰি আছিল। মজিয়াখনত শেলুৱৈ গজিছিল।

“ভিতৰলৈ গৈ আমাৰ মনবোৰ সলনি হৈ গ’ল,” ৩৩ বৰ্ষীয় দিনহাজিৰা কৰা অজয়ে কয়। “চাগে আল্লাহৰে ইচ্ছা আছিল যে আমি ভিতৰলৈ যাওঁ।”

সেই তিনি বন্ধু - অজয় পাছোৱান, বাখোৰি বিন্দ আৰু গৌতম প্ৰসাদে মছজিদটো চাফা কৰাৰ সিদ্ধান্ত ল’লে। “আমি হাবি-বনবোৰ মোকলালো, ঠাইখন চাফা কৰি মছজিদটো ৰং কৰিলো। মছজিদটোৰ সন্মুখতে ডাঙৰ এখন মঞ্চ বনালো,” অজয়ে কয়। তেওঁলোকে আবেলিৰ বাবে তাত বিজুলীবাতিৰো ব্যৱস্থা কৰিলে।

তিনিও মিলি তাত চাউণ্ড চিষ্টেম ইনষ্টল কৰিলে। মছজিদৰ গম্বুজত লাউডস্পীকাৰ লগালে। “আমি চাউণ্ড চিষ্টেমৰ যোগেদি আজান বজোৱাৰ সিদ্ধান্ত ল’লো,” অজয়ে কয়। সোনকালেই মুছলমান ধৰ্মালম্বীসকলৰ বাবে বিহাৰৰ নালন্দা জিলাৰ মাৰি গাঁৱত নিতৌ দিনে পাঁচবাৰ নামাজ বজোৱা হ’ল।

PHOTO • Umesh Kumar Ray
PHOTO • Shreya Katyayini

অজয় পাছোৱান (বাওঁফালে) আৰু তেওঁৰ দুই বন্ধুই বিহাৰৰ নালন্দা জিলাস্থিত তেওঁলোকৰ গাঁৱৰ মছজিদটো চোৱাচিতা কৰাৰ দায়িত্ব লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গাঁৱৰ বুঢ়া-মেথাই কয় যে বহুশতিকা জুৰি গাঁৱৰ যিকোনো উৎসৱ-পাৰ্বণ, সেয়া লাগিলে হিন্দুৰেই হওঁক, সদায় সেই মছজিদ আৰু মাজাৰৰ পৰাই আৰম্ভ হৈছিল

মাৰি গাঁৱত মুছলমান মানুহ নাই। কিন্তু মছজিদটো আৰু মাজাৰৰ দায়িত্ব পালন কৰি আহিছে অজয়, বাখোৰি আৰু গৌতমে। তিনিওজনেই হিন্দু।

“এই মাজাৰ আৰু মছজিদৰ সৈতে আমাৰ বিশ্বাস জৰিত হৈ আছে,” জানকি পণ্ডিতে কয়। “৬৫ বছৰ আগতে আমি যেতিয়া ইয়ালৈ বিয়া হৈ আহিছিলো, প্ৰথম আঠু লৈছিলো এই মছজিদতে। তাৰপিছত আমাৰ (হিন্দু) দেৱ-দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছিলো,” গাওঁখনৰ ৮২ বৰ্ষীয় বাসিন্দাগৰাকীয়ে কয়।

বগা আৰু সেউজীয়া ৰঙৰ মছজিদটো মূল ৰাস্তাৰ পৰা দেখা পোৱা যায়। প্ৰতিবাৰ বাৰিষা ৰংবোৰ উৱলি যায়। চাৰিফুটৰ সীমাৰ পকী বেৰখনে মছজিদ আৰু মাজাৰৰ চৌহদটোক সুৰক্ষা দিছে। কাঠৰ ডাঙৰ প্ৰৱেশদ্বাৰখন পাৰ হৈ গ’লে মছজিদটোৰ বহল চোতালখন পাব। মছজিদৰ ভিতৰত কোৰানৰ এখন হিন্দী সংস্কৰণ আৰু নামাজ আদায়ৰ নিয়মাৱলী থকা সচ্ছী নামাজ নামৰ পুস্তিকা এখন আছে।

“আমাৰ গাঁৱৰ দৰাই প্ৰথমে মছজিদ আৰু মাজাৰত মুৰ দোৱাব লাগিব, তাৰপিছতহে আমাৰ হিন্দু দেৱ-দেৱীলৈ সেৱা জনায়,” চৰকাৰী স্কুল এখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক পণ্ডিতে কয়। গাঁৱৰ বাহিৰৰ পৰা বৰযাত্ৰী আহিলেও, “দৰাই প্ৰথমে মছজিদত মুৰ দোৱায়। তাত সেৱা জনোৱাৰ পিছতহে দৰাক মন্দিৰলৈ আগবঢ়াই নিয়া হয়। এয়া এক বাধ্যতামূলক পৰম্পৰা।” স্থানীয় লোকে মাজাৰত মুৰ দোৱায় আৰু কিবা মনোবাঞ্চা পুৰণ হ’লে এখন চাদৰ আগবঢ়ায়।

PHOTO • Shreya Katyayini
PHOTO • Umesh Kumar Ray

মাৰি মছজিদটো ১৫ বছৰ আগতে তিনি ডেকাল’ৰা - অজয় পাছোৱান, বাখোৰি বিন্দ আৰু গৌতম প্ৰদাসে পুনৰুদ্ধাৰ কৰিছিল। তেওঁলোকে হাবি-বন কাটি, মছজিদটো মোকলাই সন্মুখত পোহৰৰ ব্যৱস্থা কৰি মঞ্চ এখন বনাইছিল। মছজিদৰ ভিতৰত কোৰানৰ হিন্দী অনুবাদ (সোঁফালে) আৰু নামাজ আদায়ৰ নিয়ম থকা পুস্তিকা এখন আছে

PHOTO • Shreya Katyayini
PHOTO • Shreya Katyayini

মাজাৰটো (বাওঁফালে) চুফী সন্ত হজৰত ইছমাইলৰ বুলি কোৱা হয়। সন্তজন আহিছিল কমেও তিনিশতিকা পূৰ্বে আৰবৰ পৰা। চৰকাৰী স্কুল এখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক জানকি পণ্ডিত (সোঁফালে)য়ে কয়, ‘এই মছজিদ আৰু মাজাৰৰ সৈতে আমাৰ বিশ্বাস জৰিত হৈ আছে, আমি ইয়াক সুৰক্ষা দি আহিছো’

পঞ্চাশ বছৰ আগতে মাৰি গাঁৱত কেইঘৰমান মুছলমান সম্প্ৰদায়ৰ লোক আছিল। বিহাৰ চৰিফৰ ১৯৮১ৰ কুখ্যাত সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত তেওঁলোকে ঘৰ-বাৰি এৰি গুছি যায়। তাড়ি (তাল বা খেজুৰ ৰস)ৰ দোকান এখনৰ বাবে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত হোৱা এক বিবাদক লৈ সূত্ৰপাত ঘটা এপ্ৰিলৰ সেই সংঘৰ্ষত ৮০ জন লোকে প্ৰাণ হেৰুৱাইছিল।

মাৰি গাওঁখনক সেই সংঘৰ্ষই স্পৰ্শ কৰা নাছিল যদিও অঞ্চলটোৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত সংশয়ৰ ভাৱ সোমাল। তেওঁলোকে ক্ৰমান্বয়ে সেই ঠাই এৰি ওচৰৰে মুছলমান অধ্যুষিত গাওঁ-চহৰলৈ উঠি গ’ল।

তেতিয়া অজয়ৰ জন্ম হোৱা নাছিল, তেওঁ জনায়, “মানুহে কয় যে মুছলমানসকলে গাওঁ এৰি গুছি গৈছিল। কিয় এৰি গৈছিল, কোনোৱে মোক কোৱা নাছিল, কি হৈছিল তাকো কোৱা নাছিল। কিন্তু যি হৈ গ’ল, সেয়া ভাল হোৱা নাছিল,” এনেকৈ ঘৰ-বাৰী এৰি যাবলগীয়া পৰিস্থিতিটোৰ বিষয়ে তেওঁ কয়।

গাওঁখনৰ পূৰ্বৰ বাসিন্দা ছাহাবুদ্দিন আনছাৰিয়ে সন্মতি দি কয়: “সেয়া আছিল এজাক ধুমুহা যিয়ে সকলো সলনি কৰি পেলাইছিল।”

১৯৮১ত ঘৰ-বাৰী এৰি গুছি যোৱা তেতিয়াৰ ২০ ঘৰমান পৰিয়ালৰ মাজত আনছাৰীৰ পৰিয়ালটোও আছিল। “আনছাৰীয়ে সেই সময়ত বিড়ি বনোৱা কাম কৰিছিল। সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ দিনা তেওঁ বিড়ি বনোৱা সামগ্ৰী আনিবলৈ গৈছিল। ঘূৰি আহোতে তেওঁ মাৰিৰ মুছলমান পৰিয়ালবোৰক খবৰটো দিছিল,” ছাহাবুদ্দিনে কয়।

PHOTO • Umesh Kumar Ray
PHOTO • Umesh Kumar Ray

মাৰি গাঁৱত ছাহাবুদ্দিন (বাওঁফালে) আৰু ছাহাবুদ্দিন আনছাৰী (সোঁফালে)। আনছাৰীয়ে কয় কেনেকৈ হিন্দু মানুহ এজনে তেওঁক ডাকোৱালৰ কামটো পোৱাত সহায় কৰি দিছিল। মুছলমান সম্প্ৰদায়ৰ লোকে ততাতয়াকৈ ঘৰ এৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা ১৯৮১ৰ সংঘৰ্ষৰ কথা ছাহাবুদ্দিনৰ মনত আছে, মই তাত হিন্দু পৰিয়াল এঘৰত আশ্ৰয় লৈছিলো, কিন্তু মা-দেউতাক বিহাৰ ছৰিফলৈ পঠিয়াই দিছিলো। সেয়া আছিল এজাক ধুমুহা, যিয়ে সকলো সলনি কৰি পেলাইছিল

বিশ বছৰমান বয়সত ছাহাবুদ্দিনে গাওঁখনৰ ডাকোৱাল হিচাপে চাকৰিত সোমায়। তেওঁৰ পৰিয়ালটো গাওঁখনৰ পৰা ওলাই অহাৰ পিছত তেওঁ বিহাৰ ছৰিফ চহৰত পাচলিৰ দোকান এখন চলাবলৈ লয়। তেওঁলোকে হঠাতে গাওঁ এৰিবলগীয়া হৈছিল যদিও “গাওঁখনত তেওঁলোকক কোনেও একো বৈষম্যমূলক আচৰণ কৰা নাছিল। কত যুগ ধৰি আমি সম্প্ৰীতিৰে জীয়াই আছিলো। পৰস্পৰৰ মাজত একো সমস্যাৰ সৃষ্টি হোৱা নাছিল।”

তেওঁ পুনৰাই কয় যে মাৰি গাঁৱত আগতেই হিন্দু-মুছলমানৰ শত্ৰুতা নাছিল, এতিয়াও নাই। “মাৰিলৈ গ’লে বহু হিন্দু পৰিয়ালে মোক তেওঁলোকৰ ঘৰত ভাত এসাজ খাবলৈ মাতে। এনেকুৱা এঘৰ মানুহ নাই, যিয়ে মোক খাবলৈ নামাতে,” মছজিদ আৰু মাজাৰটো গাওঁবাসীয়ে চোৱাচিতা কৰি থকা বুলি জানি সন্তোষ প্ৰকাশ কৰি ৬২ বৰ্ষীয় ছাহাবুদ্দিনে কয়।

বেন ব্লকত থকা মাৰি গাওঁখনৰ জনসংখ্যা প্ৰায় ৩,৩০৭ ( ২০১১ৰ লোকপিয়ল অনুসৰি)। তাৰে প্ৰায়ভাগ লোকেই দলিত আৰু পিছপৰা শ্ৰেণীৰ। মছজিদটোৰ চোৱাচিতা কৰা অজয় এগৰাকী দলিত সম্প্ৰদায়ৰ লোক। বাখোৰি বিন্দ অতিকৈ পিছপৰা শ্ৰেণীৰ (ইবিচি) আৰু গৌতম প্ৰসাদ অনান্য পিছপৰা শ্ৰেণীৰ লোক।

“এয়াই গংগা-যমুনা টেহজিব (মিশ্ৰিত সংস্কৃতি)ৰ উৎকৃষ্টি নিদৰ্শন,” মহম্মদ খালিদ আলম ভুট্টোৱে কয়। গাওঁখনৰ প্ৰাক্তন বাসিন্দা ৬০ বৰ্ষীয় ভুট্টোৱেও সেই সময়ত বিহাৰ ছৰিফ চহৰলৈ উঠি আহিছিল। “মছজিদটো ২০০ বছৰৰ অধিক পুৰণি। তাৰ লগত সংলগ্ন মাজাৰটো তাতোকৈ পুৰণি,” তেওঁ জনায়।

“সমাধিস্তম্ভটো হজৰত ইছমাইলৰ। আৰবৰ পৰা মাৰি গাঁৱলৈ অহা এগৰাকী সন্ত। এয়া জনবিশ্বাস যে সন্তগৰাকী গাওঁখনলৈ অহাৰ আগতে কেবাবাৰো প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী আৰু অগ্নিকাণ্ডই গাওঁখন তচনচ কৰিছিল। কিন্তু সন্তগৰাকীৰ আগমনৰ পিছত প্ৰাকৃতিক দুৰ্যোগ নাইকিয়া হ’ল। সন্তগৰাকীৰ মৃত্যুৰ পিছত তাত সমাধিস্তম্ভ নিৰ্মাণ কৰা হয় আৰু গাওঁখনৰ হিন্দু লোকসকলে পুজা কৰিবলৈ লয়,” তেওঁ কয়। “সেই পৰম্পৰা এতিয়াও অটুট আছে।”

PHOTO • Umesh Kumar Ray
PHOTO • Shreya Katyayini

অজয় (বাওঁফালে) আৰু তেওঁৰ বন্ধুসকলে আজান দিয়াৰ বাবে মানুহ এজন ৰাখিছে। দিনহাজিৰাৰ পইচাৰ পৰাই তেওঁলোকে মানুহজনক মাহে ৮,০০০ টকা দৰমহা দিয়ে। সোঁফালে: “এয়াই গংগা-যমুনা টেহজিব (মিশ্ৰিত সংস্কৃতি)ৰ উৎকৃষ্টি নিদৰ্শন,” মাৰি গাঁৱৰ প্ৰাক্তন বাসিন্দা মহম্মদ খালিদ আলম ভুট্টোৱে কয়

তিনিবছৰ আগতে হোৱা ক’ভিড মহামাৰী আৰু তাৰ ফলত দিয়া লকডাউনৰ ফলত অজয়, বাখোৰি আৰু গৌতমে মাৰিত কাম নোপোৱা হ’ল। সেয়ে তেওঁলোকে বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰিলে। গৌতমে ইছলামপুৰত (৩৫ কিলোমিটাৰ দূৰৰ) কোচ্চিং চেণ্টাৰ এটা চলায় আৰু বাখোৰি চেন্নাইৰ এগৰাকী ৰাজমিস্ত্ৰী, আনহাতে অজয়ে বিহাৰ ছৰিফলৈ কামৰ সন্ধানত ওলাই যায়।

তিনিওগৰাকীয়ে এনেকৈ জীৱিকাৰ তাড়নাত ওলাই যোৱাত মছজিদটোৰ চোৱাচিতাত ব্যাঘাত জন্মিছে। ২০২৪ৰ ফেব্ৰুৱাৰীত মছজিদত আজান বন্ধ হৈ যোৱাত তেওঁ আজান দিয়াৰ বাবে এজন মোৱাজ্জিন বিচাৰি উলিয়ালে। “মোৱাজ্জিনজনৰ কাম হৈছে দিনে পাঁচবাৰ আজান দিয়া। আমি (তিনিও মিলি) তেওঁক মাহে ৮,০০০ টকা দিও আৰু গাওঁখনত থাকিবলৈ তেওঁক এটা কোঠালী দিছো,” তেওঁ কয়।

অজয়ে যিমানদিনলৈ জীয়াই আছে, সিমানদিনলৈ মছজিদ আৰু মাজাৰটো সুৰক্ষিত কৰি ৰখাৰ পণ লৈছে। “মৰাৰ পিছত মানুহে যি কৰে কৰিব, কিন্তু মই জীয়াই থকালৈকে কাকো তাৰ (মছজিদটোৰ) ক্ষতি কৰিবলৈ নিদিও।

এই ষ্ট ’ৰিটো বিহাৰৰ উপান্ত শ্ৰেণীৰ কাৰণে সংগ্ৰাম কৰা এগৰাকী ট্ৰেড ইউনিয়নিষ্টৰ স্মৃতিত প্ৰদান কৰা ফেল’শ্বিপৰ অধীনত কৰা হৈছে

অনুবাদ: পংকজ দাস

Text : Umesh Kumar Ray

Umesh Kumar Ray is a PARI Fellow (2022). A freelance journalist, he is based in Bihar and covers marginalised communities.

Other stories by Umesh Kumar Ray
Photos and Video : Shreya Katyayini

Shreya Katyayini is a filmmaker and Senior Video Editor at the People's Archive of Rural India. She also illustrates for PARI.

Other stories by Shreya Katyayini
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das