স্থানীয় ডাকঘৰটোৰ খিৰিকিখন খোল খাইছিল আৰু আমাক আহি থকা দেখি ডাকোৱালগৰাকীয়ে খিৰিকিৰে আমালৈ চাইছিল।

হাঁহি এটি মাৰি ৰেণুকাই আমাক ডাকঘৰলৈ সোমাবলৈ ইংগিত দিলে। কাগজ আৰু চিয়াহীৰ গোন্ধেৰে ভৰি আছে একোঠলীয়া ঘৰটো। তেতিয়া তেওঁ দিনটোত অহা শেষৰ চিঠিখন বিচৰাত ব্যস্ত। হাঁহি মাৰি তেওঁ আমালৈ চাই ক’লে, 'আহক, আহক। ইয়াতে বহক।’’

বাহিৰত বতৰৰ বিপৰীতে ডাকঘৰটোৰ ভিতৰটো যথেষ্ট শীতল। খিৰিকিখনেৰে ফিৰফিৰিয়া বতাহ সোমাই আহিছে। বগা দেৱালখনৰ ইফালে-সিফালে হাতেৰে তৈয়াৰী হৰেক ৰকমৰ পোষ্টাৰ, মেপ আদি লগাই থোৱা আছে। সৰু কোঠাটো যথেষ্ট পৰিপাটি আৰু সুন্দৰকৈ সজাই থোৱা আছে। কোঠাটোৰ অধিকাংশ ঠাই আগুৰি আছে এখন ডেস্ক আৰু খোলা খলপযুক্ত আলমাৰীয়ে।

৬৪ বছৰীয়া ৰেণুকাপ্পা টুমকুৰ জিলাৰ দেৱেৰায়পাটনা এগৰাকী গ্ৰামীণ ডাক সেৱক আৰু তেওঁ ৬খনকৈ গাঁৱৰ দায়িত্বত আছে।

গাঁৱলীয়া এই ডাকঘৰটো খোলা ৰখাৰ চৰকাৰী সময় হৈছে পুৱা ৮.৩০ বজাৰ পৰা দিনৰ ১ বজা, কিন্তু একমাত্ৰ কৰ্মচাৰী ৰেণুকা প্ৰসাদে প্ৰায়েই পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে কাম কৰিবলগীয়া হয়। ''চাৰে চাৰিঘণ্টাত সকলো কাম সম্পূৰ্ণ কৰাতো সম্ভৱ নহয়,’’ ডাকোৱালগৰাকীয়ে কয়।

Renuka at work as a Gramin Dak Sevak (Rural Postal Service) in his office in Deverayapatna town in Tumkur district; and six villages fall in his jurisdiction
PHOTO • Hani Manjunath

টুমকুৰ জিলাৰ দেৱেৰায়াপাটনা চহৰত থকা নিজৰ কাৰ্যালয়ত গ্ৰামীণ ডাক সেৱক হিচাপে কৰ্মৰত ৰেণুকাই; তেওঁ ৬খন গাঁও চোৱা-চিতা কৰে

টুমকুৰ মহকুমাৰ অন্তৰ্গত কাষৰীয়া গাঁও বেলাগুম্বা গাঁৱৰ পৰা চিঠি-পত্ৰ, আলোচনী আৰু নথি-পত্ৰৰে ভৰা ডাকবেগটো পুৱাৰ ভাগত আহি পোৱাৰ লগে লগে ডাকোৱাগৰাকীৰ কাম আৰম্ভ হয়। প্ৰথমে তেওঁ সকলোবোৰ পঞ্জীয়ন কৰে আৰু তাৰ পিছত প্ৰতিদিনে ২মান বজাত সেয়া নিৰ্দিষ্ট ঠিকনাবোৰত দিবলৈ বুলি ওলাই যায়। তেওঁ চিঠিৰ বোজা লৈ যোৱা গাঁওকেইখন হৈছে দেৱেৰায়পাটনা, মৰনায়কাপাল্য, প্ৰশান্তনগৰা, কুন্দুৰু, বন্দেপাল্য আৰু শ্ৰীনগৰা। অটাইকেইখন গাঁও ডাকঘৰটোৰ পৰা ৬ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আছে। তেওঁ পত্নী ৰেণুকাম্বাৰ সৈতে বাস কৰে। তেওঁলোকৰ তিনিগৰাকী কন্যা আছে আৰু আটাইকেইগৰাকীয়েই বিয়া-বাৰু হৈ গৈছে।

তেওঁ আমাক চিঠিৰ বোজা লৈ যোৱা গাঁওবোৰৰ হাতেৰে অংকিত মেপ দেখুৱালে, মেপখনত ডাকঘৰটোৰ পৰা কোনখন গাঁও কিমান দূৰৈত তাৰো স্পষ্ট ধাৰণা সুন্দৰকৈ পাব পৰা ব্যৱস্থা আছে। ওচৰতে থকা গাঁওখন হৈছে ২ কিলোমিটাৰ পূবে থকা মৰনায়কাপাল্য। আনকেইখন গাঁও প্ৰশান্তনগৰা ২.৫ কিলোমিটাৰ পশ্চিমে, কুন্দুৰু, বন্দেপাল্য ক্ৰমে ৩ কিলোমিটাৰ উত্তৰে আৰু দক্ষিণে আৰু শ্ৰীনগৰালৈ ৫ কিলোমিটাৰ দূৰত্ব।

ৰেণুকাপ্পা ডাকঘৰটোৰ একমাত্ৰ ডাকোৱাল যিয়ে নেকি ৰ’দ-বৰষুণকো নেওচি সদায়েই চিঠি-পত্ৰ সময়মতে নিৰ্দিষ্ট ঠিকনাত দি আহিছে। কোনো গল্প বা চিনেমাৰ কাহিনীৰ দৰেই ডাকঘৰটোৰ অন্তৰ্গত গাঁওকেইখনত তেওঁ পুৰণি চাইকেল এখনেৰে চিঠি-পত্ৰ বিলাই আহিছে। চিঠিৰ বোজা কঢ়িয়াই চাইকেলখন লৈ ওলাই যাওতে তেওঁক চাবলৈ দৌৰি অহা সকলোকে তেওঁ হাঁহিৰে সম্ভাষণ জনায়।

'ৰেণুকাপ্পা, আমাৰ ঘৰত আজি পূজা আছে, এপাক দেখা দিব!’ তেওঁৰ ঘৰৰ সমুখেৰে পাৰ হৈ যোৱা এগৰাকী মহিলাই তেওঁক এনেকৈ নিমন্ত্ৰণ দি গৈছে। মহিলাগৰাকীলৈ চাই তেওঁ মূৰ দুপিয়াই সন্মতি জনায়। গাঁৱৰ আন এগৰাকী লোকে তেওঁক দেখি দূৰৈৰ পৰাই চিঞৰি মাত লগাইছে আৰু হাত জোকাৰি সম্ভাষণ জনাইছে। মানুহজনলৈ চাই ৰেণুকাপ্পায়ো প্ৰতি অভিবাদন জনাইছে। এয়া হৈছে গাঁওবাসীৰ সৈতে থকা তেওঁৰ আন্তৰিক সম্পৰ্কৰ নিদৰ্শন।

Renuka travels on his bicycle (left) delivering post. He refers to a hand drawn map of the villages above his desk (right)
PHOTO • Hani Manjunath
Renuka travels on his bicycle (left) delivering post. He refers to a hand drawn map of the villages above his desk (right)
PHOTO • Hani Manjunath

ৰেণুকাই চাইকেলেৰে (বাওঁফালে) চিঠি-পত্ৰ বিতৰণ কৰে। তেওঁ নিজৰ ডেস্কৰ ওচৰতে থকা গাঁওবোৰৰ হাতেৰে অংকন কৰা মানচিত্ৰখন দেখুৱাইছে (সোঁফালে)

প্ৰতিদিনে তেওঁ চিঠি-পত্ৰ বিলাবলৈ ১০ কিলোমিটাৰ দূৰত্ব অহা-যোৱা কৰে। চিঠি-পত্ৰ বিতৰণৰ শেষত তেওঁ সকলো হিচাপ উৱলি যোৱা নোটবুকটোত লিখি ৰখাতো বাধ্যতামূলকসদৃশ। ৰেণুকাপ্পাই কয় যে ইণ্টাৰনেটৰ যুগত এতিয়া চিঠি-পত্ৰৰ সংখ্যা কমি আহিছে। ''কিন্তু আলোচনী, বেংকৰ নথি আদি যোৱা কেইবছৰমানত যথেষ্ট বাঢ়িছে, সেয়ে মোৰ কামো বৃদ্ধি পাইছে,’’ তেওঁ কয়।

তেওঁৰ দৰে গ্ৰামীণ ডাক সেৱকসকলে প্ৰতিদনেই বিভাগৰ অতিৰিক্ত কাম কৰিবলগীয়া হয়, কিন্তু পেঞ্চনটো দূৰৰে কথা নিয়মীয়া ভাট্টাৰ ক্ষেত্ৰতেই সমস্যাৰ সন্মুখীন হৈ আহিছে। তেওঁলোকে সকলো কামেই কৰিবলগীয়া হয়, যেনে ডাকটিকট তথা আন সামগ্ৰীৰ বিক্ৰী, চিঠি-পত্ৰৰ বিতৰণ আদি। নিয়মীয়া অসামৰিক সেৱাৰ অংশ যদিও তেওঁলোক কেন্দ্ৰীয় অসামৰিক সেৱা  (পেঞ্চন) অধিনিয়ম, ২০২১ৰ অন্তৰ্গত নহয়। সম্প্ৰতি চৰকাৰে তেওঁলোকৰ বাবে  ২০১১ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ছাৰ্ভিচ ডিছচাৰ্জ বেনিফিট স্কিম প্ৰদানৰ বাদে পেঞ্চনৰ সুবিধা দিয়াৰ বিষয়ে কোনো চিন্তা-চৰ্চা কৰা নাই।

অৱসৰৰ পিছত ৰেণুকাপ্পাই তেওঁৰ মাহিলি দৰমহা ২০,০০০ টকা পোৱাতো বন্ধ হৈ যাব কিয়নো এই ক্ষেত্ৰত পেঞ্চনৰ কোনো ব্যৱস্থা নাই। ''আমাৰ দৰে ডাকোৱালসকলে কিবা এটা হোৱাৰ আশাত কিমান দিন যে অপেক্ষা নকৰিলো তাৰ ঠিক নাই। আমাৰ কষ্টৰ মূল্য কোনোবাই বুজি পোৱাতো আজিও আমি বিচাৰো। আন পেঞ্চনধাৰীসকলে যিধৰণে পইছা পাই আহিছে আমাক সিমান নালাগে, আমাক এহেজাৰ, দুহেজাৰ কিবা এটা দিয়াৰ ব্যৱস্থা কৰিলেও সেয়াই যথেষ্ট হ’ব,’’ তেওঁ কয়। ''এইবোৰ সলনি হোৱাৰ আগেই মই হয়তো অৱসৰেই ল’ম,’’ উদাস হৈ তেওঁ কয়।

Renuka covers 10 km on an average day, delivering post
PHOTO • Hani Manjunath
Renuka covers 10 km on an average day, delivering post
PHOTO • Hani Manjunath

ৰেণুকাই চিঠি-পত্ৰ বিতৰণ কৰিবলৈ প্ৰতিদিনে ১০ কিলোমিটাৰ অহা-যোৱা কৰে

Renuka's stamp collection, which he collected from newspapers as a hobby.
PHOTO • Hani Manjunath

ৰেণুকাৰ ডাকটিকটৰ সংগ্ৰহ, হবি হিচাপে তেওঁ বাতৰি কাকতৰ পৰা সংগ্ৰহ কৰিছিল

দেৱালত লেমিনেট কৰি লগাই থোৱা এখন সৰু পোষ্টাৰলৈ আঙুলিয়াই সেই বিষয়ে সোধাত তেওঁৰ মনটো ফৰকাল যেন হৈ পৰে। ''এই পোষ্টাৰখন মোৰ ভাল লাগে। এই পোষ্টাৰখনক মই অঞ্চেচিটি বুলি কও,’’ তেওঁ কয়।

''এয়া মোৰ বাবে হবি হৈ পৰিছে। কেইবছৰমান আগতে বাতৰিকাকতে বিখ্যাত কবি, স্বাধীনতা সংগ্ৰামী আৰু আন বিখ্যাত ব্যক্তিৰ ডাকটিকট মুকলি কৰিবলৈ লৈছিল।’’ সেয়ে ৰেণুকাই বাতৰিকাকতৰ পৰা কাটি সেইবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। ''পিছৰ ডাকটিকটটোৰ বাবে মই অধীৰ অপেক্ষাৰে ৰৈ আছিলো আৰু সেই অপেক্ষা মোৰ বাবে বহুত ভাললগা আছিল।’’

এই ছেগতে আমি টিভিএছ একাডেমী, টুমকুৰৰ শিক্ষাগুৰু শ্বেতা সত্যনাৰায়ণক আমাক কৰা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। পাৰি এডুকেশ্যনে এইসকল শিক্ষাৰ্থীৰ সৈতে একেলগে কাম কৰিছে, তেওঁলোক হৈছে- আদিত্য, আস্থা, দ্ৰুতি, দিব্যাশ্ৰী, কুশি জৈন, নেহা, প্ৰণিত, প্ৰান্তি এছ, প্ৰাঞ্জলা, সংহিতা, গুণোত্তম, পৰিণীতা, নিৰুতা আৰু উৎসৱ।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Student Reporter : Hani Manjunath

Hani Manjunath is a student of TVS Academy, Tumkur.

Other stories by Hani Manjunath
Editor : PARI Education Team

We bring stories of rural India and marginalised people into mainstream education’s curriculum. We also work with young people who want to report and document issues around them, guiding and training them in journalistic storytelling. We do this with short courses, sessions and workshops as well as designing curriculums that give students a better understanding of the everyday lives of everyday people.

Other stories by PARI Education Team
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari