জীয়েকৰ মৰ্মান্তিক মৃত্যুৰ পাঁচটা বছৰত কান্তা ভিসেৰ অন্তৰত জ্বলি থকা ক্ষোভৰ জুইকুৰাই তেওঁক কথা ক’বলৈ অধিক দৃঢ়মনা কৰিছে। কান্তাৰ জীয়েক মোহিনীয়ে ২০১৬ৰ ২০ জানুৱাৰীত আত্মহত্যা কৰে। কান্তাই কয়ে যে “আমাৰ দৰিদ্ৰতাই মোৰ ছোৱালীজনীৰ জীৱন কাঢ়ি নিলে।”

মৃত্যুৰ সময়ত ১৮ বছৰ বয়সৰ মোহিনী দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আছিল। মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ ভিসে ৱাঘ’লি গাঁৱৰ ৪২ বছৰীয়া কান্তাই কয়, “দ্বাদশ শ্ৰেণীৰ পিছত তাইক আৰু পঢ়োৱাটো আমাৰ বাবে সম্ভৱপৰ নাছিল। সেয়েহে আমি তাইৰ বাবে উপযুক্ত দৰাৰ সন্ধান কৰিবলৈ ল’লো।”

বিয়া মানে সাংঘাতিক খৰচ, কান্তা আৰু তেওঁৰ ৪৫ বছৰীয়া স্বামী পাণ্ডুৰংগ চিন্তাত পৰে। “মই আৰু মোৰ স্বামীয়ে খেতি পথাৰত মজদুৰৰ কাম কৰো। আমাৰ এনে লাগিছিল যেন মোহিনীৰ বিয়াৰ বাবে প্ৰয়োজন হোৱা ধন গোটোৱাটো অসম্ভৱ। সেই সময়ত যৌতুকৰ হাৰো প্ৰায় ১ লাখ টকা আছিল।”

ভিসে দম্পত্তিয়ে ইতিমধ্যেই ২.৫ লাখ টকাৰ এটা ঋণ পৰিশোধ কৰি আছিল, যিটো তেওঁলোকে মাহে ৫ শতাংশ সুদৰ হাৰত এক ব্যক্তিগত ঋণদাতাৰ পৰা লৈছিল। সেই ধন তেওঁলোকে ২০১৩ চনত তেওঁলোকৰ ডাঙৰ জীয়াৰী অশ্বিনীৰ বিয়াৰ বাবে লৈছিল। মোহিনীৰ বিয়াৰ বাবে তেওঁলোকৰ ওচৰত মাটি বেচাৰ বাহিৰে আন কোনো উপায় নাছিল, তাৰ পৰা ২ লাখ মান টকা আহিলহেঁতেন।

ভিসে ৱাঘ’লিত থকা তেওঁলোকৰ এক একৰ মাটিত খেতি কৰা নহৈছিল। “তাত পানী যোগানৰ কোনো ব্যৱস্থা নাছিল আৰু আমাৰ এলেকাটোত সদায় খৰাং পৰিছিল,” কান্তাই বিৱৰি কয়। ২০১৬ত আনৰ পথাৰত কাম কৰি তেওঁ দৈনিক ১৫০ টকা মজুৰি পাইছিল। আনফালে পাণ্ডুৰংগই ৩০০ টকা পাইছিল। তেওঁলোকৰ মাজত মাহে মুঠতে ২০০০ৰ পৰা ৪০০০ হাজাৰ টকা উপাৰ্জন হৈছিল।

ভিডিঅ চাওকঃ আমাৰ দৰিদ্ৰতাই মোৰ ছোৱালীজনীৰ জীৱন কাঢ়ি নিলে

এদিন ৰাতি মোহিনীয়ে কান্তা আৰু পাণ্ডুৰংগৰ মাজত হোৱা মাটি বিক্ৰী সম্পৰ্কীয় কথা-বতৰা শুনিলে। তাৰ কিছুদিন পিছতেই তাই আত্মঘাতী হ’ল। “আমি পথাৰৰ কামত লাগি থাকোতেই তাই চিপজৰী ল’লে।”

এৰি থৈ যোৱা চিঠিত মোহিনীয়ে লিখিছিল যে তাই তাইৰ ঋণত ডুবি থকা পিতৃক বিয়াৰ খৰছৰ পৰা মুক্তি দিব বিচাৰিছিল। লগতে তাই প্ৰচলিত যৌতুক প্ৰথাৰো বিৰোধিতা কৰি তাৰ অন্ত পেলাবলৈ অনুৰোধ জনাইছিল। মোহিনীয়ে চিঠিত মাক-দেউতাকক তাইৰ অন্ত্যেষ্টিক্ৰিয়াত খৰছ কৰাৰ সলনি তাইৰ ভায়েক-ভনীয়েক - নিকিতা আৰু অনিকেতৰ শিক্ষাৰ নামত খৰছ কৰিবলৈ কয়, সেই সময়ত দুয়োজনে ক্ৰমে সপ্তম আৰু নৱম শ্ৰেণীত পঢ়ি আছিল।

তাইৰ মৃত্যুৰ পিছত বহুতো ৰাজনৈতিক নেতা, চৰকাৰী কৰ্মচাৰী, মিডিয়াৰ মানুহ আৰু তাৰকা আহিছিল বুলি কান্তাই জনায়। “তেওঁলোক সকলোৱেই আমাক আশ্বাস দিছিল যে তেওঁলোকে আমাৰ ল’ৰা-ছোৱালীকেইটাৰ শিক্ষাৰ ব্যৱস্থা কৰিব। চৰকাৰী বিষয়াসকলে এয়াও কৈছিল যে এক চৰকাৰী আঁচনিৰ [প্ৰধান মন্ত্ৰী আৱাস যোজনা] অধীনত আমি সোনকালেই এটা ঘৰ পাম।” মাত্ৰ এটা পকা ঘৰেই নহয় বুলি পাণ্ডুৰংগে লগতে কয় “আমাক কৈছিল যে চৰকাৰী আঁচনিৰ জৰিয়তে আমি বিদ্যুত সংযোগ আৰু এটা এলপিজি গেছৰ সংযোগো পাম। এতিয়ালৈকে আমি তাৰে একোৱে পোৱা নাই।”

ভিসে ৱাঘ’লিৰ দাঁতিত থকা তেওঁলোকৰ কেঁচা ঘৰটো কোনোমতে ভাঙি নপৰাকৈ ইটাৰে গঁথা। “মজিয়া বুলিবলৈ নাই, প্ৰায়েই সাপ আৰু নাইপিয়া ঘৰত সোমায়। আমাৰ ল’ৰা-ছোৱালীহাল শান্তিত যাতে শুব পাৰে, তাৰবাবে আমি সাৰে থাকো,” কান্তাই কয়। “আমাৰ ওচৰলৈ অহা সেই মানুহবোৰক আমি যোগাযোগ কৰিবৰ চেষ্টা কৰিলো যদিও তেওঁলোকে দুনাইবাৰ আমাৰ লগত কথা নাপাতিলে।”

Mohini Bhise was only 18 when she died by suicide
PHOTO • Ira Deulgaonkar

আত্মঘাতী হোৱাৰ সময়ত মোহিনী ভিসেৰ বয়স আছিল মাত্ৰ ১৮ বছৰ

এৰি থৈ যোৱা চিঠিত মোহিনীয়ে লিখিছিল যে তাই তাইৰ ঋণৰ বোজাত ডুবি থকা পিতৃক বিয়াৰ খৰছৰ পৰা মুক্তি দিব বিচাৰিছিল। লগতে তাই প্ৰচলিত যৌতুক প্ৰথাৰো বিৰোধিতা কৰি তাৰ অন্ত পেলাবলৈ অনুৰোধ জনাইছিল

তেওঁলোকৰ দৈনন্দিন জীৱন এক সংগ্ৰাম হৈয়ে থাকি গ’ল। “আমাৰ দৈনন্দিন দুখ-দুৰ্গতিৰ কথা বৰ্ননাতীত। সমস্যাই আমাক জুমুৰি দি ধৰিছে,” কান্তাই কয়। খৰাঙৰ বাবে ২০১৬ৰ পৰা তেওঁলোকে গাঁৱত কমেইহে কাম পায়। “২০১৪ৰ পৰা দৈনিক মজুৰি একেই আছে, কিন্তু অত্যাৱশ্যকীয় বস্তুবোৰৰ দাম একেই আছে জানো?”

তেওঁলোকৰ উপাৰ্জনৰ পৰা কান্তাই তেওঁৰ ডায়েবেটিছ চিকিৎসাৰ বাবে মাহে ৬০০ টকা আচুতীয়াকৈ ৰাখে। তেওঁ আৰু পাণ্ডুৰংগ দুয়োৱেই ২০১৭ৰ পৰা ৰক্তচাপৰ সমস্যাত ভূগি আছে। “আমাৰ স্বাস্থ্যৰ যত্ন চৰকাৰে নলয় কিয়?” কান্তাই খঙেৰে কয়। “সাধাৰণ জ্বৰৰ ঔষধৰ দাম ৯০ টকাতকৈ কম নহয়। আমাৰ দৰে মানুহে কিছু ৰেহাই পাব নালাগেনে?”

তেওঁ কয় যে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত তেওঁলোকে পোৱা ৰেচন বহুত বেয়া মানৰ। “আমি [ৰেচন কাৰ্ড থকাসকল] পোৱা ঘেঁহু আৰু চাউল ইমান বেয়া যে বহুলোকে সেইবোৰ আকৌ বজাৰৰ পৰা কিনিব লগা হয়। আমাৰ দৰে যি কিনি খাব নোৱাৰে তেওঁলোকে কি কৰিব?” সমাজকল্যাণ আঁচনিবোৰ আমি ঢুকি নাপাও, আকৌ ঢুকি পালেও তেওঁলোকে মানুহক সহায় নকৰে, তাই মোখনি মাৰে।

কিন্তু খৰাংপীড়িত মাৰাঠৱাড়া অঞ্চলত থকা লাটুৰৰ মানুহখিনিক সকলো ধৰণৰ সহায়ৰ প্ৰয়োজন। অঞ্চলটোত বছৰ বছৰ ধৰি চলি থকা কৃষি সংকটে মানুহখিনিক দৰিদ্ৰ আৰু ঋণগ্ৰস্ত কৰি তুলিছে। কোনো ধৰণৰ সাহায্য ব্যৱস্থাই তেওঁলোকৰ সমস্যা দূৰ কৰিব পৰা নাই। ফলত বহুতো কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। মোহিনী আত্মঘাতী হোৱাৰ আগৰ বছৰটোত, ২০১৫ত মাৰাঠৱাড়াত ১,১৩৩ গৰাকী কৃষক আপোনঘাতী হৈছে আৰু ২০২০ত এনেদৰে আত্মঘাতী হোৱা কৃষকৰ সংখ্যা ৬৯৩।

সেয়ে কান্তা তেওঁলোকৰ ভৱিষ্যতক লৈ আশাবাদী নহয়। “আমাৰ জীৱনবোৰ ভাল কৰিবলৈ বুলি আমাৰ জীয়াৰীজনী আপোনঘাতী হ’ল। আমি তাইক কওঁনো কেনেকৈ যে আমি মাৰাঠৱাড়াৰ খেতিয়ক, আমাৰ জীৱনবোৰ কেতিয়াও ভাল নহয়।”

অনুবাদ: ল’নলী গগৈ

Ira Deulgaonkar

Ira Deulgaonkar is a 2020 PARI intern. She is a Bachelor of Economics student at Symbiosis School of Economics, Pune.

Other stories by Ira Deulgaonkar
Translator : Lonli Gogoi

Lonli Gogoi is a freelance translator and content writer. She did her Post Graduation in Information Management from University of Wales. She can be reached at [email protected]

Other stories by Lonli Gogoi