চকা পাতত বহা চাবলৈ তেওঁ অপেক্ষা কৰা নাই। এটা কোঠাৰ ৰান্ধনিঘৰৰ বাহিৰত বহি ৰন্দাৱনী সুৰভাসে ষ্ট্ৰীট লাইটৰ পোহৰত যিমান দূৰলৈ দেখি চাই আছে। মুখত এক বিষাদভৰা হাঁহি লৈ তেওঁ কয়, “ঠিক সেই ঠাইখিনিতে মোৰ স্বামী সদায় বহে আৰু তেওঁৰ প্ৰিয় গীত অভং গায়।”
তেওঁৰ স্বামী প্ৰভাকৰ সুৰভাসেই সদায় হিন্দু দেৱতা ভিত্থালৰ প্ৰাৰ্থনাৰে ভক্তিমূলক গান গাই সময় পাৰ কৰিছিল। ৬০ বছৰ পূৰ্ণ হোৱাৰ লগে লগে দুবছৰ পূৰ্বে মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহন নিগমৰ পৰা এজন কেৰাণী হিচাপে তেওঁ অৱসৰ লাভ কৰিছিল। তাৰ পিছৰ পৰা মহাৰাষ্ট্ৰৰ বীড় জিলাৰ এখন নগৰ পাৰ্লিত থকা নিজৰ ঘৰত বহি তেওঁ ভক্তিমূলক গীত গাইছিল আৰু প্ৰতিবেশীকো আনন্দিত কৰিছিল।
২০২১ৰ ৯ এপ্ৰিলত ক’ভিড-১৯ৰ লক্ষণ দেখাৰ আগলৈকে তেওঁ এইদৰে সময় কটাইছিল।
দুদিনৰ পিছত পাৰ্লিৰ পৰা ২৫ কিলোমিটাৰ দূৰত আম্বেযোগাইত থকা স্বামী ৰমানন্দ তীৰ্থ গ্ৰাম্য চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰভাকৰক ভৰ্তি কৰা হয়। দহদিনৰ পিছত শ্বাস-প্ৰশ্বাৰ কষ্ট পাই তেওঁৰ মৃত্যু হয়।
তেওঁৰ মৃত্যু আছিল আকস্মিক। “আগবেলা ১১ বাজি ৩০ মিনিটত তেওঁক মই বিস্কুট খুৱাইছিলো,” পাৰ্লিত চীনা ফাষ্টফুডৰ এখন দোকান চলোৱা ৩৬ বছৰীয়া ভাগিন বৈদ্যনাথ সুৰভাসেই কয়। “তেওঁ আনকি ফলৰ ৰস বিচাৰিছিল। আমি দুয়োজনে কথা পাতিছিলো। তেওঁক ভালেই দেখা গৈছিল। দিনৰ ১ বাজি ৩০ মিনিটত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।”
এই সময়খিনিত বৈদ্যনাথ চিকিৎসালয়ৰ ৱাৰ্ডত উপস্থিত আছিল। তেওঁ কয় যে দুপৰীয়াৰ পিছত হঠাতে অক্সিজেনৰ পৰিমাণ দেহত কমি যায়। অলপ আগলৈকে কথা কৈ থকা প্ৰভাকৰে শ্বাস-প্ৰশ্বাসত কষ্ট পাবলৈ ধৰিলে। “মই দৌৰাদৌৰি কৰি চিকিৎসকক মাতিলো, কিন্তু কোনেও গুৰুত্ব নিদিলে। উশাহ লোৱাত তেওঁৰ ভীষণ কষ্ট হ’ল আৰু অলপ পিছতে তেওঁৰ মৃত্যু হয়। মই তেওঁৰ বুকু, ভৰি আদি মোহাৰি দিলো, কিন্তু একো কামত নাহিল,” বৈদ্যনাথে কয়।
প্ৰভাকৰৰ পৰিয়ালে ভাবে যে চিকিৎসালয়ত অক্সিজেন নাছিল, যাৰ বাবে তেওঁৰ মৃত্যু হয়। “চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতো তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা নাছিল। ক্ৰমাৎ তেওঁ ভাল হ’বলৈ ধৰিছিল। মই এদিনৰ বাবেও চিকিৎসালয়ৰ পৰা আঁতৰি থকা নাছিলো। মৃত্যুৰ এদিন নে দুদিন আগতে তেওঁ আনকি ধেমালি কৰি চিকিৎসালয়ৰ ৱাৰ্ডত গান গোৱাৰ কথা কৈছিল”, ৫৫ বছৰ বয়সীয়া ৰন্দাৱনীয়ে কয়।
সেই চিকিৎসালয়খনত ২১ এপ্ৰিলৰ দিনটোত আন কেইবাজনৰ মৃত্যু হৈছিল। এই চিকিৎসা মহাবিদ্যালয়খনত দিনৰ ১২-৪৫ৰ পৰা ২-১৫ বজাৰ ভিতৰত আন ৬ জন লোকৰ মৃত্যু হৈছিল।
অক্সিজেনৰ নাটনিৰ বাবে মৃত্যু হোৱাৰ তথ্য চিকিৎসালয়ে অস্বীকাৰ কৰিছে। “যিসকল ৰোগীৰ অৱস্থা সংকটজনক আৰু তেওঁলোকৰ বেছিভাগেই ৬০ বছৰৰ উৰ্ধৰ,” চিকিৎসালয়খনৰ অধ্যাপক ডাঃ শিৱাজী শুকড়েই সংবাদ মাধ্যমলৈ পঠিওৱা এক বিবৃতিত প্ৰকাশ কৰে।
“নিশ্চিতভাবেই চিকিৎসালয়ে অস্বীকাৰ কৰিব, কিন্তু অক্সিজেনৰ অভাৱত ৰোগীসকলৰ মৃত্যু ঘটিছিল,” আম্বেযোগাইৰ পৰা প্ৰকাশিত এখন দৈনিক মাৰাঠী সংবাদপত্ৰ বিবেক সিন্ধুৰ ২৩ এপ্ৰিল সংখ্যাত প্ৰকাশিত এক প্ৰতিবেদনত জ্যেষ্ঠ সাংবাদিক অভিজিৎ গাঠালে এইদৰে কৈছিল। “সেইদিনা চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মৃত লোকসকলৰ পৰিয়াল ক্ষুব্ধ হৈ পৰিছিল। পৰিয়ালৰ লোকে কোৱা কথা আমাৰ উৎসৰ পৰা নিশ্চিত কৰা হৈছে।”
অন্তিম কেইসপ্তাহমান চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ বিচাৰি আৰু বিচনাৰ বাবে হাহাকাৰ কৰা ৰোগীৰ আত্মীয়-স্বজনৰ চিঞৰ-বাখৰৰ তথ্য সামাজিক মাধ্যমত উপচি পৰিছিল। ভাৰতৰ বিভিন্ন নগৰ-চহৰৰ লোকে টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মলৈ ওলাই আহিছিল। অক্সিজেনৰ নাটনি অতি ভয়াৱহ, সামাজিক মাধ্যমে এই ঘটনাৰ দায়িত্বসহকাৰে প্ৰকাশ কৰিছিল।
নাম প্ৰকাশত অনিচ্ছুক আম্বেযোগাইৰ চিকিৎসা মহাবিদ্যালয়ৰ এজন বিষয়াই কৈছিল যে প্ৰতিদিনে অক্সিজেনৰ প্ৰয়োজনীয় চাহিদা পূৰণ কৰা কঠিন হৈ পৰিছিল। “আমাৰ প্ৰতিদিনে প্ৰায় ১২ মেট্ৰিক টন অক্সিজেনৰ প্ৰয়োজন হৈছিল। কিন্তু প্ৰশাসনে আমাৰ ৭ মেট্ৰিক টনৰ যোগান ধৰিছিল। নাটনি পূৰাবলৈ প্ৰতিদিনে আমি কষ্ট কৰিবলগা হৈছিল। সেয়ে আমি য’ৰেপৰা পাওঁ, জাম্বো চিলিণ্ডাৰ অৰ্ডাৰ কৰিছিলো।” বীড় জিলাৰ অক্সিজেন যোগানকাৰীসকলে ঔৰংগাবাদ আৰু লাটুৰ জিলাৰ চহৰাঞ্চলৰ পৰা অক্সিজেনৰ চিলিণ্ডাৰ সংগ্ৰহ কৰা বুলি বিষয়াজনে কয়।
ৰাজ্য চৰকাৰে এই চিকিৎসা মহাবিদ্যালয়খন (এছ.আৰ.টি.আৰ.এম.চি.এ.)ক ক’ভিড চিকিৎসাৰ বাবে উৎসৰ্গিত বুলি বৰ্গীকৰণ কৰিছে। চিকিৎসালয়খনত মুঠ ৪০২ খন বিচনা আছে আৰু ইয়াৰে ২৬৫ খনত অক্সিজেন যোগানৰ ব্যৱস্থা আছে। এপ্ৰিল মাহৰ শেষৰফালে চিকিৎসালয়খনৰ অক্সিজেনৰ যোগান ব্যৱস্থা উন্নীত কৰাৰ বাবে পাৰ্লিৰ তাপ-বিদ্যুৎ ষ্টেছনত থকা এটা অক্সিজেন প্ৰকল্প চিকিৎসালয়খনলৈ স্থানান্তৰ কৰা হৈছিল। পি.এম. কেয়াৰ্চ ফাণ্ডৰ পৰা দিয়া ২৫ টাকৈ ধৰি বৰ্তমান হস্পিতেলখনত ৯৬ টা ভেণ্টিলেটৰ আছে, এপ্ৰিলৰ শেষৰ সপ্তাহত এইখিনি পোৱা হৈছে।
বিজুতি থকা বুলি ২৫টা ভেণ্টিলেটৰ আঁতৰাই পেলোৱা হ’ল, মে’ মাহৰ প্ৰথম সপ্তাহত বেয়া হোৱা ভেণ্টিলেটৰবিলাক মেৰামতি কৰিবলৈ ৪৬০ কিলোমিটাৰ দূৰৰ মুম্বাইৰ পৰা দুজন যন্ত্ৰকুশলী আম্বেযোগাইলৈ আহে। সামান্য আসোঁৱাহ থকা ১১ টা ভেণ্টিলেটৰ ঠিক কৰা হয়।
আম্বেযোগাইত থকা ৰোগীৰ আত্মীয়সকলে জানে যে চিকিৎসালয়খন জোৰা-তাপলি মাৰি চলি আছে। “প্ৰতিদিনে যেতিয়া আপোনাৰ সন্মুখেৰে চিকিৎসালয়ে অক্সিজেনৰ বাবে চিঞৰ-বাখৰ কৰিব, তেতিয়া স্বাভাৱিকতে ভয় লাগিব,” বৈদ্যনাথে কয়। “সমগ্ৰ ভাৰতত অক্সিজেনৰ নাটনি এক ৰহস্যময় কাহিনী। মই সামাজিক মাধ্যমত চাই দেখিছো যে মানুহে কেনেকৈ ইজনে-সিজনৰ ওচৰ পাইছে। আমাৰ গাওঁ অঞ্চলৰ এনে সুবিধা নাই। মই যদি সামাজিক মাধ্যমত কিবা পোষ্ট দিওঁ, কোনে মন কৰিব? আমি চিকিৎসালয়ৰ দয়া বা অনুগ্ৰহৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ ক্ষেত্ৰত আমি যি ভয় কৰিছিলো, বাস্তৱত সেয়ে সত্যৰূপে প্ৰতিপন্ন হ’ল,” বৈদ্যনাথে কয়।
ৰন্দাৱনী, তেওঁৰ পুত্ৰ-বোৱাৰী আৰু ক্ৰমে ১০ আৰু ৬ আৰু ৪ বছৰীয়া তিনিটা নাতি-নাতিনীয়ে প্ৰভাকৰ নথকাৰ শূন্যতা উপলব্ধি কৰিব পাৰিছে। “ল’ৰা-ছোৱালীকেইটাই তেওঁৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰে। সিহঁতক কি বুলি ক’ম মই নাজানো। চিকিৎসালয়ত থাকোতে তেওঁ মোক সদায় সিহঁতৰ কথা সুধি থাকে। তেওঁ ঘৰলৈ যাব পাৰিব বুলি ভাবিছিলো। তেওঁৰ মৃত্যু হ’ব বুলি মই একেবাৰে ভবা নাছিলো,” ৰন্দাৱনীয়ে কয়।
ৰন্দাৱনী মানুহৰ ঘৰত কাম কৰি মাহে ২৫০০ টকা পাইছিল, পুনৰ সোনকালে সেই কাম কৰিবলৈ যাব লাগিব বুলি তেওঁ কয়। “মই কাম কৰা মালিকজনে বুজে, তেওঁ মোক সোনকালে কামলৈ আহিব লাগিব বুলি জোৰ দিয়া নাই। কিন্তু মই সোনকালে কামলৈ যাব লাগিব। মই অলপ ব্যস্ত হৈ থাকিব পাৰিম,” তেওঁ কয়।
মে’ মাহত বীড় জিলাত ৭৫,৫০০ জন মানুহ ক’ভিডত আক্ৰান্ত হৈছিল, সংক্ৰমণৰ ফলত ১৪০০ জনৰ মৃত্যু হৈছিল। ওচৰৰ ওচমানাবাদ জিলাত ৪৯,৭০০ জন লোক আক্ৰান্ত হৈছিল আৰু প্ৰায় ১২০০ জন আক্ৰান্ত লোকৰ মৃত্যু হৈছিল।
মহাৰাষ্ট্ৰত সৰ্বাধিক কৃষকে আত্মহত্যা কৰাৰ অভিলেখ সৃষ্টি কৰা মাৰঠৱাড়াৰ কৃষিপ্ৰধান অঞ্চল বীড় আৰু ওচমানাবাদ - দুয়োখন জিলা অৱস্থিত। এই দুখন জিলাৰ পৰাই কাম বিচাৰি বহু সংখ্যক লোক প্ৰব্ৰজিত হয়। পানীৰ সংকট আৰু ঋণগ্ৰস্ততাত জুৰুলা হৈ পৰা এই অঞ্চলৰ লোকসকলে সীমিত পৰিসৰৰ চিকিৎসা ব্যৱস্থাৰ মাজতে ক’ভিড মহামাৰীৰ মুখামুখি হ’বলগা হ’ল, ইফালে চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি অপৰ্য্যাপ্ত তথা এক অসহায় অৱস্থা।
আম্বেযোগাইৰ পৰা ৯০ কিলোমিটাৰ নিলগত থকা ওচমানাবাদৰ জিলা অসামৰিক চিকিৎসালয়ৰ অৱস্থাও বেলেগ নহয়। ক’ভিড ৰোগীৰ আত্মীয়সকলে প্ৰখৰ ৰ’দৰ তাপত অপেক্ষা কৰি ইজনে-সিজনৰ লগত নিজৰ মনৰ উদ্বেগ প্ৰকাশ কৰিছিল। জিলা প্ৰশাসনে যেতিয়া দৈনিক প্ৰয়োজন হোৱা ১৪ মেট্ৰিক টন অক্সিজেনৰ চাহিদা পূৰণ কৰিবলৈ প্ৰসাসনে চেষ্টা চলাই থকা দেখি ৰোগীৰ আত্মীয়সকল কেৱল স্তম্ভিত হৈছিল।
২০২০ত যেতিয়া ক’ভিড-১৯ৰ প্ৰথম লহৰ তুংগত উঠিছিল, সেই সময়ত ওচমানাবাদ জিলাত ৫৫০ খন অক্সিজেন যোগানৰ ব্যৱস্থা থকা বিচনাৰ দৰকাৰ হৈছিল, জিলাখনৰ কালেক্টৰ আৰু দণ্ডাধীশ কৌস্তুভ দিৱেগাওঁকাৰে কয়। যেতিয়া ক’ভিডৰ দ্বিতীয় লহৰ আহিবৰ হ’ল, তেতিয়া জিলা প্ৰশাসনে অক্সিজেনযুক্ত বিচনাৰ সংখ্যা দুগুণ কৰাৰ প্ৰস্তুতি চলালে।
২০২১ৰ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় লহৰ আৰম্ভ হ’ল আৰু সংক্ৰমণৰ তীব্ৰতা বৃদ্ধি পালে। প্ৰথম লহৰৰ তুলনাত এইবাৰ জিলাখনত অক্সিজেনৰ ব্যৱস্থা থকা বিচনা তিনিগুণৰ প্ৰয়োজন হ’ল। বৰ্তমান ইয়াৰ উপৰি ৯৪৪ অক্সিজেনযুক্ত বিচনা , ২৫৪ খন আই.চি.ইউ. থকা বিচনা আৰু ১৪২ ভেণ্টিলেটৰ ওচমানাবাদত আছে।
লাটুৰ, বীড় আৰু জালনাৰ পৰা জিলাখনত প্ৰয়োজন হোৱা চিকিৎসালয়ৰ অক্সিজেন সংগ্ৰহ কৰা হয়। ইয়াৰ উপৰি কৰ্ণাটকৰ বাল্লাৰি আৰু তেলাংগনাৰ হায়দৰাবাদৰ পৰা অক্সিজেন অনা হয়। মে’ মাহৰ দ্বিতীয় সপ্তাহত গুজৰাটৰ জামনগৰৰ পৰা বিমানেৰে ওচমানাবাদলৈ অক্সিজেন অনা হৈছিল। ১৪ মে’ত ওচমানাবাদৰ কালাম্ব তালুকৰ চোৰাখালিত থকা ধাৰাশিৱ চেনী কাৰখানাত দেশৰ ভিতৰতে ইথানলৰ পৰা চিকিৎসালয়ৰ অক্সিজেন উৎপাদন কৰা উদ্যোগ স্থাপন কৰা হয়। আশা কৰা মতে এই উদ্যোগে প্ৰতিদিনে ২০ মেট্ৰিক টন অক্সিজেন উৎপাদন কৰিব।
৪০১ খন বিচনা, ৪৮ জন চিকিৎসক আৰু ১২০ জন চিকিৎসাকৰ্মী তথা নাৰ্ছ আৰু ৱাৰ্ড সহায়কেৰে তিনিবাৰ পাল পাতি অসামৰিক চিকিৎসালয়ত সেৱা আগবঢ়াইছিল। ৰোগীৰ যিসকল আত্মীয়ই সংক্ৰমিত হোৱাৰ সম্ভাৱনা থকা সত্ত্বেও ৰোগীৰ কাষত বহি আছে, সেইসকলক চিকিৎসালয় কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে বুজনি দিয়া দেখা গৈছে। ৰোগীৰ আত্মীয়ই প্ৰায়ে খালি বিচনা থকা চিকিৎসালয় বিচৰা দেখা গৈছিল।
ৰুচিকেশ কাটেৰ ৬৮ বছৰীয়া মাতৃ জানাবায়ে যেতিয়া শেষ নিশ্বাস ত্যাগ কৰিব হৈছিল, তেতিয়াও কোনো এজনে ৱাৰ্ডৰ মাজৰ বুলনিতে তেওঁৰ শেষ নিশ্বাস ত্যাগৰ অপেক্ষা কৰিছিল। তেওঁৰ অসুস্থ আত্মীয়ক বিচনা লাগে। “শ্বাসগ্ৰহণত অসম্ভৱ কষ্ট অনুভৱ কৰা জানাবাই তেতিয়া মৃত্যুৰ দুৱাৰডলিত, তেতিয়া সেই লোকজনে কোনো এজনক ফোন কৰি কৈছিল যে এখন বিচনা ইয়াত খালি হ’ব,” ৪০ বছৰীয়া ৰুচিকেশে কয়। “তেওঁৰ কথাবিলাক বৰ নিদাৰুণ যেন লাগিছিল, অৱশ্যে তেওঁক মই দোষ দিব নোৱাৰো। সেয়া ভয়ানক সময় আছিল। তেওঁৰ ঠাইত মই হোৱা হ’লেও হয়তো তেনেকুৱাই কৰিলোহেঁতেন,” ৰুচিকেশে কয়।
অনা-চৰকাৰী চিকিৎসালয় এখনৰ অক্সিজেন শেষ হোৱাৰ কাৰণে পিতৃক ভৰ্তি কৰাৰ পিছদিনা অসামৰিক চিকিৎসালয়ত জানাবাইক ভৰ্তি কৰা হয়। “আমাৰ ওচৰত ইয়াৰ বিকল্প আন একো নাছিল।”
৬ এপ্ৰিলত ক’ভিড-১৯ত আক্ৰান্ত হোৱা ৰুশিকেশৰ ৭০ বছৰীয়া বৃদ্ধ পিতৃ শিৱাজীয়ে কয় আৰু পিছদিনাৰ পৰা জানাবাইৰ শৰীৰত ক’ভিডৰ লক্ষণ দেখা গ’ল। “দেউতাৰ অৱস্থা সংকটজনক দেখি সহয়াদ্ৰী হস্পিতেলত ভৰ্তি কৰিলো, কিন্তু আমাৰ পৰিয়ালৰ চিকিৎসকে কয় যে মাতৃক ঘৰতে পৃথকে ৰখা ভাল হ’ব, তেওঁৰ অক্সিজেনৰ সংপৃক্তি ভালে আছে,” ৰুচিকেশে কয়।
১১ এপ্ৰিলৰ পুৱা সহয়াত্ৰী নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ এজন চিকিৎকে ৰুচিকেশক মাতি আনি জনায় যে তেওঁৰ পিতৃ শিৱাজীক অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। “তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে। অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ পিছৰ পৰা তেওঁ উশাহ লওঁতে বেছি কষ্ট পাবলৈ ধৰিছে। চিকিৎসালয় সলনি কৰাৰ পিছত বহু জটিলতাই দেখা দিলে। তেওঁ মোক ক’বলৈ ধৰিলে যে আগৰ চিকিৎসালয়খনলৈ উভতি যাব বিচাৰে। ব্যক্তিগত হস্পিতেলৰ পৰিৱেশ ভাল,” ৰুচিকেশে কয়।
অসামৰিক চিকিৎসালয়ৰ ভেণ্টিলেটৰে ৰোগীক শ্বাস-প্ৰশ্বাস গ্ৰহণত প্ৰয়োজন অনুসৰি সহায় কৰিব পৰা নাই। “১২ এপ্ৰিলৰ গোটেই নিশা মই তেওঁৰ কাষত বহি মাস্কখন ধৰি আছিলো, কাৰণ এৰি দিলেই মাস্কখন সুলকি পৰে। কিন্তু তেওঁক মাস্কে ধৰি ৰাখিব নোৱাৰিলে। পিছদিনা তেওঁৰ মৃত্যু হ’ল,” ৰুচিকেশে কয়। ব্যক্তিগত চিকিৎসালয়খনৰ পৰা শিৱাজীৰ লগতে অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা আন চাৰিজন ৰোগীৰো মৃত্যু হ’ল।
১২ এপ্ৰিলত জানাবাইক অসামৰিক চিকিৎসালয়লৈ অনা হয়, কাৰণ তেওঁ শ্বাস-প্ৰশ্বাস লোৱাত বেছি কষ্ট পাবলৈ ধৰিলে। ১৫ এপ্ৰিলত তেওঁৰ মৃত্যু হয়। ৪৮ ঘণ্টাৰ ভিতৰত ৰুচিকেশে পিতৃ-মাতৃ দুয়োজনকে হেৰুৱালে। “দুয়ো স্বাস্থ্যৱান আছিল, দুয়োজনে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু খুব বেয়া অৱস্থাৰ মাজত আমাক ডাঙৰ কৰিছিল,” ৰুচিকেশে কয়।
ওচমানাবাদ চহৰত থকা ঘৰৰ শোৱনি কোঠাৰ দেৱালত পৰিয়ালটোৰ এখন ডাঙৰ আলোকচিত্ৰ ওলমাই থোৱা আছে। শিৱাজী আৰু জানাবাই দুয়ো পিতৃ-মাতৃৰ লগত একেলগে থকা ৰুচিকেশ, তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ ৪২ বছৰীয়া মহেশ, তেওঁলোক দুজনৰ পত্নী দুগৰাকী আৰু ল’ৰা-ছোৱালীকেইটা। যৌথ পৰিয়ালটোৰ পাঁচ একৰ খেতিৰ মাটি আছে - মাটিখিনি চহৰৰ বাহিৰত আছে। ৰুচিকেশে কয়, “তেওঁলোকৰ মৃত্যু অনাকাংক্ষিত, যেতিয়া কোনো মানুহ স্বাস্থ্যৱান হৈ থাকে আৰু আপোনাৰ আগতে দৈনিক শাৰীৰিক পৰিশ্ৰম কৰি থাকে, তেনে লোক হঠাতে নোহোৱা হৈ গ’লে মানি ল’বলৈ টান হয়।”
পাৰ্লিত থকা ঘৰৰ বাহিৰত ৰৈ থকা ৰন্দাৱনীয়েও তেওঁৰ স্বামীক হেৰুওৱাৰ কথা মানি ল’ব পৰা নাই। যি ঠাইত প্ৰভাকৰে সদায় সন্ধিয়া তেওঁ গীত গাইছিল, সেই মানুহজনৰ অনুপস্থিতি ৰন্দাৱনীয়েও স্বীকাৰ কৰিব পৰা নাই। “মই তেওঁৰ নিচিনাকৈ গীত গাব নোৱাৰো, কিন্তু গাব পাৰিম বুলি ভাবিছো,” এক অস্বস্তিকৰ হাঁহি মুখত লৈ ৰন্দাৱনীয়ে কয়।
অনুবাদ: পংকজ দাস