কৰ’ণাভাইৰাছ তেওঁৰ গাঁৱলৈ বিয়পি পৰিব নে নাই সেই সম্পৰ্কে ৱাৰ্ধা জিলাৰ দুগ্ধ উৎপাদক ২৩ বছৰীয়া প্ৰফুল্ল কালোকাৰে নাজানো বুলিয়েই কয়। ‘মই নাজানো কিন্তু আমাৰ ইয়াত আৰ্থিক ক্ষতি ইতিমধ্য়ে দেখা দিছে।’

২৫ মাৰ্চত তলাবন্ধ আৰম্ভ হোৱাৰ পৰা প্ৰফুল্লৰ গাওঁ চান্দনিত দৈনিক ৫০০ লিটাৰ গাখীৰ সংগৃহীত হোৱাৰ পৰিৱৰ্তে এতিয়া শূন্য হৈ পৰিছে বুলি তেওঁ কয়। আৰৱি তালুকৰ এই গাওঁখনত প্ৰায় ৫২০ জন মানুহে বাস কৰে। ইয়াৰ অধিকাংশ পৰিয়াল নন্দ গাৱলি সম্প্ৰদায়ৰ।

নন্দ গাৱলিসকল অৰ্ধ-পশুপালক, বৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষত ৱাৰ্ধা জিলাৰ ৪০-৫০ খন গাঁৱত তেওঁলোকে বসবাস কৰে। তেওঁলোকক ‘গাৱালি’ বুলিও জনা যায়। পৰম্পৰাগতভাৱে স্থানীয় প্ৰজাতিৰ গাওলাও গৰুবিধ তেওঁলোকে পালন কৰে। ৱাৰ্ধা জিলাত গাখীৰ, দৈ, মাখন, ঘি আৰু খোৱাৰ তেওঁলোক প্ৰধান যোগানকাৰী। ‘গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত ২৫ হাজাৰ লিটাৰ হ্ৰাস পোৱা বুলি নন্দ গাৱলিসকলে প্ৰত্যক্ষ কৰিছে,’ তলাবন্ধৰ প্ৰথম ১৫ দিনত ৱাৰ্ধা জিলাত সম্প্ৰদায়টোৱে লোকচান ভৰিব, মোটামুটি হিচাপ কৰি কালোকাৰে কয়।

গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদন কৰা সহজে নষ্ট হ’ব পৰা সামগ্ৰীৰ চাহিদা ব্যাপক নিম্নগামী হোৱাত দুগ্ধক্ষেত্ৰত হাহাকাৰৰ সৃষ্টি হৈছে। পৰিয়ালবোৰে গাখীৰ খোৱা কমাই দিয়াৰ উপৰিও হোটেল, ৰেষ্টুৰেণ্ট, মিঠাইৰ দোকানবিলাক বন্ধ হৈ পৰিল। ফলস্বৰূপে দুগ্ধজাত সামগ্ৰীৰ চাহিদা অভুতপূৰ্ব হাৰত পতনমুখী হৈ পৰিছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডৰ এটি পৰিপুৰক সংস্থা মাদাৰ ডেইৰিকে ধৰি বৃহত দুগ্ধ উপাদকসকলেও দুগ্ধ সংগ্ৰহ বন্ধ ৰাখিছে।

কালোকাৰে কয় যে এই আৰ্থিক লোকচান সম্ভৱতঃ দীঘলীয়া হ’ব। দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ যোগানৰ লগত জৰিত প্ৰতিজনেই এতিয়া আনুমানিক ১০০০ টকা দৈনিক হেৰুৱাব। নন্দ গাৱলি সম্প্ৰদায়ৰ প্ৰফুল্ল একমাত্ৰ গৱেষক ছাত্ৰ। নাগপুৰ বিশ্ববিদ্যালয়ৰ ৱাৰ্ধাৰ কপাহ অৰ্থনীতি বিষয় হিচাপে লৈ তেওঁ পি.এইচ.ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰি আছে।

Nanda Gaolis live in 40-50 villages of Wardha, around the Bor Tiger Reserve. They rear the native Gaolao cow breed (top row), and are the major suppliers of milk and milk products in the district. The fall in demand during the lockdown has hit them hard (file photos)
PHOTO • Ajinkya Shahane

বৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষত ৱাৰ্ধাৰ নন্দ গাৱলিসকলৰ ৪০-৫০ খন গাওঁ আছে। তেওঁলোকে স্থানীয় প্ৰজাতিৰ গাওলাও গৰু (ওপৰৰ শাৰীত) পালন কৰে আৰু তেওঁলোক জিলাখনৰ দুগ্ধ তথা দুগ্ধজাত সামগ্ৰীৰ মুল যোগানকাৰী। তলাবন্ধৰ ফলত চাহিদা হ্ৰাস পোৱাত তেওঁলোক গভীৰ সমস্যাত পৰিছে (ফাইল ফটো)

নন্দ গাৱলি সম্প্ৰদায়ৰ দৰে ক্ষুদ্ৰ আৰু উপান্ত দুগ্ধ উৎপাদনকাৰী পৰম্পৰাগত গোপালক তথা পশুপালকৰ হাজাৰ পৰিয়ালক দুগ্ধ উপাদন খণ্ডই জীয়াই ৰাখিছে। মহাৰাষ্ট্ৰৰ পুৱ অংশ বিদৰ্ভ অঞ্চলৰ কৃষিসংকট কালচায়াৰ গ্ৰাসত পৰা বহু পৰিয়ালে দীৰ্ঘদিন কঠোৰ সংগ্ৰাম কৰি আহিছে। এতিয়া তেওঁলোকে অধিক অনিশ্চিত ভৱিষ্যতৰ মাজলৈ গতি কৰিছে। একাংশই অপুৰণীয়ভাৱে নিজৰ একমাত্ৰ জীৱিকাৰ সম্বল হেৰুৱাব।

গাখীৰৰ বিক্ৰী হ্ৰাস পোৱাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে। ‘আমি সদায় গৰুবিলাকৰ গাখীৰ খীৰাব লাগে, নহলে গাখীৰ গোট মাৰি চিৰদিনৰ বাবে গাখীৰ দিব নোৱাৰা হ’ব। কিন্তু ইমানবিলাক গাখীৰ খীৰোৱাৰ পিছত আমি কি কৰিম? বজাৰ বন্ধ আছে, গতিকে খোৱা বা মাখন প্ৰস্তুত কৰিব নোৱাৰো,’ প্ৰফুল্লৰ এজন খুড়াকে ক’লে।

তলাবন্ধৰ সময়ত উদ্ধৃত গাখীৰৰ সমস্যা সমাধান কৰিবলৈ মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাৰী চৰকাৰে ৩০ মাৰ্চত সিদ্ধান্ত ল’লে যে ৰাজ্যিক দুগ্ধ সমবায় মহানন্দৰ জৰিয়তে গৰুৰ গাখীৰবিলাক সংগ্ৰহ কৰিব। কিয়নো তলাবন্ধ আৰম্ভ হোৱাৰ সময়ৰেপৰা ব্যক্তিগত উপভোক্তাই তেওঁলোকে দৈনিক সংগ্ৰহ কৰা গাখীৰৰ পৰিমাণ হ্ৰাস কৰিলে।

২০২০ৰ এপ্ৰিলৰ পৰা জুনলৈ তিনিমাহৰ বাবে দৈনিক ১০ লাখ লিটাৰ গৰুৰ গাখীৰ ক্ৰয় কৰিবলৈ চৰকাৰে আঁচনি গ্ৰহণ কৰিছে। এই গাখীৰবিলাকেৰে শুকান গাখীৰ প্ৰস্তুত কৰা হ’ব। মহাৰাষ্ট্ৰত ৪ এপ্ৰিলৰ পৰা মহানন্দই গাখীৰ সংগ্ৰহ আৰম্ভ কৰে। ৰাজ্যিক পশুপালন বিভাগৰ মন্ত্ৰী সুনীল কেদাৰে পাৰিক কয়ঃ ‘এই কামৰ বাবে আমি ১৮৭ কোটি টকাৰ আৱণ্টন দিছো। কেন্দ্ৰীয় চৰকাৰে যদি দিয়ে, তেন্তে আমি দুগ্ধ সংগ্ৰহৰ পৰিমাণ বৃ্দ্ধি কৰিম।’

মহানন্দৰ বাদে দুগ্ধ উৎপাদকসকলে লোকচান ভৰিব নালাগে। সেয়ে গকুল আৰু ৱাৰানাৰ দৰে বৃহত সমবায় দুগ্ধপামে দুগ্ধ ক্ৰয় বৃদ্ধি কৰিছে। ইয়াৰে এটা অংশ তেওঁলোকে মিল্ক পাউদাৰ কৰিব। ৱাৰ্ধাৰ নন্দা গাৱলিৰ দৰে দুগ্ধ উৎপাদকৰ সমস্যা একেই থাকিল। কিয়নো তেওঁ মহানন্দৰ লগত জৰিত নহয়। কিয়নো জিলাখন মহানন্দ সমবায়ে সামৰি নলয়। ইয়াৰ উপৰি নন্দ গাৱলি কেতিয়াও সমবায় দুগ্ধপাম বা ব্যক্তিগত ডাঙৰ দুগ্ধপামৰ সদস্য নাছিল। সাধাৰণতে তেওঁলোকে খুচুৰা বজাৰত গাখীৰ বিক্ৰী কৰে। এতিয়া সেয়া বন্ধ।

Top left: The Bharwads, who raise the Gir cow, have been forced to give away milk for free during the lockdown. Top right: A Mathura Lamhan pastoralist in Yavatmal. Bottom row: The Nanda Gaolis settled in the Melghat hills earn their livelihood from cows and buffaloes (file photos)
PHOTO • Ajinkya Shahane

ওপৰত বাওঁফালেঃ গীৰ গাই পালন কৰা ভাৰৱাসকলে তলাবন্ধৰ সময়ত বিনামুলীয়াকৈ গাখীৰ দিবলৈ বাধ্য হৈছে। সোঁহাতে ওপৰতঃ য়াভাটমালত এজন মথুৰা লামহান গোপালক। তলৰ শাৰীতঃ গৰু আৰু ম’হৰ পৰা জীৱিকা উপাৰ্জন কৰা নন্দ গাৱলিৰ মেলঘাট পাহাৰত থকা ঘৰ (ফাইল ফটো)

উত্তৰ আৰু পশ্চিম মহাৰাষ্ট্ৰৰ দৰে পুৱ মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চল দুগ্ধ উৎপাদনৰ কেন্দ্ৰস্থল নহয়। কিন্তু অঞ্চলটোত বহুতো পশুপালক আছে। তেওঁলোকৰ অধিকাংশ গোপালক যিসকলৰ মুল জীৱিকা দুগ্ধজাত সামগ্ৰী।

পশুপালক জনজাতিৰূপে তালিকাভুক্ত নন্দা গাৱলিও এইসকলৰ অন্যতম। তেওঁলোকে ৱাৰ্ধাৰ ভৈয়াম অঞ্চলত বাস কৰে। একাংশই অমৰাৱতী জিলাৰ মেলঘাটৰ পাহাৰীয়া অঞ্চলত থাকে। পূৰ্বে গুজৰাটৰ কচ্ছ অঞ্চলৰ পৰা অহা ভাৰৱাৰসকল, গড়চিৰোলি জিলাৰ গোলকাৰসকল, তেওঁলোকে ম’হপালন কৰে, আৰু বিদৰ্ভৰ বিভিন্ন ঠাইত য়াভাটমাল জিলাৰ উমৰখেদ তালুকতে সীমাবদ্ধ মথুৰা লামহানসকলে উমাৰ্দা প্ৰজাতিৰ গোপালন কৰে, এই প্ৰজাতি সবল ষাড়গৰুৰ বাবে বিখ্যাত।

আকোলা, বুলডানা আৰু ৱাচিম জিলাৰ ছাগলী আৰু ভেড়া পালন কৰা ধনগাৰ সম্প্ৰদায়, চন্দ্ৰপুৰ আৰু গড়চিৰোলি জিলাৰ কুৰমাৰসকল, কৰ্ণাটকৰ কুৰুবাসকলৰ সৈতে সাংস্কৃতিকভাৱে সাদৃশ্য আছে। এইসকলে বিদৰ্ভতো পশুপালন কৰে। কিছুমান পশুপালক আধা অঘৰী। পালিত পশুবোৰক খুৱাবলৈ তেওঁলোকে ঘাঁহনি আৰু বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে।

২০১১ৰ পৰা বৰ ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ কাষত গৰু-ম’হ চৰোৱা নিষিদ্ধকৰণ বলবৎ হোৱাৰ পিছত বিদৰ্ভৰ পশুপালকসকল চৰণীয় পথাৰ আৰু খেতিপথাৰত শস্য চপোৱাৰ পিছত থাকি যোৱা ঘাঁহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিল, সজল কুলকাৰ্ণিয়ে কয়। তেওঁ বিদৰ্ভৰ পশুপালকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছে আৰু ৰিভাইটেলাইজিং ৰেইনফেড এগ্ৰিকালচাৰ নেটৱৰ্ক,  নাগপুৰৰ ফেলো তথা পশুপালনক বিষয় হিচাপে লৈ অধ্যয়ন কৰিছে।

তলাবন্ধৰ সময়ত পশুখাদ্যৰ সুলভতা আৰু যোগান ব্যাহত হৈ পৰিছে। একাংশ নন্দ গাৱলি পশুপালক ঘৰৰ পৰা ৩০-৪০ কিলোমিটাৰ নিলগত নিজৰ পশুৰ সৈতে আৱদ্ধ হৈ পৰিল। তেওঁলোকে ঘাঁহনি পথাৰ বা ৰবিশস্য চপোৱাৰ পিছত পথাৰৰ অৱশিষ্ট নৰা-ঘাঁহ আদিৰ সন্ধানত তলাবন্ধৰ আগতেই ওলাই গৈছিল।

তলাবন্ধৰ সময়ত পশুখাদ্যৰ সুলভতা আৰু যোগান ব্যাহত হৈ পৰিছে। একাংশ নন্দ গাৱলি পশুপালক ঘৰৰ পৰা ৩০-৪০ কিলোমিটাৰ নিলগত নিজৰ পশুৰ সৈতে আৱদ্ধ হৈ পৰিল

ভিডিঅ’ চাব পাৰেঃ ‘আমাৰ একেবাৰে টকা নাই। কেনেকৈ পশুখাদ্য কিনিম?’

‘গাখীৰ বা মাংসৰ পৰা হোৱা উপাৰ্জন ব্যাপক ৰূপত স্থানীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু একাংশ ক্ৰেতাও থাকে,’ কুলকাৰ্নিয়ে কয়। ‘গাখীৰ বিক্ৰী কৰিবলৈ বা পশুখাদ্য় ক্ৰয় কৰিবলৈ এই সম্প্ৰদায়ৰ লোকসকলক গাঁৱত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাই।’

বিভিন্ন বসতিস্থলত সিঁচৰিত হৈ থকা ভাৰৱাৰসকল অধিক ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকে গীৰ প্ৰজাতিৰ গাই পালন কৰে। ‘আমাৰ এয়া অতি সংকটৰ সময়। এই সম্প্ৰদায়ৰ নেতা ৰামজীভাই যোগ্ৰানাই মোক ফোনযোগে কয়। ‘মই গৰুবিলাকৰ সৈতে হাবিত থাকো,’ তেওঁৰ গৰুবিলাক চৰোৱা ঘাঁহনি-জোপোহা গছৰ বনাঞ্চলৰ কথা উল্লেখ কৰি তেওঁ কয়।

নাগপুৰ চহৰৰ পৰা ৪৫ কিলোমিটাৰ দুৰৰ সোণখাম্ব গাঁৱৰ কাষৰীয়া ঠাইত ২০ টা যোগ্ৰানা আৰু ভাৰৱাৰ পৰিয়াল বাস কৰে। তেওঁলোকে একেলগে দৈনিক ৩৫০০ লিটাৰ গাখীৰ উপাৰ্জন কৰে। ৰামজীভাইয়ে এই অনুমান। পৰম্পৰাগতভাৱে ভাৰৱাৰসকলৰ নিজা মাটি নাই। উপাৰ্জনৰ আন উৎসও নাই। তলাবন্ধৰ সময়ত এই পৰিয়ালসকলৰ গোটটোৱে গাখীৰ গাওঁবাসীক বিনামূলীয়াকৈ বিতৰণ কৰিছে। বাকী থকাখিনি পেলাই দিবলগা হৈছে বা গাই পোৱালীক খাবলৈ দিয়া হৈছে। ‘কোনো ডেইৰীয়ে গাখীৰ ল’বলৈ অহা নাই। খুচুৰা ব্যৱসায়ীও বা মিঠাইৰ দোকানীও অহা নাই,’ ৰামজীভাইয়ে কয়।

এডোখৰ মাটি কিনি ঘৰ বনোৱা ৰামজীভাই এই সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি। তেওঁৰ গাঁৱত থকা মাদাৰ ডেইৰী গোটটোক তেওঁ গাখীৰ যোগান ধৰে আৰু নাগপুৰত গ্ৰাহকক নিজ গাখীৰ বিক্ৰী কৰে। ‘এইটো অসুবিধা হোৱা নাই, কিন্তু এয়া আমাৰ বিক্ৰী এটা সামান্য অংশ।’ তেওঁ কয়।

‘দিনশ্বাও আৰু হালদিৰাম দৰে মালিকাধীন ডেইৰী আৰু হোটেল চাহদোকানী, মিঠাইৰ দোকানী (নাগপুৰৰ আশে-পাশে)ক গাখীৰৰ যোগান ধৰো,’ ৰামজীভাইয়ে কয়।

The drop in demand for khoa and paneer in the local markets has caused huge losses to the Nanda Gaoli dairy farmers (file photos)
PHOTO • Ajinkya Shahane
The drop in demand for khoa and paneer in the local markets has caused huge losses to the Nanda Gaoli dairy farmers (file photos)
PHOTO • Ajinkya Shahane

স্থানীয় বজাৰত মাখন আৰু পনীৰৰ চাহিদা নোহোৱা হোৱাৰ ফলত নন্দ গাৱলি দুগ্ধ উপাদকসকলৰ ভীষণ লোকচান হৈছে (ফাইল ফটো)

ৰামজীভাইৰ হিচাপ মতে কেৱল নাগপুৰ জিলাত প্ৰায় ৬০ টা ভাৰৱাৰ বসতিস্থল আছে। ‘আমি একেলগে প্ৰতিদিনে ২০ হাজাৰজনী গাইৰ পৰা ১.৫ লাখ লিটাৰ গাখীৰৰ যোগান ধৰো। এতিয়া সেয়া শূন্য হৈ পৰিল,’ তেওঁ কয়।

গাখীৰত থকা চৰ্বি আৰু মানৰ ওপৰত নিৰ্ভৰ কৰি গোপালকসকলে এক লিটাৰ গাখীৰ ৩০ আৰু ৪০ টকাত বিক্ৰী কৰে। গোপালকসকলে কেৱল ধনৰ লোকচান কৰিছে এনে নহয়। গাখীৰ খীৰোৱা বন্ধ কৰি দিয়াৰ ফলত বহুতো গাইয়ে গাখীৰ দিব নোৱাৰিব আৰু দীৰ্ঘস্থায়ী সংকটৰ সৃষ্টি হ’ব বুলি তেওঁ কয়।

‘পশুখাদ্যৰ যোগান বন্ধ কৰি দিয়া হৈছে আৰু পুনৰ কেতিয়া যোগান ধৰিব সেয়া অনিশ্চিত,’ ৰামজীভাইয়ে কয়। সেউজীয়া ঘাঁহৰ উপৰি গাইবিলাকক আন পুষ্টিকৰ খাদ্যৰ দৰকাৰ হয়। যেনে গাখীৰৰ মান ভাল কৰিবলৈ খলিহৈ খুৱাব লাগে।

ভাৰৱাৰ সম্প্ৰদায়ৰ লোকে বৃহত পৰিমাণৰ গাখীৰ ৰাস্তাত আৰু নলাত পেলাই দিয়াৰ এটা শেহতীয়া ভিডিঅ’ আমাক দেখুৱায় (পাৰিৰ দ্বাৰা সত্যনিৰূপিত নহয়)। ‘মোৰ সম্প্ৰদায়ৰ বিভিন্নজনে এনেধৰণৰ ভিডিঅ’ সদায় মোলৈ পঠিয়ায়,’ৰামজীভাইয়ে কয়।

সম্প্ৰদায়টোৱে অলপ দিনৰ বাবে টকাৰ লোকচান ভৰিছে- সেয়া ডাঙৰ কথা নহয়। কিন্তু গাখীৰ খীৰোৱা বন্ধ কৰাৰ ফলত গাইবোৰে একেবাৰে গাখীৰ দিব নোৱাৰা হৈ ডাঙৰ সংকটৰ সৃষ্টি কৰিব

ভিডিঅ’ চাব পাৰেঃ সংকটৰ বাবে বিপদত পৰিছে ভেড়াপালকসকল

উত্তৰ মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ দোণ্ডাইচা-ৱাৰৱাড়ে নগৰৰ উপকণ্ঠ অঞ্চলৰ এজন দুগ্ধ উৎপাদকে এটা ভিডিঅ’ত কৈছে যে তলাবন্ধৰ ফলত তেওঁ আকস্মিকভাৱে আৰ্থিক সংকটত ভুগিছে। তেওঁৰ দুগ্ধ ব্যৱসায় একেবাৰে বন্ধ হৈ পৰে।

আনসকলে প্ৰব্ৰজন পথৰ ক্ষেত্ৰত সংকটত পৰিছে। ‘আমি এইবছৰ প্ৰব্ৰজন নকৰো বুলি সিদ্ধান্ত লৈছো,’ ৰাহুল মাফা যোগ্ৰানা নামৰ ২০ বছৰীয়া গোপালকজনে কয়। নাগপুৰ জিলাৰ টেহচিল নগৰী কলমেশ্বৰতে এতিয়া তেওঁ থকা সময়ত তেওঁৰ কনিষ্ঠ ভাতৃ গণেশে গাইবিলাক লৈ খাদ্য আৰু পানী বিচাৰি নাগপুৰৰ পৰা ৬০ কিলোমিটাৰ দুৰৰ ৰামটেকৰ আশে-পাশে আছে।

খেতিয়কসকলে যিহেতু তেওঁলোকৰ পথাৰত গাইবিলাকক চৰাবলৈ নিদিয়ে, সেয়ে সিহঁতক খুৱাবলৈ গণেশে এক ট্ৰেক্টৰ বন্ধাকবি যোগাৰ কৰে। মাৰ্চৰ মাজভাগত তেওঁ সেয়া যোগাৰ কৰিছিল। সেইখিনিৰে তলাবন্ধৰ পিছত গাইবোৰক কেইসপ্তাহমান খুৱালে। ৰামটেকৰ ওচৰত য’ত গণেশে গাইবোৰৰ সৈতে আছে, মিল্ক ভানৰ এজন চালকে বজাৰৰ পৰা সেই ঠাইলৈ পশু খাদ্য আনি দিয়ে।

২৩ বছৰীয়া বিক্ৰম যোগ্ৰানা নামৰ ভাৰৱাড় গোপালকজনেও নিজৰ এপাল গাইৰ সৈতে ওলাই গ’ল। আমি তেওঁৰ লগত কথা পতাৰ সময়ত তেওঁ উত্তৰ নাগপুৰ জিলাৰ পাৰ্চেৱনি এলেকাত আছিল। সেই ঠাইৰ গাঁৱৰ মানুহে গাইবোৰ তেওঁলোকৰ পথাৰত প্ৰৱেশত বাধা দিয়ে। সাধাৰণতে তেওঁলোকে দিয়ে বুলি বিক্ৰমে খেতিয়কসকলৰ সৈতে থকা সুসম্পৰ্কৰ কথা কয়। ‘গোৱৰবিলাক তেওঁলোকৰ পথাৰত সাৰ হয়। সেইবাবে পথাৰত থাকি যোৱা শস্যৰ শুকান নৰাবিলাক আমাৰ পশুবোৰক খাবলৈ দিয়ে।’

ফোনটো সঘনে চাৰ্জ কৰিব নোৱাৰা বাবে কমলেশ্বৰতস্থিত ঘৰৰ পৰিয়ালৰ সৈতে বিক্ৰমে নিয়মিত যোগাযোগ ৰাখিব পৰা নাই। তেওঁ কয়, ‘এয়া আমাৰ বাবে অতিকৈ কঠিন সময়।’

অনুবাদঃ পংকজ দাস

Jaideep Hardikar

Jaideep Hardikar is a Nagpur-based journalist and writer, and a PARI core team member.

Other stories by Jaideep Hardikar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das