“কেতিয়াবা ৰাতি কোনো মহিলাই মোক মাতে নাইবা মতা এটাক পঠিয়াই দি এপেকেট কণ্ডম লৈ যায়,” কলাৱতী চনিয়ে কয়। অৱশ্যে ৰাতি হ’লেও টিকাৰি গাঁৱৰ মহিলাৰ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা ৫৪ বছৰ বয়সীয়া এইগৰাকী ‘ডিপ’ট দিদি’ বিৰক্ত নহয়। “ৰাতিও খোলাই ৰাখো,” উত্তৰ প্ৰদেশৰ আমেঠি জিলাৰ গাঁৱৰ সৰু ঘৰটোৰ বাৰান্দাত চাৰপাইখনত বহি থকা দিদিয়ে ৰগৰ কৰি কয়। “ইতনি কৌই ব’ৰি বাত নেহি হ্যে (ইমানো একো ডাঙৰ কথা নহয়),” কলাৱতীয়ে তেওঁৰ কামৰ বিষয়ে কয়।

টিকাৰি গাঁৱত বোলে এগৰাকী ডিপট দিদি আছে। বেচৰকাৰী সন্থাৰ অধীনত গাওঁখনত কাম কৰা দিদিক লগ কৰাৰ আমাৰ উৎসুকতা বাঢ়িল। “যা, বেগটো লৈ আন,” কলাৱতীয়ে নাতিয়েকক ক’লে। পলকতে সৰু পোৱালীটোৱে দৌৰ মাৰি গৈ প্লাষ্টিকৰ শকত টোপোলাটো দুমহলীয়া পকা ঘৰটোৰ পৰা লৈ আহিলে। বেগটো তেওঁ চাৰপইখনত ওলোটাই জোকাৰি দিলে, তাৰ পৰা কণ্ডম, চেনিটেৰি নেপকিন, গৰ্ভনিৰোধক বড়ি আৰু অ’ৰেল ৰিহাইড্ৰেছনৰ পেকেটবোৰ ওলাই পৰিল। তাৰপিছত চাৰপইখনত তেওঁ ধুনীয়াকৈ সেইবোৰ সজাই দেখুৱালে।

“ইমানো একো ডাঙৰ কথা নহয়,” একেবাৰে নিবৃত্তিৰ সুৰত তেওঁ কয়। “আগতে আমি ঘৰৰ সৰু কথা আলোচনা কৰিছিলো। সিহঁতৰ ঘৰৰ অৱস্থা, শাহুৱেকৰ বিৰুদ্ধে ওজৰ-আপত্তি, ল’ৰা-ছোৱালীৰ কথা পাতিছিলো। দেখিছেই চাগে, মই কিমান কথকী, কিন্তু ধৈৰ্য্য সহকাৰে তেওঁলোকৰ কথাবোৰ শুনিছিলো। লাহে লাহে মই উপলব্ধি কৰিবলৈ ধৰিলো যে তেওঁলোকৰ মূল সমস্যাবোৰ একেই। তেনেহ’লে দেখোন আমি ইজনে-সিজনক সহায় পাৰো দেখোন। তেনেকৈয়ে আৰম্ভণি,” টিকাৰিৰ ‘ডিপট দিদি’ হোৱাৰ কাহিনী দুআষাৰ কথাতে তেওঁ সামৰি পেলালে।

এই নামটো আহিছে ‘ডিপট হ’ল্ডাৰ’ শব্দটোৰ পৰা। স্বাস্থ্যসেৱাৰ লগত শব্দটোৱে গাঁৱত আৱশ্যকীয় বস্তু বিলোৱা আৰু সুস্বাস্থ্য বিধি মানি চলাৰ বাবে উৎসাহ যোগোৱা মহিলাৰ ক্ষেত্ৰত এই নাম ব্যৱহাৰ কৰা হয়। সাধাৰণতে গাঁৱত অংগনবাদী কৰ্মী বা আশাকৰ্মীয়ে এই কাম কৰে, কিন্তু কলাৱতী তাৰে কোনো এগৰাকীও নহয়। তেওঁ গাঁৱলীয়া ডাক্তৰো (অনুজ্ঞাপত্ৰ নথকা চিকিৎসেৱা প্ৰদানকাৰী) নহয়। প্ৰজননজনিত স্বাস্থ্যবিধি ৰক্ষাৰ বাবে মহিলাক প্ৰয়োজন হোৱা প্ৰতিবিধ সামগ্ৰী তেওঁ ৰাখে, তদুপৰি তেওঁলোকৰ সৈতে যৌন তথা প্ৰজনন সংক্ৰান্ত সমস্যাৰ বিষয়ে কথাও পাতে।

Kalavati Soni, wearing the floral printed sari, with ASHA worker Vinita Soni to her right
PHOTO • Anubha Bhonsle
Some of the typical items that an ASHA carries to distribute – condoms, contraceptive pills, ORS sachets, iron supplements – are also found in Kalavati's bag
PHOTO • Anubha Bhonsle

বাওঁফালে : ফুলাম প্ৰিণ্ট থকা শাড়ী পিন্ধি থকা কলাৱতী চনিৰ , তেওঁৰ সোঁফালে আশাকৰ্মী বিনিতা চনি সোঁফালে : আশাকৰ্মীয়ে সাধাৰণতে কঢ়িওৱা কেইপদমান সামগ্ৰী - কণ্ডম , গৰ্ভনিৰোধক বড়ি , ’. আৰ . এছ . পেকেট আৰু আইৰনৰ বড়ি - এইখিনি বস্তু কলাৱতীৰ বেগতো থাকে

“এই ১৫ টা (কামৰ) বছৰত মই দেখিছো কেনেকৈ আশাকৰ্মীসকলে দিন-ৰাতি এক কৰি কাম কৰে আৰু অৱশ হৈ পৰে। মোৰ মনত আছে, এদিনাখন আশাকৰ্মী এগৰাকীয়ে গৰ্ভৱতী মহিলা এগৰাকীক সাক্ষাৎ কৰিব পৰা নাছিল। তাইক আইৰনৰ বড়ি দিবলগা আছিল। মই ক’লো মোৰ হাতত দি যাব পাৰে। তাই যাতে পালিবোৰ বুজি পায়, সেয়া মই নিশ্চিত কৰিম বুলি কৈছিলো। তেনেকৈয়ে মই এই কাম আৰম্ভ কৰিলো,” কেতিয়ানো গাওঁখনৰ মহিলাসকলক সহায় কৰিবলৈ হাতে-কামে লাগিল, তাৰে দিন-বাৰ মনত পেলাব নোৱাৰা কলাৱতীয়ে কয়।

পৰিয়ালৰ ন-নোৱাৰীৰ লগত আৰু জ্যেষ্ঠজনৰ লগত বহি সকলোৰে মাজত সদিচ্ছাৰ ভাৱ জগাই তুলি তেওঁলোকৰ মাজত থকা এক গুৰুত্বপূৰ্ণ ব্যৱধান নাইকিয়া কৰিছে। মোৰ মনত ইফালে এসোপামান প্ৰশ্নই জুমুৰি দি ধৰিছে। এই ধৰক কেনেকৈনো মহিলাসকলে তেওঁলোকৰ বাসনা আৰু তৃপ্তিৰ বিষয়ে কয়, স্বামী আৰু পৰিয়ালৰ মানুহৰ সৈতে সম্পৰ্কৰ কথা পাতে, কেনেকৈ গৰ্ভধাৰণ আৰু গৰ্ভনিৰোধকৰ কথা পাতে? সংকোচবোধ কৰে নে, লাজ কৰেনে? নে মুকলিকৈ কৈ দিব পাৰে? এই কথাবোৰ পাতে ক’ত? কেনেকৈ মহিলাসকলে তেওঁৰ লগত কথা পাতি উৎসাহ পাব পৰাকৈ, নিজৰ দেহটোৰ বিষয়ে জানিব পৰাকৈ, মনৰ সন্তোষৰ এনে কথোপকথন সম্ভৱ কৰি তোলে?

“দহ বছৰ আগতে এইবোৰ কথা পাতিবলৈ সময় লাগিছিল, অসুবিধাও হৈছিল,” তেওঁ কয়। “ঘৰৰ জ্যেষ্ঠসকলে সন্তানৰ মাজত ব্যৱধান ৰখা, জন্ম নিয়ন্ত্ৰণ কিম্বা নাতি সন্দৰ্ভত কথা পতাটো ভাল নাপাইছিল। ‘আহিল আৰু আমাৰ বোৱাৰীক মন্ত্ৰণা দিবলৈ’ বুলি কৈ বিৰক্তিৰ ভাৱ দেখুৱাইছিল। কিন্তু এতিয়া সময় সলনি হৈছে। নতুনকৈ বিয়া হৈ অহা বোৱাৰীবোৰ এইবোৰ কথাক লৈ সজাগ, তেওঁলোকৰ মাজত উৎসুকতা আছে, প্ৰয়োজনত তেওঁলোকে কণ্ডম খুজি নিয়ে,” কলাৱতীয়ে কয়। তেওঁৰ গতানুগতিক সাধাৰণ যেন লগা কথাৰ মাজতে প্ৰজনন অধিকাৰৰ বাৰ্তা লুকাই আছে। ন-বোৱাৰীবোৰৰ সৈতে চাহত চুমুক দিয়াৰ মাজতে কলাৱতীয়ে অকণ অকণকৈ কথাবোৰ কৈ গৈ থাকে। “মই কওঁ, তোমালোকে যদি সুস্থ জীৱন এটা জীয়াই থাকিব খুজিছা, তেন্তে সন্তানৰ মাজত অতিকমেও তিনি বছৰৰ ব্যৱধান ৰখা উচিত,” তেওঁ কয়।

“শাহুৱেকবোৰেও কথাবোৰ বুজি পোৱা হৈছে,” ২০২০ৰ ফেব্ৰুৱাৰীত ঢুকোৱা নিজৰ শাহুৱেকৰ কথা মনত পেলাই তেওঁ মিচিকিয়াই হাঁহি কয়। আগতে কলাৱতীয়ে বিক্ৰী কৰা সামগ্ৰীবোৰ ঘৰত শাহুৱেকৰ কৰা লুকুৱাই ৰাখিবলগীয়া হৈছিল। তেওঁৰ শাহুৱেকে এই কথা ভাল পোৱা নাছিল। তেওঁ মতে আনৰ শোৱনি কোঠাৰ বিষয়ত ভূমুকি মৰাৰ কোনো প্ৰয়োজন আৰু আনৰ ভৱিষ্যত পৰিকল্পনাতো হস্তক্ষেপ কৰা অনুচিত। কিন্তু জীৱনৰ শেষৰ বছৰকেইটাত তেওঁ নিজে কলাৱতীৰ কামত সমৰ্থন জনাইছিল।

Kalavati fills an important and intimate space working with young brides and elders in Tikari
PHOTO • Labani Jangi

টিকাৰিত - বোৱাৰী আৰু জ্যেষ্ঠসকলৰ মাজত থকা এক গুৰুত্বপূৰ্ণ ব্যৱধান কলাৱতীয়ে নাইকিয়া কৰিছে

“তেওঁৰ মতে এয়া অলাগতিয়াল কাম, মানে ভাল কাম একেবাৰে নহয়। নতুনকৈ বিয়া হৈ আহি মোৰ ইটোৰ পিছত সিটো সন্তান জন্ম পাইছিল। প্ৰথম যমজ ল’ৰা দুটা, তাৰপিছত এজনী ছোৱালী। আকৌ তৃতীয়বাৰৰ কাৰণে মই গৰ্ভধাৰণ কৰিছিলো আৰু জটিলতাই দেখা দিছিল। বিষত কেঁকাইছিলো। কি কৰিব পৰা যায়, তাকে লৈ কোনোবাই যদি সামান্য পৰামৰ্শ দিলেহেঁতেন। মই অসহায় অনুভৱ কৰিছিলো। তৃতীয় সন্তানটো হেৰুওৱাৰ পিছত মোৰ বৰ খং উঠিছিল,” এটকাও নোলোৱাকৈ কিয় এই কামত তেওঁ সোমাই পৰিছিল, সেইবিষয়ে তেওঁ এনেদৰে কৈ যায়। “বান্ধৱীৰ দৰেই সকলোকে পৰামৰ্শ লাগে, সেই কাৰণে মই এনেদৰে সেৱা আগবঢ়াও,” তেওঁ কয়। তাৰোপৰি তেওঁৰ কামত আশাকৰ্মীৰ দৰে কোনো টাৰ্গেট বা কামৰ হেঁচা নাথাকে, সেই কথাও তেওঁ আমাক মনত পেলাই দিয়ে।

জনস্বাস্থ্যকৰ্মী আৰু বেচৰকাৰী সংস্থাৰ কৰ্মীৰ বিপৰীতে তেওঁৰ কামৰ শৈলী অনানুষ্ঠানিক। তেওঁলোকৰ দৰে কলাৱতীয়ে চিকিৎসা বিজ্ঞানৰ অভিধাৰে কথাবোৰ নুবুজায়। অৱশ্যে নিজে বাচি লোৱা এই কামৰ সীমৱদ্ধতাৰ কথাও তেওঁ জানে। “কাৰোবাৰ বিষ উঠিলে, বা জৰুৰী অৱস্থাত, সিহঁতে মোক ফোন নকৰে,” তেওঁ কয়। তেতিয়া তেওঁলোক আশাকৰ্মীৰ কাষ চাপে নাইবা জনস্বাস্থ্য কেন্দ্ৰলৈ যায়।

কণ্ডম, বড়ি আৰু আন সামগ্ৰী বিলাই ফুৰা কলাৱতীয়ে এনেকৈয়ে আশাকৰ্মীসকলক সহায় কৰি আহিছে। পোন্ধৰ দিনৰ মূৰত এবাৰ তেওঁ খোজ কাঢ়ি ২৫ মিনিট বাটৰ ভেটুৱা ব্লকত থকা স্বাস্থ্যকেন্দ্ৰটোলৈ যায় আৰু গৰ্ভনিৰোধক বড়ি লৈ আহে আৰু কাৰোবাক লগা হ’ব পাৰে বুলি ঘৰতে মজুত কৰি থয়। স্বাস্থ্যকেন্দ্ৰটোলৈ কোনো মহিলাই যাবলৈ টান পালে মোৰ পৰা লৈ যাব পাৰে। মানুহে তেওঁ পৰা কণ্ডম আৰু চহেলি গ’লি (জন্ম নিয়ন্ত্ৰণ বড়ি) বিচাৰি আহে। “মই সদায়ে সেয়া ঘৰত ৰাখো। প্ৰয়োজন সাপেক্ষে মই নিজেও বাহানা সাজি সিহঁতৰ ঘৰলৈ গৈ দি আহো,” কলাৱতীয়ে কয়।

স্বাস্থ্যকেন্দ্ৰৰ পৰা বড়িবোৰ বিনামূলীয়া। কণ্ডম আৰু চেনিটেৰি নেপকিন সেই অঞ্চলত কাম কৰা বেচৰকাৰী সংস্থাবোৰৰ পৰা লয়, প্ৰয়োজন হ’লে নিজৰ পইচাৰে স্থানীয় ফাৰ্মাচীৰ পৰা কিনিও আনে।

Women of family in Tikari speaking to ‘depot didi’ Kalavati Soni and ASHA worker Vinita Soni
PHOTO • Anubha Bhonsle
During the lockdowns in 2020, Kalavati used to meet women secretly and give them contraceptive pills like Mala-N and Saheli, and condoms as well
PHOTO • Anubha Bhonsle

বাওঁফালে : টিকাৰি গাঁৱৰ মহিলাই ডিপ দিদি কলাৱতী আৰু আশাকৰ্মী বিনিতা চনিৰ সৈতে কথা পাতিছে সোঁফালে : ২০২০ৰ লকডাউনৰ সময়ত কলাৱতীয়ে গোপনে মহিলাসকলক লগ ধৰি তেওঁলোকক মালা - এন আৰু চহেলি আদি গৰ্ভনিৰোধক বড়িৰ লগতে কণ্ডমো দিছিল

২০২০ৰ লকডাউনৰ মাহকেইটা তেওঁৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল। কোনেও ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা পৰিস্থিতিত গৰ্ভনিৰোধক বড়ি বিচাৰি কলাৱতীলৈ দিনে পাঁচোটামানকৈ কল আহিছিল। “মতাবোৰে ক’লৈকো ওলাই যোৱা নাছিল, কাম নাছিল আৰু মহিলাবোৰে ভয় খাইছিল যে আকৌ গাভাৰী হ’ব। বহুতৰ হৈছিলো। মই পথাৰলৈ গৈ গোপনে সিহঁতক বাহিৰত লগ কৰিছিলো আৰু চাপ্লাই থকালৈকে সিহঁতক কণ্ডম আৰু চহেলি গ’লি দিছিলো,” তেওঁ কয়। মহিলাৰো নিজা বাসনা থাকে আৰু “কেতিয়া সেই বাসনাই ভৰ কৰিব তাৰ নিৰ্দিষ্ট সময় নাথাকে,” তেওঁ যোগ দিয়ে।

“মই চিন্তাত পৰিছিলো। মোৰ হাতত একো নাছিল আৰু চাহিদা বাঢ়ি গৈ আছিল। মই কি কৰিব পাৰো? গাঁৱৰ সাতগৰাকী মহিলা, যিয়ে মই জনাত গৰ্ভধাৰণ কৰিব বিচৰা নাছিল, তেওঁলোকে লকডাউনৰ সময়ত গৰ্ভধাৰণ কৰিছিল। আপুনি এনে পৰিস্থিতিত কৰিবনো কি?” তেওঁ প্ৰশ্ন কৰে। তেওঁলোকে দেশখনত যেতিয়া লকডাউন ঘোষণা কৰিছিল, মহিলাৰ কথা ভাবিছিল জানো, তেওঁ অনুভৱ কৰে আৰু কয়, “কৌন চৌছতা হ্যে ইন সব চীজৌ কে বাৰে ম্যে, কি য়েহ ভী জৰুৰী হ্যে (কোনে ভাবে এইবোৰ কথা, এইবোৰো যে ইমান গুৰুত্বপূৰ্ণ কথা হ’ব পাৰে)?”

বছৰ বাগৰিছে, লাহে লাহে বিভিন্ন বয়সৰ মহিলাই কলাৱতীৰ সৈতে তেওঁলোকৰ জীৱন, লক্ষ্য আৰু সমস্যাৰ কথা মুকলিকৈ ক’বলৈ লৈছে। কলাৱতীৰ ওপৰত তেওঁলোকৰ বিশ্বাস গাঢ় হৈছে। “মই সকলো কাহিনী আৰু গুপুত কথাৰো ডিপ’ট হ’ল্ডাৰ,” এইবুলি কৈ তেওঁ হাঁহে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত -কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক - [email protected]

অনুবাদ: পংকজ দাস

Anubha Bhonsle is a 2015 PARI fellow, an independent journalist, an ICFJ Knight Fellow, and the author of 'Mother, Where’s My Country?', a book about the troubled history of Manipur and the impact of the Armed Forces Special Powers Act.

Other stories by Anubha Bhonsle
Illustrations : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das