৬ বজাত ৰায়পুৰত থকা টেলিবান্ধা ষ্টেছনত মই লৰালৰিকৈ ৰায়পুৰ-ধানতাৰি নেৰ’গজ ৰেলখনত উঠিলো, কোনোবা এজনে মোক বহিবলৈ দিলে। মই বহি লৈ কথা পাতিবলৈ ধৰিলো, প্ৰতিদিনে যাত্ৰীৰে ঠাহ খাই পৰা ৰেলখনত অহাযোৱা কৰা লোকৰ সৈতে মই ৰেলত উঠাৰ পিচৰে পৰা কথা পাতিবলৈ আৰম্ভ কৰি দিলো। মোৰ সহযাত্ৰীজনৰ নাম কৃষ্ণ কুমাৰ তাৰক। এই ৰেলপথত থকা কুৰুদ নামৰ ৰেল ষ্টেচনত ৰেলত উঠিবলৈ তেঁও নৱাগাঁও (থুহা)ৰ পৰা ১২ কিলোমিটাৰ পথ চাইকেল মাৰি আহে।

চত্তীশগড়ৰ ৰাজধানী চহৰ ৰায়পুৰত ৰেলত উঠিবলৈ সেই গাঁওখনৰ আন শ্ৰমিকৰ সৈতে কাহিলিপুৱাতে তেঁও ঘৰৰ পৰা ওলায়। তেঁওলোকে দিনমজুৰী কৰিবলৈ কাম বিচাৰি ওলাই আহে আৰু নিশা বহু পলমকৈ ঘৰ গৈ পায়। ৬৬ কিলোমিটাৰ পথত ৰেলখনে ধানতাৰিলৈ তিনিবাৰ অহা-যোৱা কৰে।

ৰায়পুৰত দিনমজুৰী ২০০ টকাৰ পৰা ২৫০ টকা যদিও ধানতাৰিত কৃষি শ্ৰমিকৰ মজুৰী কম-মাত্ৰ ১০০ টকা দিয়ে। যাত্ৰাকালত মোক শ্ৰমিকসকলে কলে যে ধানতাৰি জিলাত কৃষকসকলে বছৰত দুবাৰ শস্য চপায়, সেয়ে কৃষি শ্ৰমিকক চাহিদা যথেষ্ট আছে। এমজিএনৰেগা বা পঞ্চায়তৰ অধীনস্থ যিবোৰ কাম গাঁওবোৰত চলে, তাত এমাহৰ পিচত মজুৰীৰ টকা আদায় দিয়ে। কিন্তু চহৰত কাম কৰিলে টকা লগে লগে পায়। সেইকাৰণে দিনে ৬ ঘণ্টা অহা-যোৱাৰ সময় খৰছ কৰিও বহুতে চহৰত কাম কৰিবলৈ ভাল পায়।

এইখন ৰেলত অহা প্ৰায় ৪০ বছৰ বয়সীয়া কৃষ্ণ কুমাৰক মই সুধিলো যে তেঁও কৰপৰা আহে। 'মই কাম কৰিবলৈ ৰায়পুৰলৈ আহিছিলো আৰু এতিয়া ঘৰলৈ উভতি যাও। কুৰুদ ষ্টেচনৰ পান দোকানত মই চাইখেলখন থৈ আহিছো। মই ঘৰ গৈ পাওতে প্ৰায় দহটা বাজিব।' পান দোকানখনে দুটা ব্যৱসায় কৰে- দোকানত থৈ অহা ৫০-১০০ খন চাইকেলৰ প্ৰতিখনৰ বাবদ পাঁচ টকাকৈ লৈ চাইকেল ষ্টেণ্ড চলাই আছে।

আপোনাৰ নিজৰ খেতিৰ মাটি কিমান আছে আৰু এই বছৰ খেতি কেনেকুৱা হ'ল? তেঁও কলে- 'পাঁচ একৰ মাটি আছে, ৰবিশস্য এতিয়াও পথাৰতে আছে (মই লগ পোৱাৰ সময়ত)। খেতিৰ পৰা পোৱা ধান অলপ বিক্ৰী কৰিলো আৰু অলপ খাবৰ কাৰণে ঘৰত ৰাখিছো।’ জলসিঞ্চন ব্যৱস্থাৰে পানী দিয়া পথাৰত বছৰি দুটা খেতি কৰা হয়, খেতিৰ সময়ত আমি পৰিয়ালৰ সকলোৱে পথাৰত কাম কৰো। '২৫০০-৩০০০ টকাৰে কৃত্ৰিম সাৰ ক্ৰয় কৰিব লাগিব আৰু আন আন খৰছো আছে। আমাৰ পৰিয়ালৰ সদস্যৰ সংখ্যাও ৪৫ জন। আমাৰ পাঁচজন ভাই-ককাই, প্ৰত্যকেই বিবাহিত আৰু প্ৰত্যেকৰে ল’ৰা-ছোৱালী আছে। পত্নী বিমলা আৰু মোৰ পাঁচটা সন্তান আছে।’

মই সুধিলোঃ আপুনি কিমান পঢ়া-শুনা কৰিছিল? 'মই তৃতীয় শ্ৰেণীলৈ পঢ়িছিলো। মোৰ মা-দেউতাই মোক আৰু পঢ়িবলৈ নিদিলে। পঢ়াতকৈ কাম কৰিবলৈ ক’লে। আমাৰ আৰ্থিক অৱস্থা ভাল নাছিল। মোৰ দেউতাৰ তিনিগৰাকী পত্নি আছিল। প্ৰথমা পত্নীৰ দুটা ল'ৰা আৰু দুগৰাকী ছোৱালী আছিল-তাৰে এটা ল'ৰা মই।’
'If we miss the train, we just go back home,' says Krishna Kumar, because a bus ticket is not affordable and Raipur is too far to reach by his bicycle
PHOTO • Purusottam Thakur

'আমি যদি ৰেলখন ধৰিব নোৱাৰো, তেন্তে ঘৰলৈ উভতি যাব লাগিব।' কৃষ্ণ কুমাৰে ক’লে যে চাইকেলেৰে আহিবলৈ যথেষ্ট দুৰ হয় যদিও বাছৰ ভাড়া যথেষ্ট বেছি, আমি দিব নোৱাৰো।’

কৃষ্ণ কুমাৰ, অন্যান্য পিচপৰা জাতি (ওবিচি) সম্প্ৰদায় ঢিমৰৰ অন্তৰ্ভূক্ত- এই জাতিৰ পৰম্পৰাগত জীৱিকা হ'ল মাছ ধৰা। তেঁওলোকৰ যুটীয়া (বিপিএল) ৰেচন কাৰ্ডৰ পৰা তেঁওলোকে এমাহতত ৩৫ টকাত ৩৫ কিলোগ্ৰাম চাউল পায়। সেইখিনি চাউল পাঁচদিনতে শেষ হয়। তেঁওলোকৰ পাঁচটা গোটৰ (ইউনিট) যুটীয়া ৰেচন কাৰ্ডৰ পৰা ৰেহাই মূল্যত দুই লিটাৰ কেৰাচিন, এক কিলোগ্ৰাম চেনী আৰু প্ৰতিটো গোটে ২০০ গ্ৰামকৈ মচুৰ দাইল আৰু দুই কিলোগ্ৰাম নিমখ পায়।

'আমি গোটেইবোৰ ভাই-ককাই একেলগে ভালকৈ ডাঙৰ হৈছিলো। সৰুৰে পৰা মই সিহঁতক ডাঙৰ কৰিছো। ৰাজীৱ গান্ধীৰ মৃত্যুৰ এবছৰ আগতে মোৰ মাৰ মৃত্যু হৈছিল। দেউতাৰ মৃত্যুৰ পিছত দুয়োগৰাকী সতীয়া মাতৃৰ মৃত্যু হৈছিল। মোৰ ল’ৰা-ছোৱালীও সৰু, মই গোটেই পৰিয়ালৰ দায়িত্ব ল’ব লাগে। মই সিহঁতক পঢ়াব নোৱাৰিলো। সৰুৰে পৰা মই অভাৱৰ সৈতে যুঁজি আহিছো। সুখী হোৱা বা আৰাম কৰাৰ সময় নাই।’

তেঁও দৈনিক কিমান উপাৰ্জন কৰে? '২৫০ টকা। ঠিকাদাৰে আমাক তালিবান্ধাৰ পৰা উঠায়, আমি তাত শাৰী পাতি ৰৈ থাকো। কেতিয়াবা কাম নাপাও, কেতিয়াবা আমাৰ পলম হয় আৰু সময় মতে ৰায়পুৰ গৈ নাপাও। আমি পুৱা ৬ বজাতে ঘৰৰ পৰা ওলাও আৰু ৭.১৫ বজাত ৰেলখনে যাত্ৰা আৰম্ভ কৰে।’ তেঁওলোকে কিয় বাছেৰে ৰায়পুৰলৈ নাহে? 'যথেষ্ট খৰছী। তালিবান্ধালৈ ৰেলৰ টিকটত লয় ১৫ টকা (অলপ কম-বেছিও হয়, কোনটো ষ্টেচন উঠিছে, তাৰ ওপৰত নিৰ্ভৰ কৰে) আৰু ইয়াৰ বিপৰীতে বাছৰ ভাড়া হয় ৫০ টকা। সেইকাৰণে আমি যদি ৰেলখন ধৰিব নোৱাৰো, তেন্তে ঘৰলৈ উভতি যাও।’

আপোনাৰ ভাই-ককায়ে কিয় আপোনাৰ লগত এই কাম কৰিবলৈ নাহে? মই সিহঁতক মোৰ লগত আনিব নিবিচাৰো। সিহত যদি ৰায়পুৰলৈ আহে সিহতে সুৰাপান বা আন নিচা খাবলৈ আৰম্ভ কৰিব। আপুনি চাওকচোন, কিছুমান মানুহ নিচাসক্ত হৈ আচে আৰু ৰেলৰ ভিতৰতে জুৱা খেলিবলৈ আৰম্ভ কৰিছে। মোৰ ভাইকেইটাই গাঁৱতে কাম কৰে বা ১০০ টকা দিনমজুৰীত কাম কৰিবলৈ কুৰুদলৈ আহে।’

Trains along the Raipur-Dhamtari stretch ply three times a day, 2.5 to 3 hours one way, carrying hundreds of daily wage workers each time
PHOTO • Purusottam Thakur

ৰায়পুৰ-ধানতাৰিলৰ মাজত দিনে তিনিবাৰ ৰেলৰ চলাচল হয়। সময় লাগে আঢ়ৈ ঘণ্টা। প্ৰতিবাৰতে দিনমজুৰী কৰা শ শ শ্ৰমিকক অনা-নিয়া কৰে

কৃষ্ণ কুমাৰৰ ৫ টা ল’ৰা-ছোৱালীৰ ভিতৰত ডাঙৰ ছোৱালী কুসুমে দ্বাদশ শ্ৰেণীত পঢ়ে আৰু কনিষ্ঠ পুত্ৰ খিলেস্বৰে ৬ষ্ঠ শ্ৰণীত পঢ়ে। মাজৰ তিনিটাও স্কুললৈ যায়। কুসুমৰ কষ্টকৰ প্ৰচেষ্টাৰ বাবে তেঁও গৌৰৱ কৰে, তেঁও কয়, 'সিহঁতৰ লক্ষ্যবোৰ ডাঙৰ ডাঙৰ শিক্ষক হোৱা, নাৰ্ছ হোৱা, পুলিচ হোৱা, উকীল হোৱা, মোৰ ভাল নালাগে কাৰণ মই দুখীয়া মানুহ। মই সিহতক কৈছো যে মই সিহঁতক বেছি পঢ়াব নোৱাৰিম। ল’ৰা-ছোৱালীহঁতে কৈছে সিহতে দৰিদ্ৰতালৈ কেৰেপ নকৰে, যিকোনো উপায়েৰে সিহতে পঢ়ি যাব।’

কৃষ্ণ কুমাৰৰ লগত কথা পাতি থাকোতে মই মন কৰিলো যে প্ৰদীপ চাহু নামৰ ১৮ বছৰীয়া যুৱ শ্ৰমিকজন হাতত এটা ম’বাইল ফোন লৈ আমাৰ কথাবোৰ শুনি আছে। পিন্ধনত তেঁওৰ টি-চাৰ্ট আৰু জিনছ্। দৰ্জাৰ কাষত অকলে বহি আছে।

প্ৰদীপ আটাং গাঁৱত থাকে। কুৰুদৰ পৰা ৮ কিলোমিটাৰ দুৰত্ব হয়। কুৰুদ উন্নয়ন খণ্ডটোৰ কেন্দ্ৰীয় স্থান। তেঁও ক’ৰ পৰা আহিছে বুলি মই সুধিলো। তেঁও ক’লে, 'কাম বিচাৰি মই ৰায়পুৰলৈ গৈছিলো। ৰায়পুৰলৈ যাবলৈ আৰম্ভ কৰা মোৰ চাৰিদিন হৈছে। মই এই বছৰ দ্বাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষা দিম। এইবাৰেই মই প্ৰথম ঘৰৰ বাহিৰলৈ কাম বিচাৰি ওলাইছো।’

প্ৰদীপে ক’লে, 'কুৰুদ মান্দিত মোৰ দেউতাই কুলিৰ কাম কৰিছিল। কিন্তু দেউতাৰ অসুখ হোৱা বাবে ঘৰত উপাৰ্জন কৰিব পৰা আন কোনো নাই (অন্ততঃ এই সময়ত)।’ দেউতাকে নেৰানেপেৰা জ্বৰত ভূগি থকাৰ বাবে মাকেও কাম কৰিবলৈ যাব পৰা নাই। দৈনিক দিন মজুৰী কৰি প্ৰদীপৰ মাতৃয়ে ১০০ টকা উপাৰ্জন কৰে। এতিয়া উপাৰ্জন বন্ধ হৈ যোৱাত ঘৰ নচলা হৈ পৰিছে।

'ময়ো কাম কৰিবলৈ যাম বুলি কোৱাত মোৰ দেউতা আৰু দাদা খুব হতাশ হৈ পৰিল।’ প্ৰদীপে ক’লে, 'মই সিহঁতক কোনোমতে বুজালো যে দেউতা সুস্থ হৈ নুঠালৈকে মই কাম কৰিম। মোৰ দাদা পংকজে আজিও আনদিনৰ দৰে কাম কৰিবলৈ গৈছে। মোৰ দাদা কলেজৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ, পৰীক্ষাৰ আগতে কেইদিনমান সময় পোৱাত কাম কৰিবলৈ গৈছে। মান্দিত দাদাই কেৰাণী কাম পাইছে। মান্দিত শস্যৰ বস্তাবোৰ পঠাব লাগে আৰু হিচাপ ৰাখিব লাগে। ময়ো কেৰাণীৰ কাম এটা পাইছিলো, কিন্তু মাহে মাত্ৰ ৩০০০ টকা দৰমহা দিয়ে। সেই কাৰণে মই ঘৰৰ ওচৰৰ মানুহক ক’লো যে মোকো তেঁওলোকৰ লগত ৰায়পুৰলৈ লৈ আহিব লাগে। ইয়াত মই দিনে ২৫০ টকা পাওঁ।’

'Usually there is no space in the bogie and people hang outside the doors', says Pradeep Sahu
PHOTO • Purusottam Thakur

'ৰেলৰ ডবাত সাধাৰণতে ঠাই নাথাকে, সেইকাৰণে মানুহ দৰ্জাৰ বাহিৰত ওলমি আহিব লগা হয়, প্ৰদীপ চাহুৱে ক’লে

ৰায়পুৰত কাম কৰি কেনেকুৱা লাগিছে? 'অসুবিধা পোৱা নাই, কিন্তু ছাত্ৰ জীৱনেই ভাল। প্ৰথম দিনা মই দুৰ্গন্ধময় লেতেৰা নৰ্দমা চাফা কৰিছিলো। মোৰ অলপো ভাল লগা নাছিল। আন শ্ৰমিকসকলৰ ঠিকেই আছে, কিন্তু সদায় অহা-যোৱা কৰাত সমস্যা আছে। আজি ৰবিবাৰ হোৱা কাৰণে ৰেলত বেছি ভিৰ হোৱা নাই, কিন্তু আন দিনা ৰেলৰ ভিতৰত ঠাই নাথাকে, মানুহে দৰ্জাৰ বাহিৰত ওলমি আহিবলগা হয়।’

দিন মজুৰী কৰি পোৱা টকা কি কামত লগাব প্ৰদীপে? প্ৰদীপে ক’লে যে প্ৰথমতে মাকৰ বাবে এখন শাৰী কিনিব। তাৰ পিচত নিজৰ কাৰণে এটা ম’বাইল ফোন কিনিব আৰু অলপ কাপোৰ দৰকাৰ হ’লে কিনিব। 'মই লৈ অহা ফোনটো মোৰ দেউতাৰ, ৰায়পুৰলৈ আহোতে যোগাযোগ ৰাখিবৰ কাৰণে দেউতাই মোক ফোনটো লৈ আহিবলৈ দিছিল। কেতিয়াবা যদি ৰাতি কাম কৰিবলগা হয়, তেতিয়া ঘৰলৈ যাব নোৱাৰিম বুলি ঘৰত জনাব লাগিব।’ 'তুমি ইণ্টাৰনেট কৰিব পৰা ফোনৰ কথা ভাবিছা নেকি?’ মই সুধিলো। 'অ’ ভাবিছো, কাৰণ এতিয়া ইণ্টাৰনেটৰ বৰ দৰকাৰ। আমি যিকোনো বস্তু চাব পাৰিম বা ডাউনলোড কৰি ল’ব পাৰিম, গানেই হওক বা বাতৰিয়েই হওঁক।

তেতিয়া নিশা প্ৰায় ৯ বাজিবৰ হৈছে, ৰেলখন কুৰুদ ষ্টেচনৰ ওচৰ পাইছে। মই দেখিলো যে এগৰাকী প্ৰায় ৪০ বছৰীয়া মহিলা অকলে ৰেলত আহিছে, তেঁও বাহিৰৰ ফালে চাই আছে। মই সুধিলো যে কিমান দিনৰ পৰা তেঁও এইখন ৰেলত অহা-যোৱা কৰিছে? 'প্ৰায় ১৮ বছৰ হ’ল’ তেঁও ক’লে। 'মই সদায় অভানপুৰলৈ যাও, (ৰায়পুৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ হ’ব) তাত মই শাক-পাচলি বিক্ৰী কৰো।’

আজি কিমান টকা উপাৰ্জন কৰিলে বুলি সুধিলো? 'টেঙা শাক-পাচলি কিছু বিক্ৰী কৰি আজি ২৫০ টকা পালো, ইয়াৰ ভিতৰত লাভ হ’ল ১০০ টকা। আজি বেপাৰ ইমান ভাল নহয়। সাধাৰণতে মই ২৫০ টকাৰ পৰা ৩০০ টকা উপাৰ্জন কৰো।’

তেঁওৰ নামটো প্ৰকাশ কৰিব নালাগে বুলি মোক ক’লে। 'মোৰ পঢ়া-শুনা নাই। কিন্তু মোৰ আত্মীয়বিলাকৰ পঢ়া-শুনা আছে আৰু দৰমহা পোৱা চাকৰি কৰে। মোৰ নাম যদি ক’ৰবাত ওলায়, দেশৰ যিকোনো ঠাইত হ’লেও সিহঁতে পঢ়িব, এইটো মোৰ বাবে সন্মানৰ কথা।’

Kendri to Dhamtari train
PHOTO • Purusottam Thakur

২০১৮ৰ এপ্ৰিলত চৰকাৰে এই ৰেলপথটোৰ দৈৰ্ঘ্য ৫২ কিলোমিটাৰলৈ হ্ৰাস কৰিলে। ৰায়পুৰত ৰেলপথটোৰ এচোৱাক এক্সপ্ৰেছ হাইৱেত চামিল কৰিবলৈ লৈছে।

তেঁওক নিশ্চয়তা দিলো যে মই তেঁওৰ নাম ক’তো প্ৰকাশ নকৰো। তাৰ পিচত তেঁও ক’বলৈ ধৰিলে, 'শাক-পাচলি কেনেকৈ বিক্ৰী কৰিব লাগে মই জানো। সকলোৱে নোৱাৰে। ধৰি লওক আপোনাৰ এটা চাকৰি আছে, এই কামটো শ্ৰমিকবোৰে কৰিব জানো পাৰিব? মই মোৰ জোকাৰিলো।

তেঁও স্কুললৈ গৈছিল নে? 'একেবাৰে যোৱা নাই। আমাৰ খাবলৈকে নাছিল। মোৰ মা-দেউতাই দিন মজুৰী কৰিছিল। মই সৰু সৰু ল’ৰা-ছোৱালীকেইটাক চোৱাচিতা কৰিছিলো। মই আনকি আগতে এখন এশটকীয়া নোট দেখা নাছিলো।’

কুসুমৰ বৰ পুত্ৰ বিবাহিত আৰু কাম কৰিবলৈ তেঁৱো এই ৰেলতে আহিছে। কিন্তু তেঁও ক’লে, 'আজিকালি গাঁৱত কৃষি পামত কাম পোৱা যায়, সেই কাৰণে ডাঙৰ ল’ৰাই মাহে দুই-তিনিশ খৰছ কৰি ছমহীয়া কম্পিউটাৰ প্ৰশিক্ষণ লৈছিল। এতিয়া সি সেই কেন্দ্ৰটোতে কামত সোমাইছে আৰু মাহে ৩,০০০-৩,৫০০ টকা উপাৰ্জন কৰে। সি মোক এটকাও নিদিয়ে। বাণিজ্যিক পাঠ্যক্ৰমৰ চতুৰ্থ বাৰ্ষিকত পঢ়ি থকা ভনীয়েকৰ বাবে মাহে ১০০০ টকা খৰছ কৰে।’ তাৰ পিছত তেঁও ক’লে, 'মই মোৰ নাম লেখিব পাৰো। বেংকৰ একাউণ্টত টকা জমা কৰিবলৈ শিকোৱা মানুহজনেই মোক নাম লিখিবলৈ শিকাইছিল। ’

কুৰুদ ষ্টেচন পাবলৈ প্ৰায় ২ কিলোমিটাৰ থাকোতে ইলেকট্ৰিক লাইট জ্বলি থকা এটা ঘৰলৈ আঙুলিয়াই দি তেঁও মোক ক’লে সেইটো তেঁওৰ ঘৰ। ৰেলখন ষ্টেচনত ৰোৱাৰ লগে লগে লগত অনা শাক-পাচলিৰ মোনাটো লৈ তেঁও ৰেলৰ পৰা নামি দিলে।

পুনশ্চঃ ২০১৮ৰ এপ্ৰিলত চৰকাৰে এই ৰেলপথটোৰ দুৰত্ব ৫২ কিলমিটাৰলৈ হ্ৰাস কৰিলে। প্ৰস্তাৱিত এক্সেপ্ৰেছ হাইৱে নিৰ্মানৰ কাৰণে ৰায়পুৰত ৰেলপথটোৰ একাংশ হস্তগত কৰিলে। এই ৰেলখনৰ শেষৰটো ষ্টেচন হ'ল কান্দেৰি, টেলিবান্ধ নহয়। শ্ৰমিকসকলৰ সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে।

মূল হিন্দী ভাষাত ৰুচি ভাৰ্স্নেয়াৰ লিখনীৰ পৰা অনুবাদ কৰা হৈছে।

অনুবাদঃ পংকজ দাস

Purusottam Thakur

Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker and is working with the Azim Premji Foundation, writing stories for social change.

Other stories by Purusottam Thakur
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das