আৰক্ষী থানাৰ সমুখতে যে তেঁও নিজৰ পত্নিক মাৰ-ধৰ কৰি আছিল সেয়া তেঁওৰ বাবে একো ডাঙৰ কথা নাছিল। হৌচাবাঈ পাটিলৰ মদৰ ৰাগীত মাতাল স্বামীয়ে তাইক নিৰ্দয়ীভাৱে প্ৰহাৰ কৰিবলৈ ধৰে। "মোৰ পিঠিখনৰ বিষাবলৈ ধৰিছিল," তেঁও মনত পেলালে। এই সমগ্ৰ ঘটনা ভৱানী নগৰৰ(চাংলিৰ) আৰক্ষী থানাৰ সমুখতে ঘটিছিল। কিন্তু তাতে চাৰিজনৰ মাত্ৰ দুজন পুলিচহে উপস্থিত আছিল। "বাকী দুজনে দুপৰীয়াৰ আহাৰ খাবলৈ ওলাই গৈছিল।" সেই সময়তে তাইৰ নিচাসক্ত স্বামীয়ে "তোক আজি ইয়াতেই মাৰি পেলাম" বুলি কৈ শিল এটা হাতত তুলি লৈ গুজৰিবলৈ ধৰিলে। 

কাণ্ড-কাৰখানা দেখি ভিতৰত থকা পুলিচ দুজন উধাতু খাই দৌৰি আহিল। "তেঁওলোকে সেই কন্দল আঁতৰাবলৈ চেষ্টা কৰিলে।" এইখিনি সময়তে হৌচাবাঈয়ে তাতে উপস্থিত থকা ভায়েকক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে যে তাই মাতাল স্বামীৰ ঘৰলৈ ঘুৰি যাবলৈ নিবিচাৰে। "মই ক'লো নহয়, মই নাযাও, মই নাযাও। মই ইয়াতে থাকিম, মোক তোৰ ঘৰৰ কাষতে অকণমান ঠাই দি দে। গিৰীৰ লগত গৈ মৰাতকৈ মই ইয়াতে থাকি যি পাও সেইৰেই চলিম…মই তেঁওৰ মাৰ-ধৰ খাই জীয়াই থাকিব নোৱাৰোঁ।" কিন্তু ভায়েকে তাইৰ অনুৰোধ নুশুনিলে।

পুলিচ দুজনে দম্পত্তিহালক দীঘলীয়া সময় ধৰি বুজালে। শেষত গৈ তেঁওলোকে সেই দম্পত্তিহালক লগত লৈ গৈ সিহতৰ গাঁৱলৈ যোৱা ৰেলগাড়ীত উঠাই দিলে। "আনকি সিহতে আমাৰ টিকটো কাটি দিলে আৰু মোৰ হাতত তুলি দিলে। সিহতে মোৰ স্বামীক ক'লে- যদি তোৰ ঘৈণীক লগত থকাটো বিচাৰিছ, তেন্তে তাইক ভাল ব্যৱহাৰ কৰিবি, তাইৰ যত্ন লবি। কাজিয়া নকৰিবি।" 

এইখিনি সময়তে হৌচাবাঈৰ কমৰেডকেইজনে আৰক্ষী থানা লুটি নিলে, তাতে থকা চাৰিটা ৰাইফল চুৰি কৰিলে,যিটো কাৰণতে তাই আৰু তাইৰ ভুৱা 'গিৰীয়েক' আৰু 'ভায়েক'য়ে আৰক্ষীৰ চকুত ধুলি চটিয়াবলৈ সেই দুৰ্বিসহ নাটকখন কৰিছিল। সেয়া আছিল ১৯৪৩ চনৰ কথা, তেতিয়া তাইৰ বস ১৭ বছৰ। তিনিবছৰ আগতে তাইৰ বিয়া হৈছিল। আৰু এটা কেচুৱা আছিল। বিয়া হৈছিল সুভাষৰ লগত যিয়ে ব্ৰিটিছ সাম্ৰাজ্য বিৰোধী এক মিছনত ওলাই যাওতে প্ৰাণ হেৰুৱাইছিল। এতিয়া তাই খুড়ীয়েকৰ লগতে থাকে। ৭৪ বছৰ পিছতো তাইৰ সেই কথাই এতিয়াও আমনি দিয়ে যে তাইৰ ভুৱা গিৰীয়েকে মৰাৰ নাটকখনত তাই বাৰুকৈয়ে দুখ পাইছিল। "মোৰ চকু আৰু কাণৰ জোৰ কমিছে, কিন্তু মই সকলোখিনি নিজেই কৈ যাম," ৯১ বছৰ বয়সীয়া হৌচাবাঈয়ে মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ ভিটাত বহি কথাবোৰ ক'বলৈ ধৰিলে। 

অসমী সাহসী স্বাধীনতা সংগ্ৰামী হৌচাবাঈয়ে নিজ জীৱনৰ কথা কৈছে

'মই বাকচটোত শুব পৰা নাছিলো, বাকচটো আমি ডুবিবও দিব পৰা নাছিলো। মই সাতুৰিব জানিছিলো, কিন্তু সেইখন বোৱতী নৈ। সেই মান্দোভি নদীখন সৰু নদী নাছিল'

হৌচাবাঈ পাটিলে এইখন দেশৰ স্বাধীনতাৰ হকে যুঁজ দিছিল। তাই আৰু তাইৰ সহযোগী অভিনেতাসকল আছিল তুফানী সেনাৰ (টাইফুন বা ঘূৰ্ণীবতাহ বাহিনী)ৰ এক অংশ। সেই সেনা আছিল চাতাৰাৰ গোপন প্ৰতি চৰকাৰৰ সশস্ত্ৰ বাহিনীৰ এটা অংশ। সেইখন চৰকাৰেই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে ১৯৪৩ চনত বিদ্ৰোহ ঘোষণা কৰি স্বাধীনতা ঘোষণা কৰিছিল। কুণ্ডলত ৰাজধানী পাতি প্ৰতি চৰকাৰে দৰাচলতে ৬০০ খন গাঁও (তাতোকৈও অধিক) নিজৰ অধীনত ৰাখি শাসন কৰিছিল। হৌচাবাঈৰ পিতৃ কিংবদন্তি নানা পাটিল আছিল প্ৰতি চৰকাৰৰ মুখীয়াল।

১৯৪৩ আৰু ১৯৪৬ চনৰ ভিতৰত হৌচাবাঈ (বহুতেই আকৌ হৌচাতাঈ বুলি মাতে, তাঈ মানে হৈছে মাৰাথা ভাষাত সন্মানজনক অৰ্থত ডাঙৰ ভনীক মতা সম্বোধন) আছিল বিপ্লৱীসকলৰ গোটবোৰৰ সদস্য যিয়ে ব্ৰিটিছৰ ট্ৰেইন আক্ৰমণ কৰিছিল, পুলিচৰ অস্ত্ৰ-শস্ত্ৰ লুতপাত কৰিছিল আৰু ডাক বঙলাবোৰ জ্বলাই দিছিল। (সেই সময়ত সিবোৰ আছিল ডাকঘৰ, ভ্ৰমণ কৰা বিষয়াৰ জীৰণি লোৱা ঠাই আৰু কেতিয়াবা আনকি অস্থায়ী আদালতো তাতে বহিছিল। ১৯৪৪ চনত গোৱাৰ গোপন অভিযানত তেঁও ভাগ ল'লে, তাৰপিছত পৰ্টুগীজ শাসকৰ সহায়ত মান্দোভি নদীত কাঠৰ বাকচত উঠি মাজৰাতি অইন কমৰেডৰ সৈতে সাতুৰি গৈছিল। কিন্তু তাই কয়, মই মোৰ বাপুৰ তুলনাত খুব কম কামেই কৰিছিলো, একো ডাঙৰ বা মহান কাম কৰা নাছিলো। 

"মোৰ তিনি বছৰ বয়স হৈ থকা সময়তে মাৰ মৃত্যু ঘটিছিল," তাই কয়। "সেই সময়ত মোৰ দেউতা ইতিমধ্যেই স্বাধীনতা আন্দোলনৰ বাবে অনুপ্ৰাণিত হৈ পৰিছিল। আগতেও জ্যোতিবা ফুলেৰ আদৰ্শই তেঁওৰ পথ প্ৰদৰ্শন কৰিছিল। একেদৰে মহাত্মা গান্ধীয়েও তেঁওক পথ দেখুৱাইছিল। তেঁও তালাতি হিচাপে (গাঁৱৰ হিচাপৰক্ষক) কাম কৰিবলৈ এৰে আৰু স্বাধীনতা সংগ্ৰামত যোগ দিয়ে (পুৰ্ণকালীন হিচাপে)…উদ্দেশ্যে আছিল আমাৰ নিজা চৰকাৰ অনা। আৰু ব্ৰিটিছ চৰকাৰৰ (বাৰুকৈয়ে) ক্ষতি কৰা যাতে আমি তাৰ পৰা মুক্তি পাব পাৰো।" 

নানা পাটিল আৰু তেঁওৰ সহযোগীবোৰৰ ওপৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰি হৈছিল। "তেঁওলোকে গোপনে তেঁওলোকৰ কাম চলাবলগীয়া হৈছিল।" নানা পাটিলে ইখনৰ পৰা সিখন গাঁও ঘুৰি ফুৰিছিল আৰু মানুহক বিদ্ৰোহৰ সপক্ষে মাত মাতিবলৈ উদ্দাত্ত কণ্ঠৰে ভাষণ দিছিল। "তাৰ পিছত তেঁওলোকে আত্মগোপন কৰিছিল। তেঁওলোক আছিল ৫০০ জনমান মানুহ আৰু আটাইৰে নামত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল।"

A photograph of Colonel Jagannathrao Bhosle (left) & Krantisingh Veer Nana Patil
Hausabai and her father Nana Patil

বাওফালেঃ ১৯৪০ৰ দশকৰ এখন ছবিত হৌচাবাঈৰ পিতা নানা পাটিল 'আজাদ হিন্দ সেনা'ৰ (নেতাজী সুভাষ চন্দ্ৰ বসুৱে গঠন কৰা বাহিনী)ৰ কৰ্ণেল জগন্নাথৰাও ভোসলেৰ (সেনাৰ পোচাকত) সৈতে। সোফালেঃ দুই ননদ যশোদাবাঈ (বাওফালে) আৰু ৰাধাবাঈৰ (মাজত) লগত স্বাধীনতাৰ কিছুদিনৰ পিছত তোলা এখন ছবিত 

এনে চৰম অবাধ্যতাৰ বাবে মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল। ব্ৰিটিছে নানা পাটিলৰ পাম আৰু সম্পত্তি জব্দ কৰিছিল। তেঁও আত্মগোপন কৰি থকা কালচোৱাত পৰিয়ালে জীয়াতু ভুগিবলগীয়া হৈছিল। 

"চৰকাৰে তেতিয়া আমাৰ ঘৰো জব্দ কৰিলে। আমি ভাত ৰান্ধি আছিলো, ভাকৰি আৰু বেঙেনা জুইত সেকি আছিলো, তেতিয়া তেঁওলোক আহি উপস্থিত হৈছিল। তাতে আমাৰ বাবে মাত্ৰ এটা কোঠা আছিল। মোৰ আইতা, মই, মোৰ খুড়ী কিমানজন যে সেইখন ঘৰত নাছিল।"

ব্ৰিটিছ চৰকাৰে হৌচাবাঈৰ সেই সম্পত্তি নিলাম কৰাৰ চেষ্টা কৰিছিল যদিও কোনো লওতা নোলাল। তাই মনত পেলায়, "প্ৰত্যেক ৰাতিপুৱা আৰু আবেলি তাতে এজন দাৱাণ্ডি ওলাব- গাঁৱত ঘোষণা কৰা লোক, তেঁও চিযঁৰি ক'বঃ নানা পাটিলৰ পামখন নিলাম কৰা হ'ব। কিন্তু মানুহে নানাৰ পামখন কিয়নো ল'ব? তেঁও কাকো লুতপাত কৰা নাই, কাকো হত্যা কৰা নাই।"

যাহওক, আমি সেই মাটিত খেতি কৰিবপৰা নাছিলো…(গতিকে) আমি জীৱিকাৰ বাবে কিবা এটা কৰিব লাগিব। জীৱিকা মানে কি কৈছো আপুনি বুজিছেনে? তাৰ মানে আমি অইন মানুহৰ তাত কিবা কৰিব লাগিব।" কিন্তু অইন মানুহে বৃটিছ সাম্ৰাজ্যৰ পৰা ৰোষৰ বলি হ'ব বুলি ভয় খালে। "সেয়ে আমি গাঁৱত একো কাম নাপালো।" তেতিয়া মামাই আমাক এজোৰ বলদ আৰু এখন গৰুগাড়ী দিলে। "যাতে আমি আমাৰ গৰুগাড়ীখন ভাড়ালৈ দি কিছু টকা আৰ্জিব পাৰো।" 

"আমি গুৰ, চীনাবাদাম, জোৱাৰ আদি কঢ়িয়াইছিলোঁ। গাড়ীখন য়েৰে মাচ্চচিন্দ্ৰা (নানাৰ গাঁও)ৰ পৰা টাকাৰি গাঁৱলৈ যায়, আমি ৩ টকা পাইছিলো। যদি সিখন কাৰাড়লৈ যায় (প্ৰায় ২০ কিলোমিটাৰ দুৰৈৰ) তেতিা আমি ৫ টকা পাইছিলো। সেয়াই আছিল আমাৰ উপাৰ্জন (ভাড়াৰ পৰা আমি টকা উপাৰ্জন কৰিছিলোঁ)।"

Yashodabai (left), Radhabai (mid) and Hausatai. They are her sisters in law
PHOTO • Shreya Katyayini

হৌচাবাঈৰ মতে দেশৰ স্বাধীনতাৰ হকে তেঁও 'খুবেই সামান্য কাম' কৰিব পাৰিছে 

মোৰ আইতাই পথাৰৰ পৰা কিবা খান্দি উলিয়ায়। খুড়ী আৰু মই বলদকেইটাক খুৱাইছিলো। আমাৰ গৰুগাড়ীখন সেই বলদহালৰ ওপৰতেই নিৰ্ভৰ কৰিছিল। সেয়ে আমি জীৱ-জন্তুবোৰক ভালদৰে খুৱাবলগীয়া হৈছিল। গাঁৱৰ মানুহে আমাৰ লগত কথা নাপাতিছিল। দোকানীয়ে আমাক নিমখ দিয়া নাছিল, (কৈছিল) 'অইন ক'ৰবাৰ পৰা লওক।' কেতিয়াবা নামাতিলেও আমি উপযাচি অইনৰ খেতিপথাৰ কাম কৰি দিও, আশা কৰো যে আমি ৰাতিলৈ কিবা খাবলৈ পাম। আমি ডিমৰুৰ গুটি পাইছিলো আৰু সেয়া সিজাই আঞ্জা বনাই খাইছিলো।" 

আণ্ডাৰগ্ৰাউণ্ড সেনাত হৌচাবাঈৰ কাম আছিল তথ্য সংগ্ৰহ কৰা। তেঁও আৰু তেঁওৰ সহকৰ্মীয়ে বাংগী (এতিয়াৰ চাতাৰা জিলাৰ অন্তৰ্ভুক্ত) আদিকে ধৰি আক্ৰমণৰ বাবে মূল তথ্য গোটাইছিল। বাংগীত এটা ডাক বঙলা জ্বলাই দিয়া হৈছিল। "কামটো আছিল কিমানজন পুলিচকৰ্মী আছে, কোন কেতিয়া ওলাই যায়, কেতিয়া আহে আদি- এয়াই আছিল তেঁওলোকৰ কাম," তেঁওৰ পুত্ৰ অধিবক্তা সুভাষ পাটিলে কয়। "বঙলাবোৰ জ্বলোৱা কাম অইনে কৰিছিল।" তাতে ভালেকেইটা বঙলা আছিল। "সিহতে আটাইবোৰ জ্বলাই দিছিল," সুভাষে কয়। 

হৌচাবাঈৰ দৰে অইন মহিলা আণ্ডাৰগ্ৰাউণ্ডত আছিলনে? হয় আছিল, তেওঁ কয়। "শালুতাঈ (শিক্ষকৰ পত্নি), লীলাতাঈ পাতিল, লক্ষ্মীবাঈ নাইকৱাড়ি, ৰামমাতি পাটিল (সেইসকল) তাৰে মাজৰে মহিলা আছিল।"

হৌচাবাঈৰ ভালেমান দুঃসাহসিক অভিযানত 'চেলাৰ মামা'ই আৰু কিংবদন্তি বিপ্লৱী জি.ডি. বাপু লাদে সংগ দিছিল। 'চেলাৰ মামা' আছিল তেঁওৰ কমৰেড সংগী কৃষ্ণ চৌলাংকীৰ গুপ্ত নাম। (আচল চেলাৰ মামা হৈছে ১৭ শতিকাৰ মাৰাথা যোদ্ধা)। 

বাপু লাদ আছিল প্ৰতি চৰকাৰ আৰু তুফান সেনাৰ শীৰ্ষস্থানীয় নেতা আৰু "মোৰ ভাতৃ, মোৰ মাহীৰ সন্তান," তেঁও কয়। "বাপুয়ে সদায় মোলৈ বাৰ্তা পঠায়- 'ঘৰত বহি নাথাকিবি!' তেঁও আৰু মই ভাই-ভনী হিচাপে কাম কৰি আহিছিলো। কিন্তু মানুহে কেতিয়াও সন্দেহ কৰিবলৈ নেৰিছিল। কিন্তু মোৰ স্বামীয়ে জানিছিল যে বাপু আৰু মই সঁচাকৈয়ে ভাই-ভনী আছিলো। আৰু মোৰ স্বামীৰ নামতো গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। আমি যেতিয়া গোৱালৈ গৈছিলো, তেতিয়া কেৱল বাপু আৰু ময়ে একমাত্ৰ আছিলো।"

গোৱাৰ অভিযান আছিল এজন কমৰেডক উদ্ধাৰ কৰা যাক চাতাৰাৰ সেনাৰ বাবে অস্ত্ৰ সৰবৰাহ কৰোতে পৰ্টুগীজ পুলিচে আটক কৰিছিল। "তাতে বাল জোশী নামৰ এজন কৰ্মী আছিল যাক অস্ত্ৰ নিওতে পুলিচে ধৰিছিল। তেঁওক ফাঁচি দিয়া হ'লহেঁতেন। বাপুয়ে ক'লে, 'আমি তেঁওক জেলৰ পৰা উলিয়াই ননালৈকে ঘুৰি নাহো।'।"

Hausatai and her family
PHOTO • Namita Waikar
Hausatai (left) and Gopal Gandhi
PHOTO • Shreya Katyayini

হৌচাতাঈ তেঁওৰ পৰিয়ালৰ সদস্যৰ সৈতে যোৱাবছৰ আৰু (সোফালে) হৌচাতাঈ আৰু অনান্য স্বাধীনতা সংগ্ৰীমীৰ সন্মান জনোৱাৰ উদ্দেশ্যে ২০১৭ বৰ্ষৰ জুন মাহত অহা পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল তথা মহাত্মাৰ নাতি গোপাল গান্ধী 

হৌচাবাঈয়ে তেঁওৰ 'ভনী'ৰ ভাও জুৰি জেলত তেঁওক সাক্ষাত কৰিলে। "(সৰু) কাগজ এখনত পলোৱাৰ পৰিকল্পনা লিখি মই চুলিৰ খোপাত সেয়া লুকাই আনিলো। তদুপৰি তেঁওলোকে সেৱাৰ বাবে অস্ত্ৰও নিবলগীয়া আছিল, যিবোৰ পুলিচৰ হাতত তেতিয়ালৈকে পৰা নাছিল। তেতিয়া ওভটনি যাত্ৰা শংকাকূল হৈ পৰিল।" 

“পুলিচবোৰে মোক দেখিছিল আৰু আটায়ে চিনি পাব।" সেয়ে তেঁওলোকে ট্ৰেইনৰ সলনি খোজকাঢ়ি বাট অতিক্ৰম কৰাৰ কথা চিন্তা কৰিলে। "কিন্তু মাজতে পৰে মান্দোভি নদী- তাতে নাও নাছিল, আনকি মাছমৰীয়া ডিঙা এখনো নাছিল। আমি জানিছিলো যে আমি সাতুৰি পাৰ হ"ভ লাগিব। নহলে আমি আৰক্ষীৰ হাতত আটক হ'বলগীয়া হ'ব। কিন্তু পাৰ হ'ম কেনেকৈ? মাছমৰীয়া জাল এখনৰ তলত থৈ দিয়া এটা ডাঙৰ কাঠৰ বাকচ (আমি পালো)।" বাকচটোৰ ওপৰত পেট পেলাই পৰি তাই মাজৰাতি সেই নদীখনত ভাঁহি গৈ থাকিল, কাষে কাষে সাতুৰি সংগ দিলে তাইৰ সহযোগী কমৰেডে। 

"মই বাকচটোত শুব পৰা নাছিলো, বাকচটো আমি ডুবিবও দিব পৰা নাছিলো। মই সাতুৰিব জানিছিলো, কিন্তু সেইখন বোৱতী নৈ। সেই মান্দোভি নদীখন সৰু নদী নাছিল। অইন (একে গোটৰে) বহুতেও সাতুৰি আছিল…তেঁওলোকে শুকান কাপোৰ মুৰত বান্ধি লৈছিল- যাতে পিছলৈ পিন্ধিব পাৰে।" এনেদৰে তেঁওলোকে নৈখন সাতুৰি পাৰ হৈছিল। 

"(তাৰপিছত) আমি হাবিৰ মাজেৰে খোজকাঢ়ি গ'লো…দুদিনৰ বাট। কেনেবাকৈ আমি সেই হাবিৰ পৰা বাট বিচাৰি পালো। ঘৰলৈ উভতিবলৈ আমাক ১৫ দিন সময় লাগিছিল।"

বাপু আৰু হৌচাবাঈয়ে অস্ত্ৰ নিজে সংগ্ৰহ কৰা নাছিল, কিন্তু সেয়া পৰিবহনৰ বাবে ব্যৱস্থা কৰিছিল। তাৰে বহুদিন পিছত জোশীয়েও জেল ভাঙি পলাবলৈ সক্ষম হৈছিল। 

আমি সামৰি-সুতৰি ওলাবলৈ লোৱাৰ সময়তে তিৰবিৰাই উঠা চকুহালেৰে তেঁও পাৰি দলটোক ক'লে, গতিকে মোক এতিয়া তোমালোকৰ লগত লৈ যাবানে?" 

"কিন্তু ক'লৈ হৌচাবাঈ?" 

"তোমালোকৰ লগত কাম কৰিবলৈ," কৈ তেঁও হাঁহিবলৈ ধৰিলে। 

অনুবাদঃ পংকজ দাস 

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath