"চৰকাৰে সুন্দৰবনৰ হাবিবোৰহে দেখা পায়, তাতে থকা মানুহবোৰ নেদেখে," গীতা মৃধাই কয়। মৃধাৰ মাছমৰীয়া গিৰীয়েকক ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত বাঘে মাৰিছিল। ক্ষতিপুৰণৰ বাবে যোগ্য হোৱা স্বত্বেও গীতাই কোৱামতে তাই একো নাপালে। তাইৰ লগতে ভালেমান অইন মহিলাইও তেওঁলোকৰ গিৰীয়েকবোৰ বাঘে মৰাৰ পিছত ক্ষতিপুৰণ পোৱা নাই।

"সিহতে আপোনাৰ ভোট সুধিবলৈ নাপাহৰে," তাই কয়। গীতাই ভোট দিলে। "নাগৰিক হিচাপে মই মোৰ দায়িত্ব পালন কৰিলো," তাই ক'লে। গীতৰ ঘৰ সুন্দৰবনৰ ৰজত জুবিলী গাঁৱত।


02-IMG_2993-US-Voting in a Sundarbans Village.jpg

"নাগৰিক হিচাপে মই মোৰ দায়িত্ব পালন কৰিলো," ৰজত জুবিলি গাঁৱৰ গীতা মৃধাই ক'লে

ৰজত জুবিলি হৈছে চাউথ ২৪ পাৰাগানাচ জিলাৰ লাহিৰিপুৰ গ্ৰাম পঞ্চায়তৰ ২২ খন গাঁৱৰ অনুসূচীত জাতি অধ্যূষিত এখন গাওঁ।

৩০ এপ্ৰিলত গোচাবাৰ গঞা ৰাইজে পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনৰ বাবে ভোটদান কৰিলে। ইযাৰে প্ৰায়ভাগেই ৰজত জুবিলিৰ সমীপৱৰ্তী এলেকাবোৰতে থাকে। ভোটদান কেন্দ্ৰৰপৰা এয়া ডেৰ-দুই কিলোমিটাৰমান দুৰ হ'ব যি বাট তেওঁলোকে খোজ কাঢ়িয়ে আহিছে। দুৰণিবটীয়া ঠাইৰ কিছুমানে আকৌ ৰেলগাড়ী, নাও আৰু ভানেৰে আহি উপস্থিত হৈছে।


03A-US-Voting in a Sundarbans Village.jpg


03B-US-Voting in a Sundarbans Village.jpg

ভোটদান কেন্দ্ৰলৈ লাহিৰিপুৰ গাওঁ পঞ্চায়তৰ ২২ খন গাঁৱৰ লোকে ৰেলগাড়ী, নাও আৰু ট্ৰেক্টৰেৰে আহিছে

ভোটদান পুৱা ৭ বজাতে আৰম্ভ হ'ল আৰু ৬ বজালৈ চলিল। ৯৫ বছৰীয়া ফুল বাসী আৰু তাইৰ বোৱাৰী কল্পনা মণ্ডলে আৱেলিৰ ভাগৰ গৰমৰপৰা হাত সৰাৰ বাবে পুৱাই আহি ভোট দি আজৰি হৈছে।


04-IMG_2877-US-Voting in a Sundarbans Village.jpg

ফুল বাসী (সোঁফালে) আৰু তাইৰ বোৱাৰী কল্পনাই আৱেলিৰ ভাগৰ গৰমৰ পৰা হাত সৰাৰ বাবে পুৱাৰ ভাগতে ভোট দিছে

ৰজত জুবিলিৰ বাসিন্দা বীণা মৃধাই গাওঁখনৰ সমস্যাৰ কথা থুলমুলকৈ কয়ঃ "গোচাবাত এখন ডাঙৰ হস্পিতালত বাদে ইয়াতে কোনো হস্পিতাল নাই। সেই ঠাই ঢুকি পাবৰ বাবে আপুনি দুখন নাও আৰু ভান সলাব লাগে। ইয়াতে বাঘ আৰু ঘৰিয়ালৰো সমস্যা, আমাৰ মানুহ আৰু গৰু-মহ নিতৌ মৰে। আমি আমাৰ ধানৰ বাবেও ভাল দাম নাপাও, প্ৰতি কুইণ্টলত মাত্ৰ ৬৫০ টকাহে পাও। বজাৰত এই দৰ আকৌ ৮০০ টকা প্ৰতি কুইণ্টল। চৰকাৰে আমাৰ পৰা ধান ক্ৰয় কৰাৰ কথা আছিল, কিন্তু সেয়া বন্ধ হ'ল। খাদ্য সুৰক্ষা কাৰ্ডবোৰ ক্ৰুটিপুৰ্ণ, আমাৰ বহুতেই আকৌ খাদ্যৰ বাবে অধিকাৰো নাপাও। আমাৰ ৰাস্তাবোৰ বহল কৰা আৰু নৈৰ স্তৰতকৈ ওপৰত ৰখাৰ প্ৰয়োজন আছে।"

বীণাই গাওঁখনত ওচৰত উচ্চ শিক্ষাৰ বাবে প্ৰতিষ্ঠান নথকাক লৈও দুখো কৰে। ''মোৰ ছোৱালীজনী কলকাতাত পঢ়ে, তাতে তাইক পঢুওৱাৰ বাবদ আমি বহু টকা খৰছ হয়। মাছ মৰা আৰু মৌ সংগ্ৰহ কৰাত বাদে ইয়াতে কোনো কাম নাই।"


05A-US-Voting in a Sundarbans Village.jpg


05B-US-Voting in a Sundarbans Village.jpg

গাঁৱৰ হাইস্কুলত ভোটদান চলি আছে, কিছুমানৰ হৈছে, কিছুমানে নিজৰ পালৰ ববে অপেক্ষা কৰিছে

ভোটদান কেন্দ্ৰ ৰজত জুবিলি হাই স্কুলত পতা হৈছে। স্কুলখনৰ ভিতৰত গোচাবা হস্পিতালৰ স্বাস্থ্য কৰ্মী লখি হাউলি মণ্ডল আৰু ইলা চৰকাৰ মণ্ডলে মেডিকেল টিম হিচাপে ইলেকচন ডিউটি দিছে। লখিয়ে ক'লে, "আমি ভোটাৰসকলক ওআৰএছ (অৰেল ৰিহাইড্ৰেছন চল্ট) দিও আৰু অসুস্থবোধ কৰা সকলক দৰৱ দিও। কিছুমানে ঘৰত অসুস্থ হৈ পৰি থকাসকলৰ বাবেও দৰৱ নিয়ে।"

দুয়োগৰাকীয়েই কেন্দ্ৰটোত পুৱা ৭ বজাৰ পৰা আবেলি ৬ বজালৈ আছে। এই কামৰ বাবে তেওঁলোকক কিবা মজুৰী দিয়া হৈছেনে? লখিয়ে কৈছিল, "আমি এতিয়াও গম পোৱা নাই (আমাক কিমান দিয়া হ'ব)। আমাৰ ডিউটি শেষ হোৱাৰ পিছতহে সেয়া আমি গম পাম।"


06-IMG_2892-US-Voting in a Sundarbans Village.jpg

পুৱা ৭ বজাৰ পৰা আবেলি ৬ বজালৈ চিকিৎসা গোট দল হিচাপে থকা গোচাবাৰ লখি মণ্ডল আৰু ইলা মণ্ডলে নাজানে যে সিহতে সেই কামৰ বাবে কিমান টকা পাব

বিনোদ আৰু সবিতা চৰ্দাৰ নামৰ দম্পত্তিহাল ইলেকচন ডিউটিত আছিল। নিৰ্বাচনী বিষয়াসকলৰ আলপৈচান ধৰাটো তেওঁলোকৰ কাম আছিল। বিনোদে ক'লে, "বিষয়াসকলক খাদ্য আৰু জলপান লাগে। আমি তেওঁলোকৰ কাৰণে চাহ, কফি আৰু চিগাৰেট আনি দিও। চৰ্দাৰ অনুসূচীত জনজাতিৰ লোক আৰু তেওঁৰ হাতত কোনো মাটি-বাৰী নাই। তেওঁলোকৰ ইলেকচন ডিউটিত "আকস্মিক পৰিচাৰক" বুলি লিখা থকাটো আচৰিত হ'বলগীয়া কথা।


07-US-Voting in a Sundarbans Village.jpg

বিনোদ আৰু সবিতাই নিৰ্বাচনী বিষয়াৰ আলপৈচান ধৰে, দুয়োজনেই অনুসূচীত জনজাতিৰ লোক আৰু নিৰ্বাচনী কৰ্তব্যত "আকস্মিক পৰিচাৰক" বুলি লিখা আছিল।

সুন্দৰবনত গৰম আৰু শুকান পৰিৱেশত ভোট দিবলৈ ওলাই অহাটো ইমান সহজ কথা নহয়। প্ৰচণ্ড গৰমৰপৰা ৰক্ষা সকাহ দিয়াৰ বাবে ৰাজনৈতিক দলৰ স্থানীয় সমৰ্থকে কুহিয়াৰৰপৰা তৈয়াৰ কৰা বাটাচা পানীয় আৰু বুটমাহ আদি দিছে। বিচাৰিলে আকৌ কিছুমানে পান আৰু বিড়িও দিছে।


08-US-Voting in a Sundarbans Village.jpg

পাৰ্টিৰ কৰ্মকৰ্তাই ভোটাৰক উৎকট গৰমৰপৰা সকাহ দিয়াৰ বাবে শীতল পানীয় আগবঢ়াইছে, সোঁফালে ৰনজিত বৰ্মনে ভোট দিয়াৰ পিছত শীতল পানীয়ৰে গা জুৰ পেলাইছে

বিভিন্ন ৰাজনৈতিক দল যেনে ৰিভলিউশ্যনেৰী ছচিয়েল পাৰ্টি, তৃণমূল কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টি আদিৰ কৰ্মকৰ্তাই ভোটাৰক তেওঁলোকক পৰিচয় নম্বৰ মিলোৱাত সহায় কৰি দিছে আৰু প্ৰথমবাৰ ভোট দিয়াসকলক বাট দেখুৱাইছে। ভোটদান কেন্দ্ৰৰপৰা টেণ্টবোৰ অতিকমেও ২০০ মিটাৰ দুৰত্বত থাকিব লাগে।


09A-US-Voting in a Sundarbans Village.jpg


09B-IMG_2866-US-Voting in a Sundarbans Village.jpg

ৰাজনৈতিক দলবোৰে ভোটাৰক তেওঁলোকৰ পৰিচয় নম্বৰ মিলোৱাত সহায় কৰিছে আৰু প্ৰথমবাৰ ভোট দিয়াসকলক বাট দেখুৱাইছে

চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চৰ সেনা সকলোতে মোতায়েন কৰা হৈছে আৰু ভোটদান কেন্দ্ৰটোত থকা জোৱানে গাওঁখনত তহল দিছে। তেওঁলোকে সমুখৰ ফালৰপৰা ফটো নুতুলিবলৈ কৈছে। তাৰে এজনে কৈছেঃ "আমি চাহ খাবৰ বাবে ওলাই আহিছো। গছৰ তলত এনেদৰে আৰাম কৰি বহি থকা ফটো তুলিলে মানুহে ভাবিব আমি আমাৰ কাম কৰা নাই।"


10-IMG_2912-US-Voting in a Sundarbans Village.jpg

চিআৰপিএফ জোৱানে ভোটদান কেন্দ্ৰৰ লগতে গাওঁখনত তহল দিছে

ফটোবোৰঃ উৰ্বশী চৰকাৰ

এই লিখনীটো পৰি ফেলোশ্বিপৰ অধীনত কৰা হৈছিল।

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Urvashi Sarkar is an independent journalist and a 2016 PARI Fellow.

Other stories by Urvashi Sarkar