পদ্মাবাই গাজাৰেয়ে নিজৰ ভূমি হেৰুওৱাৰ পিছত কি হ'ব সেয়া সময়েহে ক'ব। তেওঁ ক'লে, "মাটি যদি নাথাকে, আমি কেনেকৈ জীয়াই থাকিম, সেয়া ভগৱানে জানে।"

মটৰ চাইকেল দুৰ্ঘটনাত ৮ বছৰ পূৰ্বে পদ্মাবায়ে তেওঁৰ স্বামী ৩৯ বছৰীয়া পান্ধাৰীনাথক হেৰুৱাই ক্লান্তিহীনভাৱে শ্ৰম কৰি কোনোমতে পৰিয়ালটোক সুস্থিৰ অৱস্থালৈ আনিছিল। লোকচানে তেঁওলোকক জুৰুলা কৰিছিল। মৃ্ত্যুৰ পিছত গান্ধাৰীনাথে এৰি গৈছে দুই পুত্ৰ, দুই জীয়ৰী, তেওঁৰ মাতৃ আৰু ৬.৫ একৰ খেতিৰ মাটি।

ওৰংগাবাদৰ ভাইজাপুৰ তালুকৰ হাদাছ পিম্পলগাঁৱত থকা পৰিয়ালৰ দুকোঠলীয়া ঘৰটোত বাই তেওঁ অতীতক সুঁৱৰিলে, "তেতিয়া মই ভীতিগ্ৰস্ত আৰু অকলশৰীয়া আছিলো। ল'ৰা-ছোৱালীকেইটা আছিল তেনেই সৰু। মই অভ্যস্ত নাছিলো, অথচ সিহতৰ দায়িত্ব বহন কৰিবলগা হৈছিল। এফালে ৰান্ধনীঘৰৰ কামকাজ, আনহাতে পথাৰত খেতিৰ কাম কৰিছিলো। আনকি আজি পৰ্যন্ত মই পথাৰৰ কাম-কাজো পাৰ্যমানে কৰো।"

Padmabai Gajare with her sons and mother-in-law
PHOTO • Parth M.N.

কৃষিভূমি অবিহনে পুত্ৰসন্তানৰ ভবিষ্যত সম্পৰ্কে শংকিত হৈ পৰা পদ্মাবাই গাজাৰে (পুত্ৰ আৰু শাহুৰ সৈতে তৃতীয়গৰাকী)

কিন্তু ৪০ বছৰ বয়সীয়া গাজাৰেক হয়তো এতিয়া তেওঁৰ ভূমিৰ পৰা বলপূৰ্বক উচ্ছেদ কৰা হ'ব। 'সমৰুধি মহামাৰ্গ' (সমৃদ্ধিৰ ঘাইপথ) নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে এই ভূমি বিচাৰিছে। মহাৰাষ্ট্ৰৰ ১০ খন জিলাৰ ৩০ টা তালুকৰ ৩৫৪ খন গাঁৱৰ মাজেৰে এই ঘাইপথ নিৰ্মাণ কৰা হ'ব। ওৰংগাবাদ আৰু জালনা জিলাৰ মাৰাঠাৱাডাৰ কৃষিপ্ৰধান অঞ্চলত অৱস্থিত ইয়াৰে ৬৩ খন গাওঁ।

সমৃদ্ধি ঘাইপথ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৮৪৫০ হেক্টৰ বা ২১,০০০ একৰ ভূমি অধিগ্ৰহণ কৰিবলৈ পৰিকল্পনা কৰিছে। কপাহ, বজৰা আৰু মুগৰ খেতি কৰা পদ্মাবাইৰ ৬ একৰ ভূমি এৰি দিবলৈ যদি বাধ্য কৰায়, পৰিয়ালটোৰ হাত থাকিব মাত্ৰ আধা একৰ মাটি। সকলো সময়তে এতিয়া ঘাইপথ নিৰ্মাণৰ আলোচনা চলি থাকে। ঘনীভূত হৈ পৰা বিপদত কঁপি উঠা পদ্মাবায়ে ক'লে, "মোক যদি মোৰ ভূমিৰ পৰা বলপূৰ্বকভাৱে উচ্ছেদ কৰে, মই আত্মহত্যা কৰিম। মোৰ কৃষি ভূমি মোৰ সন্তানৰ নিচিনা।"

চলিত বছৰৰ মাৰ্চত মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগম লিমিটেডে পদ্মাবাইৰ ৬ একৰ ভূমিৰ প্ৰতি একৰত ১৩ লাখ টকা হিচাপে মুঠ ৭৮ লাখ টকা মূল্য নিৰ্ধাৰণ কৰে। ধনৰ হিচাপ শুনিবলৈ লোভনীয় যদিও এয়া কেবল টকাৰ কথা নহয়। ক্ষোভত ফাটি পৰা পদ্মাবায়ে কৈ গ'ল "দুই জীয়ৰী (এতিয়া ২৫ আৰু ২২ বছৰীয়া)ক বিয়া দিলো, ল'ৰাকেইটাক পঢ়ালো, শাহুআইক লালন-পালন কৰা, থকা ঘৰটো আকৌ নিৰ্মাণ কৰিলো- এই সকলো কাম এই মাটিখিনিত কৰা খেতিৰ উপাৰ্জনেৰে কৰিছো। এই ভূমিয়েই পৰিয়ালটোক একত্ৰিত কৰি ৰাখিছে। মাটি যদি নাথাকে ভবিষ্যতে কি কৰিম? এই মাটিখিনিয়েই আমাৰ পৰিচয়।"

পদ্মাবাইৰ কনিষ্ঠপুত্ৰৰ বয়স ১৮ বছৰ। বিজ্ঞানৰ ছাত্ৰ। বৰপুত্ৰৰ বয়স ২০ বছৰ। দুয়োটাই পথাৰত খেতিৰ কাম কৰে। তেওঁ কয় যে সকলোৱেই জানে বৰ্তমান সময়ত চাকৰি পোৱা কিমান কষ্টকৰ কথা। চাকৰি নাপালে সিহঁতে দিন মজুৰী কৰিব লাগিব বা চহৰত চকীদাৰৰ কাম কৰিব লাগিব। কিন্তু নিজৰ ভূমি থাকিলে, তাতেই কিবা এটা কৰি জীয়াই থাকিব পাৰিব।

বৰ্তমানৰ মুম্বাই-নাগপুৰ ঘাইপথৰপৰা গাজাৰেহঁতৰ ১২৫০ জন বাসিন্দাৰ বসতিস্থল হাদাছ পিম্পলগাঁৱৰ পথাৰখন বেছি নিলগত নহয়। কিন্তু মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিচে কৈছে যে নিৰ্মাণ কৰিবলৈ ওলোৱা নতুন লেনযুক্ত ১২০ মিটাৰ বহল ৭১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক্সপ্ৰেছ-ৱেটোৱে অৰ্থনীতিৰ উন্নতি সাধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে। এনে সুচল পথেৰে উত্পাদিত শস্য অতি ক্ষীপ্ৰভাৱে বন্দৰ, বিমানকোঠ আৰু কৃষি-সংসাধন কেন্দ্ৰলৈ লৈ যাব পৰা হ'ব। এই প্ৰকল্প সম্পুৰ্ণ কৰিবলৈ চৰকাৰে ৪৬,০০০ কোটি টকা ব্যয় কৰিব বুলি জানিবপৰা গৈছে।

অঞ্চলটোৰ কিছুমান ঠাইত কৃষি কাৰ্য চলাই নিবলৈ বহুতো অসুবিধাৰ সৃষ্টি হোৱা সত্বেও চৰকাৰে ভাল পৰিমাণৰ টকা দিবলৈ ওলোৱাৰ পিছতো মাৰাঠৱাড়াৰ কৃষকে কিয় নিজৰ ভূমি বিক্ৰী কৰিব নিবিচাৰে?

ভিডিঅ' চাওকঃ 'বলপূৰ্বকভাৱে মোৰ ভূমি যদি কাঢ়ি লয়, মই আত্মহত্যা কৰিম'- গাজাৰে

প্ৰস্তাৱিত পথ নিৰ্মাণ, প্ৰকল্পটো সম্পূৰ্ণ কৰি তুলিবলৈ আৱশ্যক হোৱা ৮,৪৫০ হেক্টৰ ভূমিৰ ভিতৰত বন বিভাগৰ ভূমিকে ধৰি ১,০০০ হেক্টৰ ভূমি ৰাজ্য চৰকাৰৰ হাতত আছে বুলি জানিবলৈ দিয়ে মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগম (এমএছআৰডিচি)ৰ যুটীয়া পৰিচালনা সঞ্চালক কেভি কুৰুন্দকাৰে। বাকীখিনি ভূমি অধিগ্ৰহণ কৰিব লাগিব। ২৭০০ হেক্টৰ ভূমি অধিগ্ৰহণ কৰিবলৈ একাংশ ভূমিৰ গৰাকী সন্মত হৈছে আৰু ইয়াৰে ৯৮৩ হেক্টৰ ভূমি অধিগ্ৰহণ কৰা হৈছে বুলি কুৰুন্দকাৰে জানিবলৈ দিয়ে। অধিক ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। যিবোৰ গাঁৱৰ কৃষকে ভূমি অধিগ্ৰহণত বাধা প্ৰদান কৰিছে, তেওঁলোকৰ সৈতে কথা পতা হৈছে আৰু পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছে বুলিও কুৰুন্দকাৰে এই প্ৰতিবেদকক কয়। প্ৰকল্পটোৰ বাবে প্ৰয়োজন হোৱা সমুদায় ভূমিৰ যদি ৮০ শতাংশ ভূমি ৰাজ্য চৰকাৰৰ জিম্মালৈ নাহে, তেন্তে প্ৰকল্পৰ কাম আৰম্ভ কৰিব পৰা নাযাব। ২০১৮ ৰ জানুৱাৰীত পথ নিৰ্মাণ প্ৰকল্পৰ কাম আৰম্ভ কৰা হ'ব বুলি তেওঁ কয়।

আনুষ্ঠানিক ঋণ ব্যৱস্থাৰ অভাৱ, অনিৰ্ভৰযোগ্য বতৰ আৰু শস্য উত্পাদন নিম্নগামী হোৱা বাবেই মাৰাঠৱাড়া অঞ্চলৰ অধিকাংশ স্থানত কৃষিকাৰ্য চলাই থকাটো দুৰুহ হৈ পৰা সত্বেও আপাততঃ বুজন পৰিমাণৰ ধনৰ বিনিময়ত কৃষকসকলে কিয় নিজৰ ভূমি বিক্ৰি কৰিব বিচৰা নাই? ইয়াৰ উপৰি এনে আহুকলীয়া পৰিস্থিতিৰ বাবেই অঞ্চলটোৰ কেইবা শতাধিক কৃষকে আত্মহননৰ পথ বাচি লৈছে আৰু হাজাৰ হাজাৰ কৃষক ঋণগ্ৰস্ত হৈ আছে।

চৰকাৰক ভূমি হস্তান্তৰ কৰিব নিবিচৰাৰ এটা কাৰণ হ'ল যে পদ্মাবায়ে কোৱামতে টকাৰে ভূমিৰ মূল্য নিৰুপন কৰিব নোৱাৰি। আন এক গুৰুত্বপূৰ্ণ কাৰণ হ'ল যে চৰকাৰৰ বিশ্বাসযোগ্যতা। বহুতো ঋণগ্ৰস্ত কৃষকে ভাবিছে যে তেওঁলোকৰ কৃষিভূমি গ'লে যাওক, কিন্তু ভূমি অদিগ্ৰহণ সম্পৰ্কে চৰকাৰে আগবঢ়োৱা প্ৰতিশ্ৰুতিক লৈ কৃষকসকল সন্দিহান হৈ পৰিছে।
Kakasaheb Nighote going through the notice he received from the MSRDC
PHOTO • Parth M.N.

হাদাছ পিম্পলগাঁৱৰ কৃষক কাকাচাহেব নিঘোটে ক'লে, 'যিকোনো চৰকাৰৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ অভিলেখলৈ মন কৰক। তেওঁলোকে কৃষকৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়ে'

"চৰকাৰৰ পূৰ্বৰ প্ৰতিশ্ৰুতিৰ অভিলেখলৈ চাওক। এইবোৰে জানো আমাক বিশ্বাস জন্মাব পাৰিছে? তেওঁলোকে কৃষকৰ কথা কেতিয়াও নাভাবে। ভূমি অধিগ্ৰহণ কৰাৰ পূৰ্বে কৃষক আৰু আদিবাসীসকলক দিয়া প্ৰতিশ্ৰুতি উলংঘা কৰাৰ অলেখ উদাহৰণ দেশৰ ইমুৰৰ পৰা সিমুৰলৈ পোৱা যাব। কিন্তু অৱশেষত কৃষকসকলেই শোষণ-বঞ্চনাৰ বলি হ'বলগা হয়।" মাৰাঠৱাড়াৰ হাদাছ পিম্পলগাঁৱৰ কৃষক কাকাচাহেব নিঘোটেৰ এয়া অকপট শংকা।

ঘাইপথ নিৰ্মাণৰ বাবে ৪০ বছৰীয়া কৃষক নিঘোটেই তেওঁৰ ১২ একৰ ভূমিৰ ছয় একৰ হেৰুৱাব লাগিব। যোৱা ৩ মাৰ্চত এই গাঁৱলৈ চৰকাৰে প্ৰেৰণ কৰা জাননী আমাক দেখুৱালে। তেওঁ কয়, "চৰকাৰে কৈছে যে কৃষকৰ সন্মতি অবিহনে তেওঁলোকে একো নকৰে। কিন্তু জাননীত লিখা আছে যে নিৰ্ধাৰিত দিনত আপুনি বা আপোনাৰ প্ৰতিনিধি উপস্থিত নাথাকে, তেতিয়া ধৰি লোৱা হ'ব যে ভূমিৰ সমূহীয়া স্থাৰ্থত প্ৰয়োজনৰ প্ৰতি আপুনি আগ্ৰহী নহয়। আপোনাৰ অনিচ্ছাৰ ফলত আমি পোৱা অসুবিধাবোৰ কালেক্টৰৰ কাৰ্যালয়ত প্ৰপত্ৰ পূৰণ কৰি অৱগত কৰিম।"

পুৰণি মুম্বাই-নাগপুৰ ঘাইপথৰ সমান্তৰালভাৱে থকা ওৰংগাবাদ-নাছিক ঘাইপথৰ হাদাছ পিম্পলগাঁৱৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দুৰৰ গংগাপুৰ তালুকৰ মালিৱাড়া গাঁৱৰ কৃষকেও দুশ্চিন্তাত কাল কটাইছে। ৪,৪০০ জন বাসিন্দা থকা ইয়াত অধিকাংশ কৃষকে মধুৰিয়াম, চিক্ক' আৰু ডিমৰুজাতীয় ফলৰ খেতি কৰে।

ওৰাংগাবাদ আৰু গংগাপুৰৰ সংযোগস্থলত তেওঁলোকৰ খেতিপথাৰবোৰ আছে। মালিৱাড়া গাঁৱৰ মাজেৰে য়োৱা ১০ ফুট বহল ধূলি-ধূসৰিত এটা পথেই দুটা তালুকক বিভক্ত কৰিছে। ওৰাংগাবাদ চহৰৰ ওচৰত থকা এই গাঁৱৰ অধিক মূল্যৱান ভূমিৰ মূল্য ২০১৭ ৰ জুলাইত মহাৰাষ্ট্ৰ চৰকাৰৰ পথ উন্নয়ন নিগমে নিৰুপণ কৰিছিল। চহৰৰ পৰা মালিৱাড়া গাঁৱৰ দূৰত্ব মাথোন ১৬ কিলোমিটাৰ যদিও এই গাঁওখন ওৰাংগাবাদ তালুকৰ পৰিসীমাৰ ভিতৰত অন্তৰ্ভুক্ত নহয়। সেয়ে প্ৰতি একৰ ভূমিৰ বাবে কৃষকলৈ ১২ লাখ টকাকৈ আগবঢ়োৱা হৈছে আৰু ইয়াৰ পৰিৱৰ্তে মাত্ৰ ১০ ফুট আঁতৰত থকা মাটিৰ বাবে আন কৃষকেও প্ৰতি একৰ মাটিৰ বাবদ লাভ কৰিব ৫৬ লাখকৈ টকা।

৪.৫ একৰ মাটিকালিৰ ফলৰ বাগিছাখন হেৰুৱাবলৈ যোৱা মালিৱাড়াৰ ৩৪ বছৰীয়া কৃষক বালাচাহেব হেকড়েই ক'লে, "চৰকাৰে আগবঢ়োৱা মূল্যৰ কোনো অৰ্থ নাই। মই জাফৰান, মধুৰিআম আৰু আমৰ খেতি কৰো। মোৰ বাৰ্ষিক উপাৰ্জন চৰকাৰে প্ৰতি একৰ মাটিৰ বাবে আগবঢ়োৱা মূল্য (১২ লাখ টকা)ৰ প্ৰায় সমান। আমাক চৰকাৰে কিমান টকা দিবলৈ ওলাইছে, সেইটো ডাঙৰ কথা নহয়, সেই টকা কিমান দিনলৈ থাকিব?"

Balasaheb Hekde at his orchard
PHOTO • Parth M.N.
Pole erected in an orchard in Maliwada
PHOTO • Parth M.N.

মহাৰাষ্ট্ৰৰ ৰাজ্যিক পথ উন্নয়ন নিগমৰ বিষয়াই তেওঁলোকৰ ভূমি চাবলৈ আহোতে গাঁওখনৰ কৃষকসকলে বাধা প্ৰদান কৰিছিল বুলি কয় মালিৱাড়াৰ উদ্যান শস্যৰ খেতিয়ক বালাচাহেব হেকড়েই।

মাৰাঠৱাড়াৰ মালিৱাড়াৰ দৰে গাঁৱৰ কৃষকে উদ্যান কৃষিৰ বাবে ফলৰ খেতি কৰি কঠোৰ সংগ্ৰামৰ মাজেৰে নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিছে বুলি হেকড়েই কয়। কেশৰী বান্ধ ওচৰতে থকাৰ ফলত ইয়াৰ কৃষি ভূমি উৰ্বৰা হৈছে। "মাটি যদি উৰ্বৰা আৰু অৰ্থোপাৰ্জনকাৰী হয়, তেন্তে কোনে নিজৰ মাটি বিক্ৰী কৰিব। প্ৰথমতে যথেষ্ট বিনিয়োগ কৰিবলগীয়া হয়। এবাৰ যদি আপুনি বিনিয়োগ কৰিব বিচাৰে, তেন্তে আৰু চিন্তা নাই। এই ফলৰ বাগিছাখন আৰম্ভ কৰিবলৈ মোৰ পিতৃয়ে ১৫ বছৰ সময় লৈছিল। চৰকাৰে যদি আমাক মাটিৰ বদলি আন ঠাইত মাটি দিয়ে, তেতিয়াও নতুনকৈ এখন ফলমূলৰ বাগিছা স্থাপন কৰিবলৈ আমাক ১৫ বছৰ সময়ৰ প্ৰয়োজন হ'ব। তদুপৰি নতুনকৈ আমাক যদি মাটি দিয়ে, সেই মাটি যে উৰ্বৰা-উত্পাদনক্ষম হ'ব, আমি কেনেকৈ জানিম?" এইদৰে নিজৰ শংকা আৰু অনিশ্চয়তা প্ৰকাশ কৰে হেকড়েয়ে।

প্ৰকল্পটোৰ বিৰোধীতা কৰা 'সমৃদ্ধি মহামাৰ্গ কৃষক সংগ্ৰাম সমিতি'ৰ সদস্য তথা চিপিআই(এম) দলৰ কৰ্মী ৰাজু দেশলেই কয়, "কৃষকসকলে তেওঁলোকৰ উৰ্বৰা শস্যক্ষেত্ৰ বিক্ৰী কৰিব বিচৰা নাই।" ইযাৰ উপৰি কৰ্তৃপক্ষই ভিন্ন কৃষকৰ লগত ভিন্ন ধৰণৰ দৰদাম কৰা আৰম্ভ কৰিছে, যিটোৱে কৃষকৰ মাজত গভীৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে। "কমেও ১০ হাজাৰ কৃষক মহাৰাষ্ট্ৰত উচ্ছেদ কৰা হ'ব। প্ৰকল্পৰ মূল্য অনুসাৰে সকলোকে ক্ষতিপুৰণ দিয়া উচিত। কিন্তু একাংশ কৃষক যথেষ্ট লাভৱান হ'ব আৰু একাংশই বহুত কম ক্ষতিপুৰণ লাভেৰে সন্তুষ্ট থাকিব লাগিব।" এইদৰে কয় দেশলেই।

যিকি নহওক, ৰাজ্যিক পথ উন্নয়ন নিগমৰ যুটীয়া সঞ্চালক প্ৰধান কুৰুন্দকাৰে কয় যে অধিগ্ৰহণ কৰিবলৈ লোৱা মাটিৰ যথাযথ মূল্যায়ন কৰা হৈছে আৰু সকলোৰে বাবে মাটিৰ এটা মূল্য নিৰূপিত হ'লে মূখ্য স্থানত মাটি থকা কৃষতসকলক অন্যায় কৰা হ'ব। "প্ৰতিজন কৃষকক তেওঁলোকৰ ভূমিৰ চাৰিগুণ মূল্য দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য নাথাকিব। যিসকল কৃষকে ৰাজ্য চৰকাৰৰ ওচৰত নিজৰ ভূমি বিক্ৰী কৰিব তেওঁলোক সন্তুষ্ট হ'ব পাৰিব। ভূমিৰ বজাৰ মূল্যৰ চাৰিগুণ দাম আমি তেওঁলোকক দিম, তেওঁলোকে ইচ্ছা কৰিলে আন ঠাইত মাটি ক্ৰয় কৰিব পাৰিব। এতিয়া তেওঁলোকৰ মাটিও হ'ব, বেংকত টকাও থাকিব।" এইদৰে কয় কুৰুন্দকাৰে।

ভিডিঅ চাওকঃ নতুন ঘাইপথৰ বাবে কৃষিভূমি হেৰুৱাব লাগিব বুলি শুনাৰ পিচতে হেকড়েৰ পিতৃৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।

বহুতো কৃষকে মানি লোৱা নাই। যোৱা বছৰৰ ২৪ ডিচেম্বৰত এমএছআৰডিচিৰ বিষয়াসকল যেতিয়া ভূমি পৰিদৰ্শন আৰু মাটিত খঁটা পুতিবলৈ মালিৱাড়াত উপস্থিত হ'ল, তেতিয়া গাওঁখনৰ ৪৪০০ লোকৰ অধিকাংশই তেওঁলোকক বাধা প্ৰদান কৰিলে আৰু ভূমি পৰিদৰ্শন তথা খুঁটা পুতি চিন দিয়া কাম সম্পূৰ্ণ কৰিবলৈ নিদিলে। "আৰক্ষীৰ সহায় লৈ চৰকাৰী বিষয়াই আমাৰ মাটিত খুঁটি পুতিলে আৰু প্ৰতিবাদক গুৰুত্ব নিদিলে। এই ঘটনাৰ আগলৈকে আমি ভাবিছিলো যে কিবা এটা বিবেচনা চৰকাৰে কৰিব আৰু আমাৰ কৃষিভূমি সুৰক্ষিত হ'ব।" এইদৰে বেদনাভৰা আক্ষেপ প্ৰকাশ কৰে হেকড়েই।

তেওঁৰ মাটিত চৰকাৰে অধিগ্ৰহণ কৰিবলৈ চিন দিছে বুলি শুনি হেকড়েৰ ৬২ বছৰ বয়সৰ পিতৃ বিশ্বনাথে নিজৰ পথাৰখনলৈ দৌৰি যায়। হেকড়েই কয় যে আমাৰ গোটেইখিনি মাটিয়েই ঘাইপথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰিবলৈ চিন দিছে। মোৰ পিতৃয়ে এই ঘটনা দেখাৰ পিচতে সেইদিনা সন্ধিয়া হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যায়। তেওঁৰ স্বাস্থ্যৰ কোনো সমস্যা নাছিল। দুদিনৰ পিচত অৰ্থাত ২৬ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়।

গাওঁখনত এমএছআৰডিচিৰ বিষয়া প্ৰবেশ নিষিদ্ধকৰণৰ এক প্ৰস্তাৱো মালিৱাড়াত তাৰ পিচতে লোৱা হয়। মাৰাঠৱাড়াৰ আন বহু গাঁৱৰ দৰে এইখন গাঁৱৰ লোকেও এইবাৰ ঘৰৰ সমুখত ক'লা বন্তি প্ৰজ্বলন কৰি 'কৃষ্ণ দিপান্বিতা' পালন কৰে। দেশলেই কয় যে নাচিকৰ ১৭ খন গাওঁ পঞ্চায়তে তেওঁলোকৰ ভূমি বিক্ৰী কৰাৰ বিৰুদ্ধে এক সিদ্ধান্ত গ্ৰহণ কৰিছে।

হেকড়েই কয় যে সৰ্বসাধাৰণ কৃষকৰ এই অনাকাংক্ষিত ঘাইপথ নিৰ্মাণৰ পৰিৱৰ্তে চৰকাৰে পুৰণি ঘাইপথতে সৃষ্টি হোৱা গাতবোৰ পুতিব পাৰে।
Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.