বালিৰাম কাড়পেয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ সমালোচনা কৰিছে। "খেতিয়কসকলে ন্যুনতম সমৰ্থন মূল্যখিনিও নাপায় (শস্যৰ বাবে ৰাজ্য চৰকাৰৰ পৰা)," তেওঁ মুখত চিন্তাৰ চাপ। "শস্যৰ বাবে ঋণ পোৱাটো তেওঁলোকৰ বাবে কষ্টকৰ হৈ পৰে।" কাড়পেৰ বিশ্বাস যে ৰাজ্য চৰকাৰে খেতিয়কৰ বাবে এক দক্ষ ঋণ ব্যৱস্থা নিশ্চিত কৰিব পাৰিলে তেওঁলোকে দুনাইবাৰ সুতখোৰসকলৰ ওচৰলৈ যাবলগীয়া নহয় আৰু এনেদৰেই আপুনি-আপুনি খেতিয়কৰ আত্মহত্যা দুৰ কৰিব।”

তেওঁৰ কথাত যুক্তি নথকা নহয়, কিন্তু সমস্যাও আছেঃ কাড়পে নিজেই এজন সুতখোৰ হোৱাৰ অভিযোগত অভিযুক্ত। ২৫ বছৰ ধৰি মাৰাথৱাড়াৰ জালনা জিলাৰ আস্তি চহৰত বাস কৰা কাড়পেয়ে তেওঁৰ ওচৰলৈ টকা ধাৰলৈ বিচাৰি অহা খেতিয়কৰপৰা ৪০০ ৰো অধিক একৰ মাটি গিলি থৈছে।

৬০ বৰ্ষীয় হৰিভাও পোটেৰ সৈতে তেওঁৰ লেনদেন ইয়াৰে এটা উদাহৰণ। আস্তিৰ দাঁতিকাষৰীয়া ৰাজগৱন গাঁৱৰ খেতিয়ক পোটেক তেওঁৰ জীয়েকৰ বিয়াৰ বাবে টকাৰ প্ৰয়োজন আছিল। ১৯৯৮ চনত তেওঁ তেওঁৰ আঠ একৰ মাটিৰ তিনি একৰ মাটী কাড়পেৰ হাতত ৫০ হাজাৰ টকাৰ বিনিময়ত বন্ধকত থ'লে। "২০০০ চনত মই আকৌ ২০ হাজাৰ টকাৰ বিনিময়ত ১.৭৫ একৰ মাটি বন্ধকত থ'লো," পোটে ক'লে। "২০০২ চনত মই ৬০ হাজাৰ টকাৰ বিনিময়ত আকৌ এক একৰ মাটি বন্ধকত থ'লো।"

পোটেৰ দুজন ল'ৰা- এজনে পুলিচ আৰু আনজন খেতিয়ক। এফালে আকৌ জীয়ৰী পাঁচজনী। সেইকেইজনীৰ বিয়াৰ বাবে ঋণৰ প্ৰয়োজন আছিল। ধাৰৰ বিনিময়ত তেওঁ মাটি বন্ধকত থোৱাৰ পিছতো তেওঁ সেই মাটিত খেতি কৰি থাকিল আৰু উত্পাদিত শস্য দি ঋণ পৰিশোধ কৰি আছিল। "মই কপাহ, কল আৰু কুঁহিয়াৰৰ খেতি কৰিলো," তেওঁ ক'লে। "যিমানখিনি উত্পাদন কৰিছিলো তাৰে সৰহভাগেই কাড়পেলৈ পঠিয়াই দিয়া হৈছিল। প্ৰতিবাৰৰ ঋতুত মুঠ শস্যৰ মূল্য এক লাখৰো অধিক আছিল। মোৰ বাবে একো ৰোৱা নাছিল। এবাৰ মাটি বন্ধকত দিয়াৰ ফলত সুতখোৰে যি মন যায় সেয়া কৰিব পাৰে আৰু যিকোনো কাম কৰাবলৈকে বাধ্য কৰাব পাৰে।"


PHOTO • Parth M.N. ,  Ravindra Keskar

২০০৭ চনত কাড়পেয়ে পোটেক মাটিৰপৰা বেদখল কৰিলে আৰু সেইখিনি ঘুৰাই দিয়াৰ বাবদ ৩ লাখ টকাৰ দাবী কৰিলে। "তাৰে পিছৰ পাঁচটা বছৰত মই ২,৮৬,০০০ টকা পৰিশোধ কৰিলো," পিছলৈ অৱশিষ্ট ২.২৫ একৰ মাটিত হাড় ভঙা শ্ৰম কৰা পোটেয়ে ক'লে। "মই বাকী ১৪ হাজাৰ টকা এৰি দিবলৈ কুকিত কৰিলো। কিন্তু তেঁও মাত্ৰ মোৰ দুই একৰ মাটিহে মুকলি কৰি দিলে। তেতিয়াৰপৰা তিনি একৰ মাটিয়ে মোৰ হাতত আছে। বাকীখিনিৰ বাবে তেওঁ মোৰপৰা ১২ লাখ টকা বিচাৰিছে।"

আৰক্ষীৰ আগত এই সকলো বিতংকৈ কোৱাৰ বাবে সংকোচ আঁতৰাবৰ বাবে পোটেক বহুবছৰ সময় লাগিল। "কাড়পে বৰ শক্তিশালী মানুহ," তেওঁ কয়। আস্তিৰ প্ৰায় সকলো গাঁওবোৰৰপৰা তেওঁ অকলেই আটাইবোৰ কুঁহিয়াৰ কিনি পেলালেও তাতে আচৰিত হ'বলগীয়া একো কথা নাই। তেওঁ আন কোনো সুতখোৰক নিগাজি হ'বলৈ সুযোগ দিয়া নাই। তেওঁৰ বিৰুদ্ধে মাত মাতিবলৈ মই ভয় কৰিছিলো।”

কিন্তু এইবছৰৰ মে মাহত কাড়পেৰ ঘৰৰ কাষৰে মুৰলিধৰ কেকান নামৰ ৩৩ বৰ্ষীয় লোকজনে কাড়পেৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি সাক্ষ্য গোটাবলৈ আৰম্ভ কৰিলে। তেওঁ প্ৰায় ১৩৩ গৰাকী খেতিয়কৰ তালিকা প্ৰস্তুত কৰিলে যিসকলে সৰ্বমূঠ ৪০০ একৰ মাটি কাড়পেৰ হাতত হেৰুৱাবলগা হৈছে। "বহু পৰিমাণৰ টকা আৰু শস্যৰ বিনিময়ত কাড়পেৰ হাতত ৪০০ একৰ মাটি এতিয়াও আছে," কেকানে কয়। "তেওঁ মোৰো সাত একৰ মাটি দখল কৰি থৈছে।"

গোচৰটো পিছলৈ জালনা অপৰাধ শাখাৰ হাতত পৰিল আৰু আৰক্ষী বিষয়া ৰাজেন্দ্ৰ সিং গোড়েয়ে গোচৰটো সংক্ৰান্ত নথি-পত্ৰ যেনে সম্পত্তিৰ নথি, ভূমিৰ লেখ, ঋণৰ বহী আদি পৰীক্ষা কৰিছে। এই আটাইবোৰ সন্দেহজনক বুলি তেওঁ কয়। "এই কথাত কোনো সন্দেহ নাই যে তেওঁ এজন সুতখোৰ," তেওঁ কয়। "তেওঁৰ মাটি দিয়া-লোৱাৰ বেপাৰে ১০০০ একৰ মাটিৰ হিচাপ অতিক্ৰম কৰিছে। এয়া নিসন্দেহে এক সুতখোৰৰ বিষয়। অনুসন্ধান অব্যাহত আছে আৰু আমি সোনকালেই অভিযোগনামা দাখিল কৰিম।"

এই ভিত্তিতে প্ৰৱঞ্চনা, শোষণ আৰু অইন অপৰাধ সংক্ৰান্ত আইনৰ ধাৰাৰ আৰোপ কৰিবপৰা গ'লহেঁতেন। একেটা সময়তে মহাৰাষ্ট্ৰ ধন-ঋণ আইন (বিধিনিয়ম), ২০১৪ মতে ধন ধাৰলৈ দিয়াসকলৰ অনুজ্ঞাপত্ৰ থকাটো প্ৰয়োজন আৰু সেই আইনৰ নিৰ্দেশমতে বছৰত মাত্ৰ ২ শতাংশহে সুত লগাব পাৰি। সেই আইনখন কাচিতংহে প্ৰয়োগ কৰা হৈছে। এনে সময়তে কাড়পেয়ে এজাহাৰখন খাৰিজ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে।

কেকানে ততালিকে উল্লেখ নকৰা কথাটো আছিল কাড়পে আছিল তেওঁলোকৰ পুৰণি দিনৰে বন্ধু পৰিয়াল আৰু কেকানৰ সম্পৰ্কীয় ভনীয়েকক কাড়পেয়ে বিয়া পাতিছে। আৰু এতিয়া ৰাজনৈতিক মতানৈক্যৰ ফলতে কেকানে এনেদৰে অভিযোগ উত্থাপন কৰিছে।

কাড়পেয়ে প্ৰায় তিনিটা দশক ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ সৈতে কটাইছে আৰু যোৱা বছৰটোত নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি)ৰ যোগদান কৰিছে। তেওঁ ৰাজ্যিক বিধানসভা পৰিষদৰ সদস্য হৈ থকা ধনজয় মুণ্ডে নামৰ এনচিপি সদস্যজনৰ ঘনিষ্ঠ আছিল। "মই বহুবছৰ ধৰি এগৰাকী (বিবেচিত) 'সন্মানিত ব্যৱসায়ী' আৰু এজন 'কৃষক নেতা' হৈ আছিলো," নিজৰ বিলাসী অট্টালিকাৰ ভুমি মহলাৰ অফিছত বহি থকা কাড়পেয়ে ক'লে। "মই এনচিপিত যোগ দিয়াৰ পিচতে মই কি এজন সুতখোৰ হৈ পৰিলো? মাটি বেচা-কিনা কৰা প্ৰতিজন লোকেই সুতখোৰ হৈ নপৰে। এয়া ব্যাৱসায়হে।"

কাড়পেয়ে তেওঁৰ ফটো তুলিবলৈ হাক দিলে। "এই গোচৰটো পাহৰি যাওক," তেওঁ কয়। "মই আদালতত মোৰ নিৰ্দোষিতা প্ৰমাণ কৰিম। আপুনি দুৰৈৰ পৰা আহিছে। চাহ একাপ খাওক।"


PHOTO • Parth M.N. ,  Ravindra Keskar

আস্তি চহৰত কাড়পেৰ অট্টালিকা আৰু অফিছ। 'মাটি বেচা-কিনা কৰা প্ৰতিজনেই সুতখোৰ হৈ নপৰে। 'এয়া ব্যৱসায়', তেওঁ কয়।

কাড়পেক লগ পোৱাৰ পিছত মই কেকানৰ ঘৰলৈ খোজকাঢ়ি গ'লো। তেওঁ মোক ভাত খাবলৈ প্ৰস্তাৱ দিলে আৰু কাড়পেৰ বিৰুদ্ধে যোগাৰ কৰা সাক্ষ্য আদি দেখুৱালে। তেওঁৰ বহাকোঠাত তেওঁৰ পিতৃৰ ফটোৰ সৈতে বিজেপিৰ নেতা আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোপীনাথ মুণ্ডেৰ ফটো আছে। "মই এগৰাকী সাধাৰণ মানুহ যাৰ সম্পৰ্ক মাত্ৰ মাটিৰ সৈতে," কোনোধৰণৰ ৰাজনৈতিক প্ৰতিশোধৰ কথা অস্বীকাৰ কৰি কেকানে ক'লে।

আস্তিৰ স্থানীয় সংবাদদাতাসকলে ৰাজনৈতিক ঘাত-প্ৰতিঘাতৰ কথাটোৱে মানে। "প্ৰত্যেকেই ইয়াতে জানে যে কাড়পে এজন সুতখোৰ," নাম প্ৰকাশত অনিচ্ছুক এজনে ক'লে। "কিন্তু আমি ৰাজনৈতিক প্ৰতিশোধৰ কথাটোও নুই কৰিব নোৱাৰো। মাৰাথৱাড়াত শ শ সুতখোৰ আছে। এনেধৰণৰ গোচৰ কাচিতহে পোহৰলৈ আহে।"

দৰাচলতে ব্যক্তিগত ঋণদাতাসকলেই হৈছে সমগ্ৰ অঞ্চলটোৰ বাবে ঋণৰ এক মূল উত্স। তদুপৰি গ্ৰামীণ অঞ্চলত বেংকিং ব্যৱস্থা তচনচ হৈ পৰাৰ সময়তে ঋণদাতাসকলৰ পয়োভৰ ঘটিছে। কৃষকে সততে নিৰ্ভৰ কৰি অহা প্ৰায়ভাগ জিলা পৰ্যায়ৰ কোঅপাৰেটিভ বেংক বন্ধ হৈ পৰিছে। দুৰ্নীতি আৰু বেংকৰ কৰ্মচাৰীয়ে প্ৰভাৱশালী ডিফল্টাৰৰ ওপৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱৰাৰ ফলতে এনে হৈছে। ব্যক্তিগত খণ্ডৰ বেংকবোৰে কৃষি ঋণৰ সৈতে শস্য আৰু টাৰ্ম ঋণ একলগ কৰি সুতৰ হাৰ বৃদ্ধি কৰিছে আৰু সেয়ে ধাৰ পৰিশোধ কৰাটো আৰু অধিক কঠিন কৰি পেলাইছে। ৰাজ্য চৰকাৰে ঋণ ৰেহাইৰ বাবে দিয়া প্ৰতিশ্ৰতিও বাস্তবায়িত নহ'ল, ইয়ে নতুন ঋণৰ বাবে কৃষকক অনুপযুক্ত কৰি তুলিলে।

ঋণৰ এই পন্থা নথকাত কৃষকসকল উপায়ন্তৰ হৈ ব্যক্তিগত ঋণদাতাৰ কাষ চাপিবলগা হ'ল, যিয়ে ততালিকে ঋণ দিয়াৰ বাবে সাজু, কিন্তু তাতে সুতৰ হাৰ মাহে ৩ ৰপৰা ৭ শতাংশৰ আৰু বছৰি ৪০ ৰপৰা ৮৫ শতাংশৰ দৰে আকাশ-পাতাল পাৰ্থক্য। এনেহেন অত্যাধিক হাৰৰ ফলত মোটামুটি এটা ভাল ৰাশিয়েও একপ্ৰকাৰে কৃষকৰ বাবে কবৰ খন্দাৰ দৰেই হয়, কিয়নো সুতৰ হাৰে চকুৰ পচাৰতে মূল চেৰাই যায়। তদুপৰি সুতখোৰসকলে মাটি বন্ধকিত লৈ ধন ধাৰলৈ দিয়ে। যেতিয়াই কৃষকে ঋণ দিয়াৰ ক্ষেত্ৰত হীন-দেৰি কৰে, তেতিয়াই নিজৰ মাটি হেৰুৱাবলগা হয়।

মুঠৰ ওপৰত কৃষকে এনেদৰে ধাৰৰ চক্ৰবেহুত সোমাই পৰে আৰু গাঁৱৰ শক্তিশালী স্থিতি দখল কৰি থকা তথা প্ৰশাসন আৰু স্থানীয় আৰক্ষীৰ সৈতে ভাল সম্পৰ্ক থকা সুতখোৰৰ দয়াত জীয়াই থাকিবলগা হয়। এনে সুতখোৰৰ স্বৰুপ উদঙাই দিয়াৰ আঁৰত কিছুমানৰ স্বাৰ্থ ন্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলৰ বাবে শোষণৰ বিৰুদ্ধে মাত মতা আৰু ন্যায় আশা কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে।

এই নিপীড়নৰ ফলতে সুনীল মুটকুলেয়ে যোৱাবছৰ আগস্ত মাহত আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰে। ওছমানবাদৰ কালাম্ব জিলাৰ মোহা গাওঁ নিবাসী মুটকুলে নামৰ ২১ বৰ্ষীয় যুৱ কৃষকজনে ১০০০ টকাৰ ধাৰৰ বিনিময়ত পোৱা গ্লানি সহিব নোৱাৰিলে। স্থানীয় বাতৰিকাকতে ঘটনা সন্দৰ্ভত পাপ্পু মাড়াকেক সুতখোৰ বুলি উল্লেখ কৰি বাতৰি প্ৰকাশ কৰিলে।


PHOTO • Parth M.N. ,  Ravindra Keskar

সোঁফালেঃ পাপ্পু মাড়াকেৰ ঘৰত পোৱা নথি-পত্ৰৰ ৫০০ ৰো অধিক ধাৰ লওতাৰ নাম প্ৰকাশ পাইছে, তাৰে এজন আছিল সুনীল মুটকুলে। বাওঁফালেঃ মোহা গাঁৱত সুনীলৰ ঘৰটো

ওছমানবাদৰ লোকসত্তাত কৰ্মৰত সাংবাদিক ৰবীন্দ্ৰ কেশকাৰে পৰিয়ালৰ সৈতে কথা পাতিলে আৰু প্ৰতিবেদন প্ৰকাশ কৰিলে কেনেদৰে মুটকুলেয়ে ২০১৬ বৰ্ষত মাড়াকেক ২২ হাজাৰ টকা দিছিল। কিন্তু মাড়াকেয়ে আৰু ২০ হাজাৰ টকা বিচাৰিছিল। "সুনীলে তেতিয়া গাওঁ এৰি পুণেত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিবলৈ লয়," প্ৰতিবেদনত এইকথা কোৱা হৈছে। "তেওঁ কিছু টকা তেওঁৰ পৰিয়ালৰ বাবে পঠিয়াইছিল (তেওঁ আছিল পামৰ শ্ৰমিক)। এদিনাখন তেওঁ গাঁৱলৈ কিবা আইনী কাম কৰিবলৈ আহোতে মাড়াকেৰ মানুহে তেওঁক ধৰি-বান্ধি লাঠি আৰু শিলেৰে মৰিয়ালে। গোটেই গাঁওখনৰ আগত বলপুৰ্বকভাৱে এটা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ পানী বৈ থকা নলাৰপৰা পানী খুৱালে। তেওঁ সেই গ্লানি সহ্য কৰিব নোৱাৰিলে আৰু চিপ ল'লে।"

এই ঘটনাৰ পিছত আৰক্ষীয়ে মাড়াকেৰ ঘৰত তালাচী চলায় আৰু তাতে মাড়াকেই ১৫ ৰপৰা ২০ শতাংশ সুতৰ হাৰত টকা ধাৰলৈ দিয়া সেই ৫০০ জন লোকৰ নাম উদ্ধাৰ কৰে। তেওঁৰ বিৰুদ্ধে আত্মহত্যাৰ প্ৰৰোচনা কৰাৰ অভিযোগত গোচৰ তৰা হয় আৰু তেওঁক জেললৈ পঠিওৱা হয়।

যাহওক, কেইমাহমান আগেয়ে, মাড়াকেক কালাম্বৰ জিলা আদালতত নিৰ্দোষী বুলি প্ৰমাণিত হোৱাত মুকলি কৰি দিয়া হয়। "সাক্ষীকেইজনে সাক্ষ্য নিদিলে," কে শকাৰে কয়। "গোটেই গাওঁখনেই মাড়াকেৰ ভয়ত কঁপে। সুনীলৰ কথা কোনোৱে নকয়। আৰু মাড়াকে মুৰ দাঙি টিঘিলঘিলাই ফুৰে।"

ফটোবোৰঃ পাৰ্থ এম.এন আৰু ৰবীন্দ্ৰ কেশকাৰ

পাৰ্থ এমএনঃ পাৰ্থ এমএন ২০১৭ বৰ্ষৰ এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমচ্ৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.