গণেশ ৱাড়ান্দ্ৰেৰ কপাহৰ পথাৰত লেৰেলি জঁয় পৰি যোৱা কপাহ গছৰ সেউজীয়া গুটিৰ ওপৰত থকা ক'লা দাগটোৱে 'বগা সোণ' ৰক্ষা কৰিবলৈ প্ৰতিকাৰৰ নতুন উপায় বিচাৰিব লগাত পেলাইছে গৱেষণাৰত বিজ্ঞানীসকলক।

"কপাহৰ সেউজীয়া গুটি বা চিৰাটোৰ ওপৰত থকা ক'লা দাগটো হৈছে মাৰাত্মক কীটবিধৰ প্ৰৱেশপথ"- মহাৰাষ্ট্ৰৰ ৱাৰ্দ্ধা জিলাৰ আমগাঁও (কেএইচ) গাঁৱৰ প্ৰতিষ্ঠিত কপাহ খেতিয়ক, যি পাঁচ একৰ ভূমিত কপাহৰ খেতি কৰে, তেঁও ক'লে। এই ধ্বংসকাৰী কীটবিধে সম্ভৱ এই ক্ষুদ্ৰ ক'লা ছিদ্ৰৰে কপাহৰ সেউজীয়া চিৰাটোৰ ভিতৰত প্ৰৱেশ কৰে।

"ক'লা ছিদ্ৰ থকা সেউজীয়া কপাহ এচিৰা ফালি চালে দেখা যাব যে বেঙুনীয়া শূৰ পোকে ভিতৰৰ পৰা খাবলৈ আৰম্ভ কৰিছে", ক্ষোভ আৰু হতাশাৰে তেঁও ক'লে। কপাহ এচিৰা ফালি তেঁও গুলপীয়া শূৰ পোক এটা উলিয়ালে যিটো এক চেণ্টিমিটাৰতকৈ কম দীঘল হ'ব। কপাহৰ চিৰাটো ফালি পেলোৱাৰ লগে লগে শূৰ পোকটোৱে লৰ-চৰ কৰিবলৈ আৰম্ভ কৰিলে। কপাহৰ সেউজীয়া চিৰাটোৰ ভিতৰৰ বগা কপাহ বিকশিত হোৱাৰ আগতেই শূৰ পোকটোৱে খাই শেষ কৰি পেলায়, আৰু কামত নহা হৈ পৰে।

২০১৭ৰ নৱেম্বৰত প্ৰথমবাৰৰ বাবে লগ পোৱা ৪২ বছৰীয়া কপাহ খেতিয়ক ৱাডান্দ্ৰেই ক'লে যে এটা শূৰ পোকে কপাহৰ ভিতৰত হেজাৰ হেজাৰ কণী পাৰে আৰু কম দিনৰ ভিতৰত ইয়াৰ সংখ্যা কোটি কোটি হৈ পৰে।

শূৰ পোকটো ভিতৰত থাকে, কপাহৰ চিৰাটো পুৰঠ হৈ ফাটি কপাহ বাহিৰলৈ নোলোৱা পৰ্যন্ত খেতিয়ক এজনে কপাহৰ ভিতৰত সোমাই থকা পোকটোৰ উমান নাপায়। কপাহ চপোৱাৰ সময়ত হতভগীয়া খেতিয়কসকল বিষ্ময়াভিভূত হৈ পৰিবলগা হয়। ইফালে শূৰ পোকে ক্ষতি কৰা কপাহ বজাৰত কম মূল্যত বিক্ৰী কৰিবলগা হয়।

ৱাড়ান্দ্ৰেই গোটেই মহাৰাষ্ট্ৰৰ কপাহ খেতিয়কৰ দুৰ্দশৰা বিষয়ে ক'লেও কপাহ চপোৱাৰ আচল সময়টোত ২০১৭-১৮ৰ সমগ্ৰ শীতকালটোত পশ্চিম বিদৰ্ভৰ কপাহ উৎপাদিত অঞ্চলটো বেচি ক্ষতিগ্ৰস্ত হৈছিল। এই অঞ্চলত জুলাই আৰু আগস্ত মাহত কপাহ খেতি কৰা হয় আৰু অক্টোবৰ-মাৰ্চ মাহৰ ভিতৰত কপাহ চপোৱা হয়।

গুলপীয়া শূৰ পোকৰ পংগপা'ল সেনাৰ আক্ৰমণত হেজাৰ হেজাৰ হেক্টৰ কপাহৰ খেতি ধূলিস্যাৎ হৈ পৰিল। বিগত ৩০ বছৰত কপাহ খেতিত এনে বিধ্বংসী অৱস্থাৰ সৃষ্টি হোৱা নাছিল। ৱাড়ান্দ্ৰে আৰু তেঁওৰ ওচৰত কপাহৰ খেতিত গুলপীয়া শূৰ পোকৰ আক্ৰমণৰ চিহ্ন স্পষ্ট হৈ আছিল। কপাহৰ গছবোৰ লেৰেলি জঁয় পৰি গৈছিল আৰু সেউজীয়া কপাহৰ চিৰাবোৰত ক'লা ছিদ্ৰ বিদ্যমান হৈ আছিল। এনে ধৰণৰ কপাহৰ গছত সামান্য পৰিমানৰ পূৰঠ নোহোৱা অলপমান বগা কপাহ পোৱা যায়। ইয়াৰ গুণাগুণ নিম্নখাপৰ হোৱাৰ বাবে মূল্যও কম হয় তথা উৎপাদনৰ হাৰ একেবাৰে হ্ৰাস পায়।

গুলপীয়া শূৰ পোক ধ্বংস কৰিবলৈ সক্ষম নহ'ব বুলি জানিও যিকোনো পন্থা ল'বলৈ বাধ্য হোৱা মহাৰাষ্ট্ৰৰ কপাহ খেতিয়কে ২০১৭ ৰ জুলাইৰ পৰা নৱেম্বৰৰ সময়ছোৱাত ব্যাপক হাৰত বিষাক্ত কীটনাশক ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল। (' বিধ্বংসী কীট আৰু প্ৰাণঘাটি কীটনাশক ' চাওক)

'কোনো কীটনাশকেই কামত নাহে। এই কীট ইমানেই মাৰাত্মক, এনে ক্ষেত্ৰত বিটি-কটন (অধিক উৎপাদনশীল এবিধ হাইব্ৰিড কপাহৰ বীজ)ৰ পৰা লাভ কি হ'ব?' ৱাড়ান্দ্ৰেই ক'লে।
A man in cotton farm
PHOTO • Jaideep Hardikar
a man showing pest-infested boll of cotton
PHOTO • Jaideep Hardikar

আমগাঁও (কে এইচ)ৰ গণেশ ৱাড়ান্দ্ৰেই শূৰ পোকে নষ্ট কৰা কপাহৰ চেকুৰা পৰীক্ষা কৰিছেঃ 'কীটনাশক কামত নাহে। এইবিধ কীট অতি মাৰাত্মক। এতিয়া বিটি-কপাহৰ কি প্ৰয়োজন?'

কুঁৱাৰ পানীৰে কৰা এক একৰ মাটিৰ খেতিৰ পৰা তেঁও কমেও গড়ে ১৫ কুইণ্টল কপাহ উৎপাদন কৰিব পাৰে-এইবাৰ তেঁওৰ উৎপাদন ৫ কুইণ্টললৈ হ্ৰাস পালে। ৱাড়ান্দ্ৰেৰ হিচাপ মতে এইবাৰ তেঁও প্ৰতি একৰ মাটিত কমেও ৫০ হাজাৰ টকাকৈ লোকচান ভৰিছে। তেঁওৰ বাবে লোকচানৰ এই পৰিমাণ অকল্পনীয়।

বৰষুণৰ ওপৰত নিৰ্ভৰ কৰা গাঁওবোৰত জলসিঞ্চনৰ সুব্যৱস্থা নাই। এইবাৰ কৃষকে এক একৰ মাটিৰ পৰা তিনি কুইণ্টল কপাহো নাপাব। ৰাজ্য চৰকাৰে খুব বেছি দুই হেক্টৰ মাটিৰ বাবে হেক্টৰত ১০ হেজাৰ টকাকৈ ক্ষতিপুৰণ দিব যদিও সকলোৱে নাপাব। ৱাড়ান্দ্ৰেই তাৰবাবে বিবেচিত হ'লে অলপ সকাহ পাব।

ৰাজ্যিক ৰাজহ আৰু কৃষি বিভাগৰ গ্ৰাম তালাথি আৰু কৃষি সেৱকৰ দ্বাৰা নৱেম্বৰ মাহ আৰু পুনৰ ফেব্ৰুৱাৰী মাৰ্চত চলোৱা শস্যৰ জৰীপৰ মতে ৰাজ্যখনৰ কপাহ খেতি কৰা ৪২ লাখ হেক্টৰ কৃষিভূমিৰ ৮০ শতাংশৰো অধিক কপাহৰ পথাৰত গুলপীয়া শূৰপোক বিয়পি পৰিছিল। ফলস্বৰূপে প্ৰতিজন কপাহ খেতিয়কে নিজৰ উৎপাদিত কপাহৰ ৩৩ শতাংশৰ পৰা ৫০ শতাংশৰো অধিক লোকচান ভৰিবলগা হৈছিল।

২০১৮ ৰ জানুৱাৰীত, মহাৰাষ্ট্ৰৰ কৃষি বিভাগে প্ৰকাশ কৰা আগজাননী অনুসৰি কপাহৰ উৎপাদনৰ হাৰ ৪০ শতাংশ নিম্নগামী হ'ব, ইয়াৰ দ্বাৰা ব্যাপক হাৰত শূৰ পোকৰ দ্বাৰা হোৱা ক্ষতি স্বীকাৰ কৰি লৈছিল। ৰাজ্যখনে বছৰি গড়ে ৯০ লাখ বেলৰো অধিক কপাহ উৎপাদন কৰে (এক বেলত ১৭২ কিলোগ্ৰাম কপাহৰ চেকুৰা থাকে)। এক কুইণ্টল কপাহৰ থাকে ৩৪ কিলোগ্ৰাম কপাহৰ গুটি (এই গুটিৰ পৰা তেল তৈয়াৰ কৰা হয় আৰু তেল তৈয়াৰ কৰা হয় আৰু তেল নিষ্কাষণৰ পিচত থাকি যোৱা অৱশেষাংশৰ পৰা পশুখাদ্য তৈয়াৰ কৰা হয়), তদুপৰি এটা অংশ পেলনীয়া সামগ্ৰীত পৰিণত হয়। ২০১৮ ৰ মাৰ্চত বিদৰ্ভৰ বজাৰত এক কুইণ্টল কপাহৰ মূল্য ৪,৮০০ ৰপৰা ৫,০০০ টকা হৈছিল।

২০১৭-১৮ ৰ সময়ত ভাৰতৰ ১৩০ লাখ হেক্টৰ ভূমিত কপাহ খেতি কৰা হৈছিল। কিন্ত মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ প্ৰতিবেদনৰ তথ্য অনুসৰি গুলপীয়া শুৰ পোকৰ বিভীষিকা মহাৰাষ্ট্ৰ্, মধ্যপ্ৰদেশ আৰু তেলেংগানা, গুজৰাট পৰ্যন্ত বিয়পি পৰিছিল, দুবছৰ পূৰ্বেও এই শূৰ পোকে কপাহ খেতি ধ্বংস কৰিছিল। সেইবাবেই এই ক্ষতিৰ পৰা হাত সাৰিবলৈ কৃষকসকলে তেঁওলোকে আগতীয়াকৈ চৰকাৰৰ পৰা কপাহৰ বীজ বিচাৰিছিল। কিয়নো শীতকালৰ আগতে যদি কপাহ চপাব পাৰে, তেন্তে এই শূৰ পোকৰ আক্ৰমণৰ কিছু পৰিমানে ৰক্ষা কৰিব পাৰে।

কে্ন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰণালয়ে সমস্যাৰ গভীৰতা মানি লৈছিল যদিও বিটি-কটনৰ বীজ নিষিদ্ধ কৰিবলৈ মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যই জনোৱা আবেদন কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ে অগ্ৰাহ্য কৰিলে। চৰকাৰে উক্ত আবেদন মানি লোৱাহেঁতেন কপাহ খেতিত ব্যৱহাৰ হোৱা বিটি-কটনৰ বীজৰ ফলপ্ৰসূতাৰ অভিলেখ সলনি হ'লহেঁতেন। (বিটি-কটনৰ বীজ ব্যৱহাৰ বন্ধ কৰাৰ লগে লগে কপাহ বীজৰ মূল্য, বীজ উৎপাদন আৰু যোগান ধৰা কোম্পানীবোৰৰ ৰয়েল্টি তথা মুনাফাৰ ওপৰত প্ৰভাৱ পৰিব এই সম্পৰ্কে আন এটা নিৱন্ধ পি এ আৰ আই-ত প্ৰকাশ পাব।) ইয়াৰ পৰিৱৰ্তে ২০১৭ ৰ জুলাইত কেন্দ্ৰীয় চৰকাৰে কপাহ উৎপাদনকাৰী সকলো ৰাজ্যকে নিৰ্দেশ দিলে যে প্ৰত্যেকেই নিজাববীয়াকৈ (কপাহৰ খেতিৰ লগত জড়িত সকলোকে লগত লৈ) শূৰ পোকৰ বিভীষিকা প্ৰতিৰোধ কৰাৰ চেষ্টা কৰক।

গুলপীয়া শূৰপোকৰ পুনৰাগমনঃ

গুলপীয়া শূৰপোকৰ পুনৰাগমনৰ সংকট ২০১৫ তে প্ৰথম পোৱা গৈছিল। সেই বছৰতে ভাৰতীয় কপাহ গৱেষণা প্ৰতিষ্ঠানে বংশগত উত্তৰণ (জেনেটিকেলী মডিফাইড-জি এম) বিটি কটন প্ৰযুক্তি সম্পৰ্কে গভীৰ অনিচ্ছা প্ৰকাশ কৰিছিল। গুজৰাট মহাৰাষ্ট্ৰকে ধৰি কপাহ উৎপাদন কৰা সকলো বৃহৎ ৰাজ্যৰ পৰা কপাহ খেতিত গুলপীয়া শূৰপোক পুনৰ ওলোৱাৰ তথ্য প্ৰকাশ পাইছিল।

২০১০ ত বিটি-কটনত গুলপীয়া শূৰ পোকৰ বিক্ষিপ্ত আক্ৰমণৰ তথ্য প্ৰকাশ পাইছিল যদিও ২০১৫ ৰ নৱেম্বৰত গুজৰাটৰ কপাহ খেতিয়কে জনালে যে তেঁওলোকৰ কপাহ খেতিত গুলপীয়া শূৰপোকৰ ব্যাপক আক্ৰমণ আৰম্ভ হৈছে। প্ৰায় এক ইঞ্চিমান দীঘল এই শূৰপোকটোৱে কপাহৰ সেউজীয়া চিৰাটো ভিতৰৰ পৰা খাই পেলায়, দেখাত ইয়াৰ ৰং গুলপীয়া। এই বিশেষ শূৰ পোক বিধৰ ওচৰত খৰছী জি এম কটনৰ প্ৰতিৰোধী ক্ষমতা পতনৰ ইংগিত তেতিয়াই পোৱা গৈছিল।

২০১৫ৰ নৱেম্বৰৰ শেষ সপ্তাহত গুজৰাটৰ ভাবনগৰ জিলাৰ এগৰাকী কপাহ খেতিয়কে তেঁওৰ কপাহৰ গছৰ পৰা কপাহ চিঙি আনি ফালি কপাহ বিশেষজ্ঞৰ দল এটাক দেখুৱাই কৈছিল ইয়াৰ ভিতৰত কি আছে চাওক। মহিলা খেতিয়ক গৰাকীয়ে সেই সময়ত কপাহ খেতিত হোৱা গুলপীয়া শূৰপোক পৰীক্ষা কৰিবলৈ বিজ্ঞানীৰ দলটোক নেতৃত্ব দিয়া মুখ্য বিজ্ঞানী ড. কেশৱ ক্ৰান্তিৰ কথা মনত পেলাই ২০১৬ত তেঁওক আকৌ সাক্ষাত কৰাত ক্ষোভ প্ৰকাশ কৰে। ড. ক্ৰান্তি সেই সময়ত নাগপুৰত থকা দেশৰ সৰ্ব্বোচ্চ কেন্দ্ৰীয় কপাহ গৱেষণা কেন্দ্ৰৰ সঞ্চালক আছিল আৰু বৰ্তমান তেঁও ৱাশ্বিংটনত থকা আন্তৰ্জাতিক কপাহ উপদেষ্টা কমিটিৰ সঞ্চালক (কাৰিকৰী) পদত অধিষ্ঠিত হৈ আছে।

কপাহ খেতিত হোৱা তাৎক্ষণিক লোকচানৰ বাবে কৃষকগৰাকী ক্ষোভত ফাটি পৰেঃ ক্ষুদ্ৰ শূৰ পোক বিধে তেঁওৰ উৎপাদিত কপাহ খাই পেলোৱাৰ উপৰি কপাহৰ গুণাগুণ নষ্ট কৰে। কপাহৰ সেউজীয়া চিৰাবোৰৰ ভিতৰৰ পৰা খাই শেষ কৰা গুলপীয়া শূৰ পোক দেখি বিচুৰ্ত্তি খোৱা বিজ্ঞানীৰ দলটো নিৰাশ হোৱাৰ আন কাৰণো ইয়াৰ আঁৰত আছে।

Farmer spraying pesticide in the cotton farm
PHOTO • Jaideep Hardikar
The worm on the cotton ball
PHOTO • Jaideep Hardikar

মাৰাত্মক শূৰ পোকৰ পুনৰাগমনৰ ফলত যোৱাবছৰ বিষাক্ত কীটনাশকৰ ব্যৱহাৰ বিয়পি পৰিল। সোঁফালেঃ কপাহৰ চিৰাবোৰত গুলপীয়া শূৰ পোকৰ বিধ্বংসী ক্ষতচিহ্ন

অধিক বিধ্বসী ৰূপত তিনি দশকৰ পিচত গুলপীয়া শূৰপোক নামেৰে জনাজাত পেক্টিন'ফ'ৰা গছিপিয়েল্লা (চাণ্ডাৰ্চ)ৰ ভাৰতৰ কপাহ খেতিত পুনৰাগমন ঘটে। শূৰ পোকৰ আক্ৰমন প্ৰতিৰোধৰ বাবে সক্ষম কৰি জেনেটিকেলী মডিফাই কৰা অতি শক্তিশালী হাইব্ৰিড কটন (উচ্চ ফলনশীল কপাহ) এতিয়া গুলপীয়া শূৰপোকৰ বৰভোজৰ থলীত পৰিণত হ'ল।

বিজ্ঞানী ড. ক্ৰান্তিয়ে শংকা প্ৰকাশ কৰাৰ মাজেৰে আন এক ইংগিত পোৱা গৈছিল যে আমেৰিকাৰ একে নামৰ শূৰ পোকবিধ ভাৰতলৈ আহিব (যিমানদুৰ দেখা যায় এইবিধ অহা নাই)।

গুলপীয়া শূৰ পোকবিধ (কেন্দ্ৰীয় কপাহ গৱেষণা কেন্দ্ৰ আৰু কপাহ গৱেষকসকলে পূৰ্বে ভাবিছিল ভাৰত-পাকিস্তান ইয়াৰ মূল উৎসস্থল), আৰু আমেৰিকাৰ শূৰ পোক ইমানেই মাৰাত্মক যে ১৯৭০ আৰু ১৯৮০ ৰ দশকত ভাৰতৰ কপাহ খেতিয়কে দুৰ্ভোগ ভুগিবলগা হৈছিল। ১৯৯০ৰ দশকত এই শূৰপোকৰ বাবেই অধিক উৎপাদনশীল হাইব্ৰিড বীজৰ বাবেই নতুন কীটনাশক উদ্ভাৱন কৰিবলগা হ'ল। ১৯৯০ ৰ শেষৰ ভাগত যেতিয়া বিটি-কটন ভাৰতৰ কপাহ খেতিত ব্যৱহাৰ কৰা হ'ল-তেতিয়া ভবা হৈছিল যে দুয়োবিধ শূৰপোক প্ৰতিৰোধৰ ক্ষমতাই ভাৰতৰ কপাহ খেতিয়কক নতুন দিগন্তলৈ লৈ যাব।

কিন্তু ২০১৫-১৬ৰ সময়ছোৱাত হেজাৰ হেজাৰ একৰ কপাহৰ কৃষিভূমি গুলপীয়া শূৰপোকৰ আক্ৰমণৰ চিকাৰ হ'ল, উৎপাদনৰ পৰিমান ৭-৮ শতাংশ হ্ৰাস পালে। এই তথ্য কেন্দ্ৰীয় কপাহ গৱেষণা কেন্দ্ৰৰ তথ্যত প্ৰকাশ।

কপাহ, ভেন্দি, জবাফুল আৰু মৰাপাটৰ দৰে কিছুমান গছত গুলপীয়া শূৰ পোকে লেটা বান্ধে। গুলপীয়া শূৰ পোকে উক্ত গছবোৰৰ ফুল, নতুনকৈ হোৱা চিৰা, কুঁহিপাতৰ ভিতৰফালে কণী পাৰে। নৱজাত শূৰ পোকটোৱে ফুলৰ বীজকোষ বা নতুন গুটিত কণীৰ পৰা ওলোৱাৰ দুদিনৰ পিচতে প্ৰৱেশ কৰে। ৩-৪ দিনৰ ভিতৰত ইয়াৰ ৰং গুলপীয়া হ'বলৈ ধৰে আৰু সিঁহতে খোৱা আহাৰেই সিঁহতৰ আশ্ৰয়স্থলত পৰিণত হয়। পূৰঠ বীজ খোৱাৰ লগে লগে ইয়াৰ গাৰ ৰং অধিক গুলপীয়া হৈ পৰে। শূৰ পোকে আক্ৰমণ কৰা কপাহৰ চেকুৰাবোৰৰ পৰা কেতিয়াবা পূৰঠ হোৱাৰ আগতে কপাহ ওলায়, নতুবা পচন আৰম্ভ হয়। ইয়াৰ ফলত কপাহৰ গুণাগুণ অৰ্থাৎ ইয়াৰ আঁহবোৰৰ দৈৰ্ঘ্য আৰু শক্তি কম হয়। আক্ৰা্ন্ত কপাহত কেতিয়াবা উপৰিঞ্চিভাৱে ভেঁকুৰে ধৰে।

বজাৰলৈ নিয়া কপাহৰ বীজৰ পৰাই এই ক্ষতিকাৰক কীটবোৰ বিয়পিবলৈ আৰম্ভ কৰে। সাধাৰণতে শীতকালৰ প্ৰাৰম্ভণিতে গুলপীয়া শূৰপোকৰ আৱিৰ্ভাৱ হয় আৰু শস্যৰ ফুল গুটি থকালৈকে ই জীয়াই থাকে। যিবোৰ কপাহ খেতি আৰম্ভ কৰাৰ পৰা চপাবলৈ বেছি সময় লাগে, তেনে কপাহ বা আন শস্যত এই কীটবোৰে কণী পাৰিব পাৰে, সেইদৰে সেইবোৰ শস্য সম্পূৰ্ণ ধ্বংস কৰি পেলায়। কণী পাৰিব পৰাকৈ যদি শস্য নাথাকে, তেন্তে এই শূৰ পোকবিধে শীতনিদ্ৰা বা প্ৰতিকূল পৰিবেশত বংশবৃদ্ধি বন্ধ ৰাখিবলৈ সক্ষম হয়। ইয়াৰ ফলত খেতিৰ সময় নহালৈকে ৬-৮ মাহলৈ ইয়াৰ বংশবৃদ্ধি স্তব্ধ হৈ থাকে।

উদ্বেগ আৰু বিকল্পহীনতা

২০১৬ৰ মে' মাহত, কেন্দ্ৰীয় কপাহ গৱেষণা কেন্দ্ৰ (চি আই চি আৰ)ৰ প্ৰতিবেদনত শূৰপোকৰ আবিৰ্ভাৱ হোৱাৰ তথ্য প্ৰকাশ পোৱাৰ পিচতে দেশৰ প্ৰধান কৃষি আৰু বৈজ্ঞানিক গৱেষণা প্ৰতিষ্ঠান ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই চি এ আৰ) আৰু ভাৰতীয় বেজ্ঞানিক গৱেষণা পৰিষদৰ দিল্লীত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ দুখন সভাত উদ্বেগ পৰিলক্ষিত হ'ল। যিকোনো ৰাজহুৱা খণ্ডৰ প্ৰকল্পই জেনেটিকেলী মডিফাইড শস্য প্ৰতিৰোধৰ বিকল্প শীঘ্ৰে উদ্ভাৱন কৰা সম্পৰ্কে বিষয়াসকলে আলোচনা কৰিলে।

ভাৰতীয় কপাহ সংস্থাই প্ৰকাশ কৰা 'কটন ষ্টেটিষ্টিকচ্ এণ্ড নিউজ'ত ২০১৬ত প্ৰকাশিত এটি নিৱন্ধত ড. ক্ৰান্তিয়ে কৈছিল, "কপাহৰ শূৰপোক আকৌ ওলাইছে, এই সন্দৰ্ভত কোনো সন্দেহৰ অৱকাশ নাই। ২০২০ৰ আগতে বিটি-কটনৰ শূৰপোক প্ৰতিৰোধ কৰিবলৈ আমি সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাব লাগিব। সদ্যহতে শূৰপোক প্ৰতিৰোধ কৰাটোৱেই আমাৰ মূল্ উদ্বিগ্নতাৰ বিষয়।"

ভাৰতৰ ৰাজহুৱা অথবা ব্যক্তিগত খণ্ডৰ কোনো জেনেটিকেলী মডিফাইড কপাহ প্ৰযুক্তিৰে ২০২০ নোহোৱালৈকে বাণিজ্যিক অনুমোদনৰ বাবে অপেক্ষা কৰিব লাগিব। জেনেটিকেলী মডিফাইড বীজৰ বজাৰত ৰাজহুৱা খণ্ডৰ উপস্থিতি শূন্য যদিও আন কিছুমান শস্যৰ জেনেটিকেলী মডিফিকেচনৰ গৱেষণাত কিছুমান কৃষি প্ৰতিষ্ঠান জড়িত হৈ আছে। ইয়াৰ ভিতৰত মেইজ, ছয়াবিন, বেঙেনা আৰু ধান উল্লেখনীয়।

আই চি এ আৰ আৰু আই চি এছ আৰ-ৰ সভাত শূৰপোক নিয়ন্ত্ৰণৰ উপায় বিচাৰি বিজ্ঞানীসকলে হাবাথুৰি খাবলগা হ'ল। "জানুৱাৰী মাহৰ পিচত চপাবপৰা হ্ৰস্যম্যাদী উচ্চ ফলনশীল কপাহৰ খেতি ভাৰতৰ বাবে দীৰ্ঘম্যাদী কৌশল হ'ব পাৰে", ২০১৬ ত ড. ক্ৰান্তিয়ে এই সাংবাদিকক এইদৰে কৈছিল। ইয়াৰ দ্বাৰা শূৰপোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পৰা যাব পাৰে, কিয়নো এই বিধ শূৰপোকে বিশেষকৈ শীতকালত কপাহত আক্ৰমণ কৰে। কিন্তু ভাৰতৰ বেছিভাগ বীজ ব্যৱসায় কৰা কোম্পানীয়ে উলিওৱা উচ্চ ফলনশীল বীজৰ পৰা দীঘলীয়া ম্যাদৰ পৰাহে ভাল উৎপাদন পোৱা যায়।

যদি তেনেকুৱা কৰিবপৰা যায় তেন্তে ২০১৭-১৮ৰ তুলনাত শস্যৰ ওপৰত শূৰপোকৰ আক্ৰমণ হ্ৰাস পাব।

Rotten cotton on the tree
PHOTO • Jaideep Hardikar

কপাহ খেতিয়ক ৱাড়ান্দ্ৰেই যথেষ্ট উৎপাদনৰ আশা কৰিছিল যদিও গুলপীয়া শূৰপোকৰ বাবে চপাবৰ সময়ত পালে লেৰেলি যোৱা কপাহ গছ আৰু পচনশীল কপাহৰ চেকুৰা

বিটি-কটনৰ অচলাৱস্থাঃ

২০১৬ত ড. ক্ৰান্তিয়ে এই সাংবাদিকক জনায় যে বহুল প্ৰচাৰিত প্ৰযুক্তি (বিটি কটন বা বিজি-১ আৰু ইয়াৰ দ্বিতীয় প্ৰজন্ম বিজি-২) এতিয়া অচল হৈ পৰিছে। কৃষকসকলে এতিয়া কম প্ৰতিৰোধ ক্ষমতাসম্পন্ন বিজি-১ আৰু বিজি-২ কপাহৰ বীজৰ পৰা কৰা খেতিৰ লগত নিজক খাপ খুৱাব লাগিব আৰু শূৰপোক নিয়ন্ত্ৰণ কৰিবলৈ আৰু পোক-পতংগ নাশ কৰা কীটনাশকো ব্যৱহাৰ কৰিব লাগিব।

মাটিত থকা 'বেচিলাছ থাৰিংজিয়েনছিচ্' নামৰ এবিধ বেক্টেৰিয়াৰ পৰাই বিটি-কটন নাম হৈছে। উক্ত বেক্টেৰিয়াৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে উলিওৱা ক্ৰি (ক্ৰিষ্টেল) জিন বিটি-কটনৰ বীজত থাকে আৰু কপাহ গছৰ বংশানুক্ৰমিকতা বহন কৰা কোষত ইয়াক সুমুৱাই দিয়া হয় যাতে ই শূৰপোক প্ৰতিৰোধৰ বাবে সক্ষম হয়।

বিটি-কটন মানেই শূৰপোক প্ৰতিৰোধকাৰী ক্ষমতা থকা কপাহ। কিন্তু কৃষকসকললৈ এতিয়া বিটি-কটন বীজেৰে কৰা কপাহৰ পথাৰত শূৰ পোকৰ আক্ৰমণ প্ৰত্যক্ষ কৰিছে বুলি ড. ক্ৰান্তিয়ে তেঁওৰ বিভাগীয় পত্ৰিকাৰ উপৰি নিজৰ চি আই চি আৰ ব্লগত ধাৰাবাহিকভাৱে লিখি আহিছে। আই চি এ আৰ আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰনালয়ে শূৰ পোকৰ ধ্বংসলীলা সম্পৰ্কে বিশেষ সতৰ্কতা অৱলম্বন কৰা দেখা নগ'ল। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ তেতিয়াৰে পৰা গুলপীয়া শূৰ পোকৰ আক্ৰমণ সম্পৰ্কে সম্পূৰ্ণ জ্ঞাত আছিল যদিও কোনো সমাধানৰ সূত্ৰত উপনীত নহ'ল।

ভাৰতৰ উচ্চ ফলনশীল বিটি-কটন বীজৰ বজাৰত আমেৰিকাৰ বীজ জৈৱপ্ৰযুক্তি বহুজাতিক সংস্থা 'মনচান্টো'ৰ প্ৰায় একছত্ৰী ব্যৱসায়। ২০০২-২০০৩ ত ভাৰত চৰকাৰে আমেৰিকাৰ এই বহুজাতিক সংস্থাটোক ভাৰতৰ কপাহৰ বীজৰ বজাৰত বিটি-কটন বীজ মুকলি কৰিবলৈ আৰু বিক্ৰী কৰিবলৈ অনুমোদন জনাইছিল। বিটি-কটন বীজৰ জৈৱপ্ৰযুক্তি আগবঢ়োৱা বহুজাতিক সংস্থা মনচাণ্টোৱে ভাৰতৰ বীজ কোম্পানীৰ হাতলৈ উক্ত জৈৱপ্ৰযুক্তি হস্তান্তৰ কৰে। ইয়াৰ বিনিময়ত ভাৰতৰ কোম্পানীটোৱে বিক্ৰী হোৱা বিটি-কটন বীজৰ প্ৰতিটো বেগৰ বাবদ আমেৰিকাৰ কোম্পানীটোক ২০ শতাংশ ৰয়েল্টি দিব লাগিব। ইয়াৰ ঘোষিত লক্ষ্য আছিল কপাহ খেতিত কীটনাশকৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু উৎপাদনশীলতা বৃদ্ধি কৰা। এই দুয়োটা উদ্দেশ্য সাধনৰ বাবে জি এম প্ৰযুক্তিক মকৰধ্বজ হিচাপে তুলি ধৰা হ'ল।

প্ৰথম বছৰতে হাইব্ৰিড বিটি-কপাহৰ ৪০০ গ্ৰামৰ এটা পেকেটৰ দাম হ'ল ১৮০০ টকা। একে সময়তে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৰয়েল্টি নিয়ন্ত্ৰণ কৰিবলৈ বা বীজৰ মূল্য নিৰূপন কৰিবলৈ আগবাঢ়ি আহিল। প্ৰথম কেইবছৰত যেতিয়া বিটি-কপাহৰ গুটি (বীজ)ৰ ৪০০ গ্ৰামৰ এটা পেকেটৰ দাম মোটামুটি ১০০০ টকা আছিল, তেতিয়া আমেৰিকাৰ বহুজাতিক সংস্থা মনচাণ্টোৱে খুচুৰা বিক্ৰীৰ বজাৰৰ পৰা প্ৰতি পেকেটৰ পৰা ২০ শতাংশ ৰয়েল্টি লৈছিল- বীজ বজাৰৰ পৰ্যবেক্ষক তথ্যত প্ৰকাশ। ২০১৬ ত ড. ক্ৰান্তিয়ে লিখিলে যে ভাৰতৰ হাইব্ৰিড কপাহৰ বীজৰ বজাৰখন আনুমানিক ৪৮০০ কোটি টকাৰ হ'ব।

বিটি-কটনৰ বীজ সামৰি লোৱা ২২৬ লাখ হেক্টৰ কপাহ কৃষিভূমিৰ গোলকীয়া বজাৰৰ ১৬০ হেক্টৰ ভূমি ব্যক্তিগত জৈৱ প্ৰযুক্তি ব্যৱসায়ীক এৰি দিয়া হৈছিল।

২০১৪-১৫ বৰ্ষত ভাৰতত ১১৫ লাখ হেক্টৰ ভূমিত বিটি-কপাহৰ বীজ ৰোপন কৰা হৈছিল। ২০০৬-২০০৭ ত মনচাণ্টো কোম্পানীয়ে দ্বিতীয় প্ৰজন্মৰ বিজি- হাইব্ৰিড বীজ বজাৰত এৰিলে। দ্বিতীয়বিধ হাইব্ৰিড বীজ অধিক প্ৰতিৰোধী ক্ষমতাসম্পন্ন তথা প্ৰতিৰোধ ক্ষমতা বেছি দিনলৈ থাকে। লাহে লাহে বিজি-১ হাইব্ৰিড বীজ বজাৰৰ পৰা অন্তৰ্ধান হ'ল। সম্প্ৰতি ভাৰতৰ প্ৰায় ১৩০ হেক্টৰ কপাহৰ পথাৰৰ প্ৰায় ৯০ শতাংশত দ্বিতীয় প্ৰজন্মৰ হাইব্ৰিড কপাহৰ বীজ বিজি-২ ৰে খেতি কৰা হয়। এই তথ্য চৰকাৰী প্ৰতিবেদনত প্ৰকাশিত।

কপাহ ধ্বংসকাৰী তিনিবিধ কীট- আমেৰিকান শূৰপোক (হেলিক'ভাৰপা আৰ্মিগেৰা), গুলপীয়া শূৰপোক আৰু ফুটফুটীয়া শূৰপোক (য়াৰিয়াছ ভিট্টেলা)ৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিব পাৰিব বুলি দাবী কপাহ গছত 'বেচিলাছ থাৰিংজিয়েনাচিচ' নামৰ মাটিত থকা বেক্টেৰিয়াবিধৰ পৰা ক্ৰিষ্টেল-১ এচি আৰু ক্ৰিষ্টেল-২ এবি জিনসমূহ দ্বিতীয় প্ৰজন্মৰ হাইব্ৰিড বিটি-কটনৰ বীজ বিজি-২ ত সন্নিবিষ্ট কৰা হৈছে। প্ৰথম প্ৰজন্মৰ বিটি-কটনৰ বীজত মাত্ৰ ক্ৰিষ্টেল ১ এচি জিন আছে।

ভাৰতৰ বাতাবৰণ আৰু জলবায়ুৰ লগত সংগতিপূৰ্ণ কৰি বিটি প্ৰযুক্তিৰ বহনক্ষম ব্যৱহাৰৰ সামগ্ৰীক পৰিকল্পনা নাছিল বুলি ড. ক্ৰান্তিয়ে আন এক নিৱন্ধত উল্লেখ কৰিছিল।

বিটি কটন বীজ উত্পাদন প্ৰযুক্তিৰ ক্ষমতাৰ বাবে সুনিৰ্দিষ্ট বিশদ বৈজ্ঞানিক পদ্ধতিৰ বিন্যাস অবিহনে ভাৰতৰ পৰিৱেশ মন্ত্ৰলালয়ৰ জেনেটিক ইঞ্জিনিয়াৰিং অনুমোদন কমিটিয়ে কমেও ভিন ভিন ছয় প্ৰকাৰৰ বিটি-ইভেণ্টলৈ অনুমোদন জনাইছিল।

বেছিলাছ থাৰিংজিয়েনচিছ বেক্টেৰিয়াবিধত থকা এবিধ জিনে প্ৰটিন উৎপন্ন কৰিব পাৰে আৰু এই প্ৰটিনে শূৰ পোক প্ৰতিৰোধকাৰী অধিবিষ হিচাপে ক্ৰিয়া কৰে। বিজ্ঞানীসকলে সৃষ্টি কৰা এই জিনবিধ কপাহৰ বীজলৈ স্থানান্তৰ কৰি কপাহ গছক শূৰ পোক প্ৰতিৰোধী কৰি তুলিব পাৰি। ইয়ে হ'ল জেনেটিকেলি মডিফাইড (জি এম) কপাহ। এনে ধৰণৰ বৈজ্ঞানিক পদ্ধতিৰে সৃষ্টি কৰা জিনে গছৰ বংশানুক্ৰমিক গুণাৱলী মজুত ৰখা ক্ৰমজমত থিতাপি লয়-ইয়াকে 'ইভেণ্ট' বুলি কোৱা হয়।

এই সতৰ্কীকৰণক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নহ'ল, আনকি কপাহ গছৰ প্ৰতিৰোধৰ বিষয়টোও ড. ক্ৰান্তিয়ে উল্লেখ কৰিছিল। প্ৰতিৰোধক হৈছে বিৱৰ্তনমূলক প্ৰক্ৰিয়া। কৃষিত যেতিয়া কোনো এবিধ কীটৰ বাবে ব্যৱহাৰ কৰা কীটনাশক পূৰ্বে কাৰ্যক্ষম হৈছিল যদিও পিছত কামত নহা হ'লে কীটবিধৰ প্ৰতিৰোধ ক্ষমতা বঢ়া বুলিও কোৱা হয়। ইয়াৰ উপৰি, ভাৰতত ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰে সহস্ৰাধিক বিটি-কটন বীজ প্ৰস্তুত নিজা উৎপাদিত বীজৰে অতিক্ৰম কৰা বিটি-ইভেণ্টবোৰক চাৰি-পাঁচ বছৰৰ ভিতৰতে অনুমোদন জনোৱা হ'ল বুলি ড. ক্ৰান্তিয়ে উল্লেখ কৰিছে। ইয়াৰ ফলত কৃষি অৰ্থনীতি আৰু শূৰ পোক নিয়ন্ত্ৰণত বিশৃংখলাৰ সৃষ্টি হৈছে। ভাৰতত কপাহ খেতিয়কৰ শূৰপোক নিয়ন্ত্ৰণৰ অক্ষমতা ক্ৰমাৎ বৃদ্ধি পাব। গুলপীয়া শূৰ পোকে চেকুৰাবোৰৰ পৰা কপাহ এৰুৱাবলৈ কঠিন হোৱাৰ কথা কৈছে ৱাড়ান্দ্ৰেৰ কপাহৰ পথাৰত কাম কৰা কৃষি শ্ৰমিকে, ইয়াৰ উপৰি কপাহৰ গুণাগুণ অতি তল খাপৰ হৈছে।

Women working in cotton farm
PHOTO • Jaideep Hardikar
A man with cotton in hand
PHOTO • Jaideep Hardikar

২০১৭ ত ভাৰতত ঘাঁহ-বন মাৰিবলৈ ব্যৱহাৰ কৰা ঔষধ সহনশীল (Hebicide-tolerent-HT) কপাহৰ সঁচ আমাৰ দেশত ব্যাপক হাৰত ব্যৱহৃত হৈছিল। এইচ টি কপাহৰ সঁচ (বীজ) মনচাণ্টো বহুজাতিক কোম্পানীৰ নতুন উদ্ভাৱন আছিল। কিন্তু বাণিজ্যিক বিপননৰ বাবে চৰকাৰে এতিয়াও এইবিধ বীজৰ অনুমতি প্ৰদান কৰা নাই কিন্তু বীজ বিপননকাৰী কোম্পানী তথা অপঞ্জীকভূক্ত কিছুমান প্ৰতিষ্ঠানে কৃষকক এইবিধ বীজ বিক্ৰী কৰি আছে। যিকি নহওক, এইচ টি বীজ শূৰপোক আন পোকত-পতংগ প্ৰতিৰোধক নহয়। এনে বীজৰ পৰা হোৱা কপাহৰ গছে ঘাঁহ-বন আদি অলাগতিয়াল বস্তুৰ বাবে ব্যৱহৃত ৰাসায়নিক দ্ৰব্য সহজে সহ্য কৰিব পাৰে তথা কপাহ গছৰ কোনো ক্ষতি নহয়।

সম্প্ৰতি ২০১৮ত ড. ক্ৰান্তিৰ সকিয়নি সত্যত পৰিণত হ'ল। ২০১০ ত প্ৰথমবাৰৰ বাবে গুজৰাটৰ কপাহ খেতিত গুলপীয়া শূৰপোক বিয়পি পৰিল, প্ৰথমতে বিজি ১ কটন বীজৰ পৰা কৰা কপাহৰ সৰু এলেকা এটাত দেখা গ'ল। ২০১২ আৰু ২০১৪ বৰ্ষৰ মাজভাগত বিজি-২ কটন বীজ ব্যৱহাৰ কৰা বিস্তৃত কপাহৰ পথাৰত গুলপীয়া শূৰপোকৰ উপদ্ৰৱ দেখা গ'ল।

২০১৫-১৬ ৰ কালছোৱাত চি আই চি আৰ-ৰ জৰীপৰ প্ৰতিবেদনত দেখা গ'ল বিজি-২ কপাহৰ মাজত গুলপীয়া শূৰপোক গুজৰাটত বেছি দেখা গ'ল। তদুপৰি ক্ৰিষ্টেল ১ এচি, ক্ৰিষ্টেল ২ এবি আৰু ক্ৰিষ্টেল ১ এচি + ক্ৰিষ্টেল ২ এবি (তিনিবিধ ভিন ভিন বীজ)ৰ পৰা কৰা কপাহত হোৱা গুলপীয়া শূৰপোকৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পাইছে- বিশেষকৈ আমৰেলি আৰু ভাৱনগৰ জিলাত কীটনাশক প্ৰতিৰোধক গুলপীয়া শূৰপোক বেছি দেখা গ'ল।

কৃষকসকলে আন পোক-পতংগৰ উপৰি গুলপীয়া শূৰ পোকৰ পৰা ৰক্ষা পাবলৈ কীটনাশক ব্যৱহাৰ কৰিলে। ২০১৫ ৰ ডিচেম্বৰত চি আই চি আৰ-এ চলোৱা বিস্তৃত জৰীপৰ প্ৰতিবেদনত প্ৰকাশিত তথ্যমতে শূৰপোকে কপাহৰ চেকুৰাবোৰ সেউজীয়া হৈ থাকোতে বেছিকৈ ৰস শুহি খাই অনিষ্ট সাধন কৰে। কপাহবোৰ শূৰ পোকে দ্বিতীয় আৰু তৃতীয় মাহত বেছিকৈ খায়। ইফালে চতুৰ্থ মাহৰ পৰা কপাহবোৰ চেকুৰাৰ পৰা ফাটি ওলাবলৈ ধৰে, কেতিয়াবা পঞ্চম মাহত ওলায়, অৰ্থাত অক্টোবৰৰ পৰা মাৰ্চ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে পূৰঠ হয়।

গুলপীয়া শূৰপোকৰ পুনৰাগমন আৰু বিজি-২ কটনৰ কীটৰোধক ক্ষমতাহীনতাৰ বিষয়ে চি আই চি আৰ-ৰ প্ৰতিবেদনত বহুতো কাৰকৰ কথা উল্লেখ কৰা হৈছিল। সেইবোৰৰ ভিতৰত উল্লেখনীয় হ'ল যে যিবোৰ কপাহ গছৰ গুটি পূৰঠ হ'বলৈ বেছিদিন লাগে, তেনে কপাহ গছ শূৰপোকৰ আশ্ৰয়দাতা (পোষক) হৈ পৰে।

ড. ক্ৰান্তিয়ে কৈছিল যে বিটি কটনৰ বীজ যদি ভাৰতত ব্যৱহাৰ কৰিবলগা হয় তেন্তে মুক্ত নিষেচনৰ দ্বাৰা উৎপাদিত হওক (অথবা পোনপটীয়াকৈ দেশী কপাহৰ বীজ ব্যৱহৃত হওক), হাইব্ৰিডৰ প্ৰয়োজন নাই। একমাত্ৰ মুক্ত নিষেচন নোহোৱা হাইব্ৰিড কপাহৰ বীজ ব্যৱহাৰ কৰাৰ ভাৰতেই নিছিদ্ৰ দুৰ্গত পৰিণত হৈছে- যাৰ ফলত কৃষকে বাৰে বাৰে বীজ ক্ৰয় কৰিব লাগে। মুক্ত নিষেচনৰ দ্বাৰা হোৱা দেশী বীজ হ'লে কৃষকে অধিক দামত প্ৰতিবছৰে হাইব্ৰিড বীজ ক্ৰয় কৰি দেউলীয়া হ'বলগা নহ'লহেঁতেন।

"দীঘলীয়া সময়ৰ পিচত চপোৱা হাইব্ৰিড হিচাপে বিজি-২ বীজৰ ব্যৱহাৰ অনুমোদিত হ'ব নালাগিছিল যদিও আমি ঠিক তাৰ বিপৰীতটো কৰিলো।" ড. ক্ৰান্তিয়ে এইদৰে আক্ষেপ প্ৰকাশ কৰে। যোৱা তিনি বছৰত কপাহৰ গুলপীয়া শূৰ পোকৰ পুনৰাগমন আৰু খেতিয়কৰ যি ক্ষতিসাধন হ'ল, ইযাৰে ফলত মনচাণ্টোৰ বিজি-১ আৰু বিজি-২ কপাহৰ প্ৰযুক্তিৰে প্ৰস্তুত কৰা বীজৰ ব্যৱসায় কৰা ভাৰতৰ কমেও ৫০ টা কোম্পানী- এই বহুজাতিক আমেৰিকান কোম্পানীটোৰ বিৰোধীতাত মুখৰ হৈ পৰিছে। ২০১৬-১৭ বৰ্ষত কমেও ৪৬ টা ভাৰতীয় বীজ ব্যৱসায়ী কোম্পানীয়ে মনচাণ্টোক ৰয়েল্টি দিবলৈ অস্বীকাৰ কৰিছিল-সেয়া আন এক কাহিনী।

সদ্যহতে বিজি-২ কপাহৰ বীজক বজাৰৰ পৰা বিদায় দিব পৰাকৈ এতিয়া অথবা অদূৰ ভৱিষ্যতে কোনো জিএম প্ৰযুক্তি দৃষ্টিগোচৰ হোৱা নাই। অধিক ফলপ্ৰসূ কোনো কীটনাশক প্ৰযুক্তিত বৰ্তমান নাই। কপাহ কৃষি খণ্ডকলৈ সম্প্ৰতি ভাৰত বিপদাপন্ন। অথচ কপাহ খেতিয়ে দেশৰ বাণিজ্যিক ফচল উৎপাদনকাৰী কৃষিভূমিৰ বৃহদাংশ আগুৰি ৰাখিছে আৰু গ্ৰাম্য কৃষক তথা কৃষি শ্ৰমিকৰ বাবে লাখ লাখ কৰ্মদিনৰ সৃষ্টি কৰি আহিছে।

A man walking through cotton trees
PHOTO • Jaideep Hardikar

২০১৪ৰ জানুৱাৰীত ৱাড়ান্দ্ৰেই প্ৰথম অৱস্থাত যথেষ্ট সম্ভাৱনা থকা কপাহ খেতি কৰিবলৈ বাদ দিলে-"এই বছৰ কপাহ খেতি অধিক ক্ষতিগ্ৰস্ত হৈছে" তেঁও ক'লে

ময়ো আগতেই কপাহৰ ওফৰত বুলডজাৰ চলাব লাগিছিল

আমগাঁও (কে এইচ) গাঁৱৰ প্ৰতিষ্ঠিত কপাহ খেতিয়ক ৱাড়ান্দ্ৰেই ২০১৮ ৰ জানুৱাৰীত কপাহবোৰ পথাৰতে এৰি থ'লে। তেঁও ক'লে যে শূৰ পোকে ধ্বংস কৰা কপাহবোৰ চিঙোতে হোৱা ব্যয় বেয়া কপাহ বিক্ৰী কৰি পোৱা ধনৰ পৰিমাণতকৈ বেছি হ'ব। 'আপুনিয়েই চাওক এই কপাহৰ গছবোৰ, ইমান লহপহীয়াকৈ বাঢ়ি আহিছিল যে ভাবিছিলো এইবাৰ প্ৰচুৰ কপাহ উৎপাদন হ'ব। বৰঞ্চ এইটো বছৰ অধিক বিধ্বংসীৰূপে পৰিগণিত হ'ল।' তেঁও ক'লে। কপাহৰ পথাৰৰ মাজেৰে খোজ কাঢ়োতে দেখা পালো গছবোৰ সুন্দৰ-সুঠাম, ওখ অথচ এতিয়া বাহৰ ধোকা দি থিয় কৰি ৰাখিবলগা হৈছে।

পুনৰ আন এটা কপাহ বিধ্বংসী বছৰে মহাৰাষ্ট্ৰৰ কপাহ খেতিয়কক সৰ্বস্ৰান্ত কৰিলে। গছৰ পৰা কপাহ চিঙাৰ আগতেই গছবোৰ মাটিত বাগৰি পৰিল। য়াভাটমাল জিলাত কোনো কোনো কৃষকে কপাহৰ গছৰ ওপৰত বুলডজাৰ চলাই সমান কৰি পেলালে। শুকুলা কপাহৰ মাজত সোমাই থকা গুলপীয়া শূৰপোকে কৃষকসকলক প্ৰচণ্ড হতাশ আৰু উপায়ন্তৰ কৰি তুলিলে, বহুতেই এইবাৰ কপাহ চপাবলৈ নগ'ল।

ব্যাপক হাৰত ব্যৱহাৰ কৰা কীটনাশকে কমেও ৫০ জন মান কৃষকৰ প্ৰাণ লোৱাৰ উপৰি বহুজন গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ কিছুদিনৰ পিচতে কপাহ কটাৰ সময় আহি পালে। ২০১৭ ৰ জুলাইৰ পৰা নৱেম্বৰৰ এই সময়ছোৱা কপাহ খেতিয়কৰ বাবে চৰম অভিশপ্ত আছিল।

জানুৱাৰীৰ শীতকাল যেতিয়া তুংগত, এই সময়তে গুলপীয়া শূৰ পোকৰ আক্ৰমণ ক্ষমতা আৰু বংশবৃদ্ধি প্ৰৱল ৰূপত হয়। আসন্ন ক্ষতিৰ কথা ভাবি কপাহ খেতিয়কসকলৰ মন ক্ষতি-বিক্ষত হৈ পৰিছে।

জানুৱাৰীত যেতিয়া মই ৱাড়ান্দ্ৰেক সাক্ষাত কৰিছিলো, সেই সময়ত তেঁও কৈছিল, 'ময়ো মোৰ কপাহ ডৰাত বুলড'জাৰ চলাব লাগিব।' ভয়াৱহ অথচ ক্ষুদ্ৰ শূৰপোকে বিধ্বস্ত কৰা কপাহবোৰ দেখুৱাই তেঁও দুখত ভাগি পৰিল। মই আগতেও দুবাৰ তেঁওক সাক্ষাৎ কৰিছিলো। কিন্তু এইবাৰ দেখা পালো যে কপাহবোৰ শূৰ পোকে একেবাৰে ধ্বংস কৰি পেলাইছে। শূৰ পোকবোৰক কপহাৰ ক্ষতিসাধন কৰাৰ পৰা ৰক্ষা কৰিবলৈ কোনো কীটনাশকেই নোৱাৰিলে। এবাৰ ফুটা কৰি কপাহৰ চিৰাটোৰ ভিতৰত সোমাব পাৰিলে যিকোনো কীটনাশকৰ পৰা ই সুৰক্ষিত হৈ পৰে আৰু ইয়াৰ বংশবৃদ্ধি দ্ৰুতগতিত বাঢ়িবলৈ ধৰে।

কপাহ খেতিয়ক ৱাড়ান্দ্ৰেৰ হতাশাই ভাৰতৰ কপাহ খণ্ডত দেখা দিয়া গভীৰ অনিশ্চয়তা আৰু বিপৰ্যয়ৰ ছবিখন তুলি ধৰিছে।

অনুবাদঃ পংকজ দাস

Jaideep Hardikar

Jaideep Hardikar is a Nagpur-based journalist and writer, and a PARI core team member.

Other stories by Jaideep Hardikar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das