পাণ্ডলা লক্ষ্ণণে ১৮ বছৰ বসয়ত ১২ম শ্ৰেণীলৈকে পঢ়ি তাতেই শিক্ষা সাং কৰিবলগীয়া হয়। "অশ্বৰাওপেটা চহৰৰ মহাবিদ্যালয়খনত নামভৰ্তিৰ বাবে জনজাতিৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ বাবে মোক কোৱা হৈছিল। আৰু মোৰ হাতত সেয়া নথকা হেতুকে শিক্ষা সিমানতে সামৰিবলগা হয়," তেওঁ কয়।

২৩ বৰ্ষীয় লক্ষ্ণণে নয়াকুলাগুডেম এলেকাত কৃষি শ্ৰমিক হিচাপে কাম কৰে, কাম নথকা সময়ত তেওঁৰ পৰিয়ালৰ এক একৰ পডু মাটিত (খেতিৰ বাবে ব্যৱহৃত বনাঞ্চলৰ মাটি) কাম কৰে।

অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ টি নৰসাপুৰম আৰু চিম্তালাপুড়ি মণ্ডলৰ ৩০ খন মান গাঁৱত বিস্তৃত হৈ থকা তেওঁৰ দৰে ভালেমান নাইকোপাড় জাতিৰ যুৱকসকলৰ কাহিনীবোৰ একেই। ১৮ বৰ্ষীয় কুইচিনি সীথা আৰু কুচিনি নাগামণিয়েও ৫ম শ্ৰেণীতেই পঢ়া এৰিছিল। তেওঁলোকৰ এলেকাৰপৰা পাঁচ কিলোমিটাৰ দুৰৈৰ মাৰিগুডেমস্থিত জনজাতীয় আবাসিক বিদ্যালয়খনত তেওঁলোককো জনজাতিৰ প্ৰমাণপত্ৰ দেখুৱাবলৈ কোৱা হৈছিল। "তেতিয়াৰপৰা আগলৈ আমি আৰু পঢ়িব নোৱাৰিলো," নাগামণিয়ে কয়, "আমি সোনকালেই বিয়া হৈ গ'লো আৰু পডু মাটিত কাম কৰিবলৈ ল'লো অথবা কৃষি শ্ৰমিক হিচাপে অইনৰ মাটিত কাম কৰিবলৈ ল'লো।"

নয়াকুলগুডেম অঞ্চলত (জাতিটোৰ নামৰ আধাৰতে নাম দিয়া) ১০০ মান নাইকোপাড় পৰিয়াল বাস কৰে, ওচৰৰে বনাঞ্চলত ধান আৰু ৰাজমাকে ধৰি বিভিন্ন খেতি কৰে। জীৱিকাৰ বাবে তেওঁলোকে বনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। মৌ সংগ্ৰহ কৰি অথবা কেৰ্কেটুৱা (স্কাংক) ধৰি (খাবৰ বাবে) সেয়া নৰসপুৰম চহৰৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰে।

PHOTO • Rahul Maganti

জনজাতিৰ প্ৰমাণপত্ৰ নথকা হেতুকে পাণ্ডলা লক্ষ্ণণ ৰাও (বাওফালে) আৰু আলম চন্দেৰ ৰাও (সোফালে) য়ে আধাতে পঢ়া সামৰিবলৈ বাধ্য হৈছিল

"ইয়াৰে বহুতেই প্ৰাথমিক বিদ্যালয়ৰ পিছতেই পঢ়া এৰে, কিয়নো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়াৰ বাবে বৃত্তি পোৱাৰ বাবেও জনজাতিৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়। আমাৰ বহুতেই লৰা-ছোৱালীক বৃত্তি নাপালে পঢ়াব নোৱাৰে," ২৫ বৰ্ষীয় নাগাৰাজু কুচিনিয়ে কয়। তেওঁ নিজেও বিদ্যালয় এৰিবলগীয়া হৈছিল। "পঢ়া সামৰি (হাইস্কুল অথবা কলেজৰপৰা) ঘৰলৈ অহাবোৰক সোনকালেই বিয়া পাতি বিদায় দিয়া হয়।"

নয়াকুলাগুডেমৰ ল'ৰা-ছোৱালীবোৰে চৰকাৰী মণ্ডল পৰিষদ প্ৰাথমিক বিদ্যালয়ত ৫ম মানলৈ পঢ়িব পাৰে। তাৰপিছত তেওঁলোকে দুই কিলোমিটাৰ দুৰৈৰ মাৰাকাবানিগুডেম গাঁৱৰ চৰকাৰী বিদ্যালয়লৈ খোজকাঢ়ি বা চাইকেলেৰে যায়। তাৰ পৰিৱৰ্তে কিছুমানে মাৰিগুডেমৰ জনজাতীয় আবাসিক বিদ্যালয়ত যোৱাৰ চেষ্টা কৰে। দুটা মণ্ডলৰ ভিতৰত এইখনেই একমাত্ৰ আবাসিক বিদ্যালয় আৰু তাতে মাত্ৰ ১৮০-২০০ মান (ল'ৰা-ছোৱালী, পৃথক হোষ্টেলত) ল'ৰা-ছোৱালীয়ে ৬ম মানৰ পৰা ১০ম মানলৈ পঢ়িব পাৰে। তাতে নামভৰ্তি কৰাবৰ বাবে জনজাতিৰ প্ৰমাণপত্ৰ লাগে আৰু নাইকোপাড়সকলৰ চলিত প্ৰজন্মৰ সেয়া নাই। সেয়ে আসন খালি হৈ থাকিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিভিন্ন চৰ্ত অনুযায়ী নামভৰ্তি কৰোৱা হয়।

৬ম মানৰ পৰা ১০ম মানলৈ ছাত্ৰ-ছাত্ৰীসকলে জনজাতীয় কল্যাণ বিভাগৰপৰা প্ৰতিমাহে ১০০-১৫০ মান টকাৰ বৃত্তি পাব লাগে, আৰু স্নাতক পৰ্যায়ত কলেজৰ দিনকেইটাত বছৰি ৫ হাজাৰ টকাকৈ পাব লাগে। কিন্তু তাৰ বাবেও জনজাতিৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন। সেয়ে ১০ম মানলৈ পঢ়া অব্যাহত ৰাখিলেও তাৰপিছত পঢ়াটো অতিকৈ কঠিন হৈ পৰে।

PHOTO • Rahul Maganti

নয়াকুলগুডেমৰ মণ্ডল পৰিষদ প্ৰাথমিক বিদ্যালয়ত (সোফালে) ল'ৰা-ছোৱালীয়ে ৫ম মানলৈ পঢ়িব পাৰে

নাইকোপাড় জাতিটোৰ ৪ হাজাৰমান ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা ব্যৱস্থাটোৰপৰা যোৱা কিছু বছৰত ওলাই আহিবলগা হৈছে কিয়নো তেওঁলোকৰ জনজাতিৰ প্ৰমাণপত্ৰ নাছিল, নয়াকুলাগুডেমৰ আটাইকতৈ উচ্চশিক্ষিত বুলি গাওঁবাসীয়ে কোৱা আল্লাম মাৰেছুৱে কয়। "আনকি বেচৰকাৰী বিদ্যালয় আৰু কলেজত পঢ়াসকলেও আদিবাসীসকলৰ বাবে থকা সাংবিধানিক সংৰক্ষণৰ সুবিধা নাপায় কিয়নো তেওঁলোকৰ জনজাতিৰ প্ৰমাণপত্ৰ নাই।"

২৭ বৰ্ষীয় মাৰেছুৱে নয়াকুলাগুডেমৰপৰা প্ৰায় ১৮ কিলোমিটাৰ দুৰৈৰ অশ্বৰাওপেটা চহৰৰ (এতিয়া টেলেংগানাৰ কথাগুডেম জিলাত) এখন ব্যক্তিগত খণ্ডৰ কমাৰ্ছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ দিনত কলেজলৈ যায় আৰু ৰাতি ৱেইটাৰ, চকীদাৰ হিচাপে আৰু পেট্ৰল পাম্প আদিত বিভিন্ন কাম কৰে। "মই প্ৰমাণপত্ৰ নাপালো আৰু গিৰিজন ৱেলফেয়াৰ হোষ্টেলত নামভৰ্তিও কৰিব নোৱাৰিলো। সেয়ে মই মোৰ মাচুল আৰু বিলবোৰ দিয়াৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলো," তেওঁ কয়। মাৰেছুৱে এতিয়া নিৰ্মাণখণ্ডৰ শ্ৰমিক হিচাপে কাম কৰে। জনজাতিৰ প্ৰমাণপত্ৰ থাকিলে তেওঁ চৰকাৰী কামৰ বাবে যোগ্য বিবেচিত হ'লহেতেন।

প্ৰায় এটা দশকজুৰি নাইকোপাড়সকলে জাতিৰ প্ৰমাণপত্ৰ পোৱা নাই। প্ৰমাণপত্ৰ দিয়া মণ্ডল ৰাজহ কাৰ্যালয়ত কোৱামতে তেওঁলোক জনজাতীয় লোক। কিন্তু চিন্তালাপুড়িৰ মণ্ডল ৰাজহ বিষয়া মাইকেল ৰাজুৱে কয় যে নাইকোপাড়সকলৰ জনজাতীয় স্থিতি এটা বিতৰ্কিত বিষয় আৰু ২০১১ চনৰ চৰকাৰী নিৰ্দেশ মতে তেওঁলোক জনজাতীয় নহয়। "চৰকাৰে এখন নিৰ্দেশনা জাৰি কৰিছে যে ভৈয়ামত থকা নাইকোপাড়সকলক জনজাতীয় বুলি বিবেচনা কৰা নহয়। এই কাৰণতে তেওঁলোক জনজাতীয় প্ৰমাণপত্ৰৰ বাবে যোগ্য নহয়," তেওঁ কয়।

২০১৪ চনৰ নিৰ্বাচনৰ আগেয়ে কিছু নাইকোপাড়ে প্ৰমাণপত্ৰ পাবলৈ সক্ষম হৈছিল- প্ৰায়সকলেই আছিল প্ৰমুখ ৰাজনৈতিক দলৰ আকাংক্ষিত প্ৰাৰ্থী। "মাত্ৰ কেইগৰাকীমানকহে জনজাতিৰ প্ৰমাণপত্ৰ দিয়া হৈছিল, কিয়নো স্থানীয় পৰ্যায়ৰ আসনবোৰৰ কিছু আসন জনজাতিৰ বাবে সংৰক্ষিত হৈ থাকে আৰু নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ হ'লে প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়," নয়াকুলাগুডেমৰ কৃষি শ্ৰমিক হিচাপে কাম কৰা ভুজংগ ৰাওৱে কয়।
PHOTO • Rahul Maganti

কুচিনি ৰামুলাম্মা, কুচিনি সীথা আৰু কুচিনি নাগামণি (বাওফালৰপৰা সোঁফাললৈ) আটাইকেইজনীয়ে ৫ম মানৰ পিছতে পঢ়া এৰি পৰিয়ালৰ পডু মাটিত কৃষি শ্ৰমিক হিচাপে কাম কৰিবলৈ লয়

প্ৰায় ১২ হাজাৰমান জনসংখ্যাৰ (স্থানীয় সমাজ কৰ্মীয়ে হিচাপ কৰা মতে) নাইকোপাড় (নায়ক) সম্প্ৰদায়টোৱে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী আৰু কৃষ্ণা জিলাত বাস কৰে। কিন্তু ৰাজ্য চৰকাৰে পঞ্চম অনুসূচীৰ অন্তৰ্গত এলেকাবোৰত থকা নাইকোপাড়সকলৰ বাদে অইনসকলক জনজাতীয় বুলি নধৰে। আদিবাসী জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিক সামৰি লোৱা সংবিধানৰ ষষ্ঠ অনুসচীয়ে আদিবাসীসকলৰ সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰে। টি নৰসপুৰম আৰু চিন্তালাপুড়ি মণ্ডল পঞ্চম অনুসূচীৰ ভিতৰত নপৰে কিয়নো তাতে কমসংখ্যক আদিবাসীয়ে বাস কৰে। যাহওক, তাৰে গাতে লাগি থকা থকা জীলুগুমিল্লি আৰু বট্টায়াগুডেম মণ্ডল পঞ্চম অনুসূচীত পৰে আৰু তাৰে নাইকোপাড়সকলৰ জনজাতীয় প্ৰমাণপত্ৰ আছে।

"এনেদৰে সংবিধানৰ ১৪ অনুচ্ছেদৰ উলংঘা কৰা হৈছে (আইনৰ চকুত সমান) কিয়নো চৰকাৰে অনুসূচীত এলেকা আৰু অ-অনুসূচীত এলেকা ভগাই একেটা সম্প্ৰদায়ৰ মাজত ভেদভাব আনিছে," অন্ধ্ৰ প্ৰদেশৰ ব্যৱসায় ব্ৰুথিদাৰুলা (কৃষি আৰু সম্পৰ্কিত জীৱিকা) ইউনিয়নৰ এগৰাকী কৰ্মী জুৱালা বাবজীয়ে কয়। "এইসকল লোকক আদিবাসী বুলি ধৰা নহয়। তেওঁলোকক অনুসূচীত জাতি অথবা অনান্য পিছপৰা শ্ৰেণী আদি কতোৱে ধৰা নহয়। সিহতৰ জাতি কি তেন্তে?"

অন্ধ্ৰ প্ৰদেশ বিশ্ববিদ্যালয়ৰ নৃতত্ববিদসকলৰ এক প্ৰতিবেদন মতে পশ্চিম গোদাবৰী আৰু কৃষ্ণা জিলাৰ নাইকোপাড়সকলৰ দৰে একে জনগোষ্ঠীৰে লোক হৈছে টেলেংগানাৰ আদিলাবাদ জিলাৰ ৰাজ গোণ্ড আৰু ৱাৰাংগল জিলাৰ নায়কসকল। "যদি ৰাজ গোণ্ড আৰু নায়কসকল জনজাতিৰ প্ৰমাণপত্ৰৰ বাবে যোগ্য হয়, তেন্তে আমাক কিয় সেয়া দিয়া নহয়?" ভুজংগ ৰাওৱে প্ৰশ্ন কৰে।

PHOTO • Rahul Maganti

জীৱিকাৰ বাবে নাইকোপাড়সকলে বনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। (সোফালে)পাণ্ডলা মাংগা ৰাও আৰু কুচিনি সীথায়ায়ে বাহৰ চোঁচেৰে তৈয়াৰী বেৰ এখন লৈ ফটোৰ বাবে পজ দিছে

শিক্ষাৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰাৰ উপৰিও জনজাতিৰ প্ৰমাণপত্ৰ নথকা হেতুকে নাইকোপাড়সকল উন্নয়ন আৰু ৰাজনৈতিক প্ৰক্ৰিয়াতো পিছপৰি আছে। "জনজাতীয় সংৰক্ষিত শাখাত আমি কেতিয়াও নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰো," ৰাওৱে কয়। "আমি সংহত জনজাতীয় উন্নয়ন এজেঞ্চীৰপৰা এটা পইচাও নাপাও, আনহাতে অইন জনজাতিবোৰে গৰু-মহ কিনাৰ বাবে আৰু দোকান বহুওৱাৰ বাবে খেতিৰ সামগ্ৰী আৰু ঋণ পায়।"

অনুসূচীত জাতি/জনজাতিয়ে পোৱা কল্যাণমুলক আঁচনিয়েও তেওঁলোকক ঢুকি নোপোৱা বুলি নাইকোপাড়সকলে অভিযোগ কৰে। "অইন জনজাতীয়বোৰে পোৱা হাউচিং আঁচনিৰো সুবিধা আমি নাপাও। আমি সেয়া দাবী কৰিলে বিষয়াসকলে কয় যে আমাক তেওঁলোকৰ ৰেকৰ্ডত জনজাতি বুলি ধৰা হোৱা নাই। চন্দ্ৰনা বীমা আঁচনিৰ হিতাধীকাৰীসকলক চিনাক্ত কৰাৰ বাবে কৰা শেহতীয়া এক সমীক্ষাত আমি গণনাতে নাহিলো কিয়নো আমাৰ জাতিৰ প্ৰমাণপত্ৰ নাছিল," মাৰেচুৱে কয়। ৰাজ্যখনৰ অসংগঠিত শ্ৰমিকসকলৰ কল্যাণৰ হকে এই চন্দ্ৰনা বীমা আঁচনি মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ নামত প্ৰচলন কৰা হৈছে। "দৰাচলতে এই বীমাৰ বাবে কোনো জাতিৰ প্ৰমাণপত্ৰ নালাগে, কিন্তু বিষয়াসকলে সামাজিক সুৰক্ষা আঁচনিত ধন বচাবলৈ এয়া কৰিছে, কিয়নো তেওঁলোক পুঁজিক লৈ বেছি চিন্তিত," বাবজীয়ে কয়।

নাইকোপাড়সকলে ২০০৮ চনৰপৰা অধিকাৰৰ বাবে সংগঠিত ৰুপত দাবী উত্থাপন কৰি আহিছে, এই অধিকাৰৰ দাবীত জাতিৰ প্ৰমাণপত্ৰও অন্তৰ্ভুক্ত। ইটোৰ পিছত সিটো নিৰ্বাচনৰ সময়ত প্ৰমুখ ৰাজনৈতিক দলে এই বিষয়টো আলোচনা কৰিম বুলি কয় যদিও একো নকৰে। ২০১৫ চনত যুৱ নাইকোপাড়সকলে লগ লাগি নাইকোপাড় সংঘম বুলি সংস্থা স্থাপন কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ তুলি ধৰিবলৈ ৰেলী আৰু ধৰ্ণা প্ৰদৰ্শন কৰি আহিছে। এতিয়ালৈ চৰকাৰে তেওঁলোকৰ জাতিৰ প্ৰমাণপত্ৰৰ দাবী উপেক্ষা কৰি আহিছে।"


অনুবাদকঃ ৰশ্মি ৰেখা দাস

Rahul Maganti

Rahul Maganti is an independent journalist and 2017 PARI Fellow based in Vijayawada, Andhra Pradesh.

Other stories by Rahul Maganti