পৰিপাটিকৈ তেল সানি বেণী গাঠি থোৱা চুলিকোচা মূৰৰ ওপৰত টানকৈ বান্ধি থোৱা থাকে। মুখমণ্ডলত বয়সৰ আঁচোৰ। তেঁও পৰিধান কৰে এজোৰ হাৱাই চেণ্ডেল আৰু এখন খদ্দৰৰ কপাহী শাৰী। ভৰিৰ সৰুগাঁঠিৰ অলপ ওপৰত শাৰীখন পিন্ধে। সদায় পুৱাতে তেঁও দিনটোৰ কামৰ বাবে সাজু হয়। কিন্তু সেইদিনা তেঁও কুমায়ুন অঞ্চলত থকা কোশী নদীৰ উৎস পিন্নাথ বনাঞ্চলৰ পৰা ৰুদ্ৰধাৰীলৈ আমাক লৈ যাবলৈ ৰৈ আছে।

উত্তৰাখণ্ডৰ বাগেশ্বৰ আৰু আলমোৰা জিলাৰ সীমাত থকা ২৪০০ লোকৰ বাসভূমি কৌশানী নামৰ গাঁওখনত মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত বাৰ্ষিক ৰাজহুৱা উৎসৱৰ আমি অংশগ্ৰহণকাৰী আছিলো। অঞ্চলটোত বাসন্তী বেহেন (বাইদেউ) ৰূপে পৰিচিত বাসন্তী সামন্ত এই উৎসৱৰ এগৰাকী বক্তা।

কেইবছৰমান পূৰ্বে তেঁও এটা আন্দোলনৰ নেতৃত্ব দিছিল- কোশী নদীক ৰক্ষা কৰিবলৈ কৌশানী গাঁৱৰ চৌপাশৰ মহিলাক লৈ ২০০ টা গোট গঠন কৰিছিল, একোটা গোটত ১৫-২০ গৰাকী মহিলা আছিল। ১৯৯২ ত কোশী নদীত প্ৰতি ছেকেণ্ডত ৮০০ মিটাৰ পানী প্ৰৱাহিত হোৱাৰ পৰিৱৰ্তে ২০০২ বৰ্ষাকালত প্ৰতি ছেকেণ্ডত মাত্ৰ ৮০ লিটাৰমান জল প্ৰবাহৰ পৰিমান হ্ৰাস পায়। তেতিয়াৰে পৰা শ্ৰীসামন্ত আৰু তেঁওৰ সতীৰ্থসকলে কোশী নদীৰ ৰক্ষণা-বেক্ষণৰ বাবে কাম কৰি আহিছে। ২০০২ত শ্ৰীমতী সামন্ত আৰু তেঁওৰ সতীৰ্থসকলে গছ কটা বন্ধ কৰিবলৈ আৰু গছ ৰুবলৈ আৰু বিশেষকৈ স্থানীয়ভাৱে পোৱা বঞ্জ ওকজাতীয় গছ ৰুবলৈ সকলোকে উৎসাহিত কৰে। মহিলাসকলে কোশীৰ পানী ব্যয় কৰাত মিতব্যয়ী হ'বলৈ সকলোকে আহ্বান জনায় আৰু বন জুই নিৰ্বাপিত কৰিবলৈ তথা বাধা দিবলৈ আহ্বান জনায়। শ্ৰীমতী সামন্তই সকলো মহিলাকে ভগ্নীসুলভ বান্ধোনেৰে একত্ৰিত কৰিছিল আৰু এই সম্পৰ্কৰ এনাজৰী পৰিৱেশ ৰক্ষাত ব্যৱহাৰ কৰিছিল।

কিন্তু প্ৰথমে সামন্তই নিজৰ সংগ্ৰাম কৰিব লগা হৈছিল।

'মোৰ জীৱন ওখোৰা-মোখোৰা আৰু বিপজ্জনক সুউচ্চ পাহাৰৰ দৰে' বুলি তেঁও উল্লেখ কৰে। যেতিয়া তেঁওৰ ১২ বছৰ বয়স হৈছিল আৰু মাথো পঞ্চম শ্ৰেণীৰ শিক্ষা সমাপ্ত কৰাৰ সময়তে বিবাহ পাশত আৱদ্ধ হৈছিল। বিবাহৰ পাছত পিথোৰাগড় জিলাৰ থাৰকোট গাঁৱৰ স্বামীগৃহলৈ বাসন্তী সামন্ত স্থানান্তৰিত হয়। ইতিমধ্যে তেঁও ১৫ বছৰ বয়সত ভৰি দিছিল। সেই সময়তে বিদ্যালয়ৰ শিক্ষক স্বামীৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পিছতে শাহুয়েকে ক'বলৈ ধৰিলে 'তয়েই মোৰ ল'ৰাটোক খালি'।
Kausani Mahila Sangathan raising awareness about Kosi in a government school
PHOTO • Basant Pandey

চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত মহিলা গোটৰ গোটৰ সভাত কোশী নদীলৈ নামি অহা বিপদৰ বিষয়ে ভাষণৰত অৱস্থাত…

ইয়াৰ পিচতে তেঁও নিজৰ সামান্য কাপোৰ-কানি সামৰি লৈ ডাগাৰাত থকা নিজৰ ঘৰলৈ উভতি আহিল। ঘৰলৈ আহি মাতৃ আৰু খুড়ীয়েকক ঘাঁহ কটা আৰু গৰুৰ গোবৰ গোটোৱাত সহায় কৰিবলৈ ধৰিলে। বিহাৰত পুলিচ বিভাগত কৰ্মৰত বাসন্তীৰ পিতৃয়ে নিজৰ কন্যাক পুনৰ বিদ্যালয়ত ভৰ্তি কৰাৰ চেষ্টা কৰিলে। 'মোৰ দেউতাই মোক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হোৱাটো বিচাৰিছিল।' তেঁও ক'লে। দেউতাকৰ এই প্ৰস্তাৱৰ বিৰুদ্ধে পৰিয়ালৰ লোকসকল থিয় হ'ল। বাসন্তীয়ে ক'লে, "মই কিতাপ পঢ়া দেখিলেই মায়ে গালি দিছিল-'তই আকৌ অফিচৰ কামত লাগিলি নেকি?' মই মাৰ বিৰুদ্ধাচৰণ কৰিবলৈ সাহস গোটাব পৰা নাছিলো।"

মহাত্মা গান্ধী শিষ্যা কেথেৰিন হেইলমেনে ১৯৪৬ত কৌশানীত যুৱতী-মহিলাৰ প্ৰশিক্ষণৰ বাবে প্ৰতিষ্ঠা কৰা প্ৰশিক্ষণ কেন্দ্ৰ লক্ষ্মী আশ্ৰমৰ বিষয়ে কিছুদিনৰ পিছত বাসন্তী সামন্তই জানিব পাৰিলে। আশ্ৰমত নামভৰ্তি কৰাৰ অনুমতি বিচাৰি বাসন্তীয়ে কৰ্তৃপক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে। "আশ্ৰমৰ অধ্যক্ষ ৰাধা ভাটে মোক মোক আশ্ৰমলৈ মাতিলে।" ১৯৮০ চনত বাসন্তীৰ পিতৃয়ে এবছৰীয়া প্ৰশিক্ষণ লোৱাৰ বাবে নিজৰ জীয়ৰীক আশ্ৰমত থৈ আহিল।"

নিজৰ পিতৃৰ সপোন পূৰ্ণ কৰিবলৈ বাসন্তীয়ে আশ্ৰমত থকা বিদ্যালয়ত পঢ়িবলৈ সুয়োগ পালে আৰু আশ্ৰমতে থকাৰ সুবিধাও লাভ কৰিলে। নিজে পঢ়াৰ বাবেও তেঁও প্ৰপত্ৰ পূৰণ কৰিলে। "৩১ বছৰ বয়সত দুৰ শিক্ষণ পদ্ধতিৰে মই হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ কৰো।" ৩০ বছৰৰ আগৰ এই ঘটনাক তেঁও সৌ সিদিনা হোৱা ঘটনাৰ স্মৃতিৰ দৰে ৰোমন্থন কৰিলে।

সময় যোৱাৰ লগে লগে বাসন্তী সামন্তে আশ্ৰমতে পূৰ্ণকালীনভাৱে কাম কৰিবলৈ আৰম্ভ কৰিলে। 'বালৱাড়ী' (বিদ্যালয়) স্থাপন আৰু চিলাইৰ কাম, হাতৰ কাম তথা আন উপাৰ্জনৰ লগত সম্পৰ্ক থকা আত্মসহায়ক গোট গঠন কৰিবলৈ মানুহক সহায় কৰিবলৈ তেঁও উত্তৰাখণ্ডত ইমুৰৰ পৰা সিমুৰলৈ ঘুৰি ফুৰিব ধৰিলে। কিন্তু তেঁও আকৌ কৌশানীলৈ উভতি যাব লগা হ'ল। "বৃহৎ চহৰত মই কি কৰি আছো (সেই সময়ত তেঁও ডেৰাদুনত বাহৰ পাতি আছিল) যিটো সময়ত মই গাঁৱৰ মহিলাৰ লগত থাকিব লাগিছিল।" তেঁও ক'লে।

পৰিস্থিতিৰ চুড়ান্ত অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত ২০০২ত তেঁও কৌশানীলৈ উভতি আহিল। পৰিণতি কি হ'ব ভাবি নোচোৱাকৈ প্ৰত্যেক পৰিয়ালে গছ কাটি গৈছিল, প্ৰত্যেকেই ভাবিছিল ইন্ধনৰ বাবে আৰু কৃষি কাৰ্যৰ বাবে বেছি গছ কটা নাই। কিন্তু কোশী নদীৰ পানী শুকাই যাবলৈ ধৰিলে। ২০০৩ত 'অমৰ উজলা' পত্ৰিকাত বাসন্তী সামন্তে পঢ়িলে যে অৰন্যনিধন আৰু বনজুই ৰোধ নকৰিলে অহা ১০ বছৰৰ ভিতৰত কোশী নদী সম্পূৰ্ণ শুকাই যাব। তেঁও লগে লগে কামত জপিয়াই পৰিল।

কিন্তু সমস্যাৰ গভীৰতা তেঁও ভবাতকৈ বেছি।

Basanti Samant
PHOTO • Basant Pandey

'মোৰ জীৱনটো এটা পৰ্বতৰ দৰে বিপজ্জনক আৰু ওখোৰ-মোখোৰা'-বাসন্তী সামন্ত

পুৱা বেলি ওলোৱাৰ আগতেই গাঁৱৰ মহিলাসকল খৰি-কাঠি বিচাৰি জংঘললৈ যায়। তেঁওলোকে ৰুটি, নিমখ-ভাত অলপমানেৰেই দুপৰীয়া আহাৰ খায়। তেনেকৈয়ে খেতি পথাৰত কাম কৰে। সামন্তে প্ৰায়ে কয়, "আগতে কাটি অনা খৰি-কাঠবোৰ এনেয়ে পৰি থাকে, উঁই পৰুৱাই হাফলু সাজে", কিন্তু মহিলাসকলে তথাপিও খৰি বিচাৰি যাব লাগিব, তেঁওলোকে ঘৰত থাকিলে "স্বামী অথবা পৰিয়ালৰ লোকে সকিয়নি দিয়ে।" অপৰ্যাপ্ত খাদ্য আৰু কঠোৰ পৰিশ্ৰমৰে উপাৰ্জন কৰা ধন মহিলাসকলে ঔষধত খৰছ কৰিবলগা হয় আৰু কাহিলিপুৱাতে ঘৰৰ পৰা ওলাই যোৱাৰ ফলত নিজৰ সন্তানৰ পঢ়া-শুনাৰ প্ৰতি চকু দিব নোৱাৰে।"

সেইবাবেই সামন্তৰ বাবে পৰিৱেশ সংৰক্ষণতকৈয়ো মহিলাৰ আত্মসহায়ক গোট গঠন বেচি গুৰুত্বপূৰ্ণ হৈ পৰিল। কিন্তু মহিলাসকলে তেঁওৰ সৈতে কথা পাতিব বিচৰা নাছিল। কোনো ধৰণৰ সামাজিক কামত জড়িত হোৱা পৰিয়ালৰ লোকে বিৰোধীতা কৰে।

এদিন কৌশানীৰ বাছ ৰখোৱা স্থানত সামন্তে দেখিলে এদল মহিলা গোট খাই আছে। অলপ অপ্ৰস্তুত হৈ তেঁও মহিলাসকলৰ ওচৰলৈ গ'ল। কোশী জিলাৰ দণ্ডাধীশে ঘোষণা কৰিছে যে কোশী নদীৰ পানী কেৱল খোৱাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু মহিলাসকলে খেতিৰ কামৰ বাবেও নদীৰ পানী লাগে। চৰকাৰে গাঁওখনত পানী জমা কৰাৰ কোনো ব্যৱস্থা কৰা নাই। এনে অৱস্থাত কোশী নদীৰ অস্তিত্ব বৰ্তাই ৰখাৰ বাবে কঠোৰ প্ৰচেষ্টাৰ বিকল্প নাই।

সামন্তে তেঁওলোকক সংবাদপত্ৰৰ লেখা দেখুৱালে আৰু ব্যাখ্যা কৰি ক'লে যে বৃটিছে ৰোপন কৰা পৰিবেশৰ বাবে প্ৰতিকূল পাইন গছৰ পৰিবৰ্তে ডাঙৰ পাতৰ ওক গছ ৰোপন কৰিব লাগে। উত্তৰাখণ্ডৰ গাড়োৱাল অঞ্চলক বন সংৰক্ষণৰ বাবে হোৱা ১৯৭০ চনৰ ঐতিহাসিক চিপক' আন্দোলনৰ উদাহৰণ তেঁও মহিলাসকলক দিলে। তেঁও মহিলাসকলক অনুৰোধ জনালে আৰু ক'লে যে অহা ১০ বছৰৰ পিচত তেঁওলোকে পথাৰত খেতি কৰিবলৈ পানী ক'ত পাব? তেঁও এখন নিষ্প্ৰাণ-নিৰ্জল কোশী নদীৰ ভবিষ্যতৰ ছবি এখন মহিলাসকলৰ আগত তুলি ধৰিলে।

Basanti Samant delivering keynote address at the opening of the Buransh Mahotsav 2018
PHOTO • Ashutosh Kalla

ৰাজহুৱা উৎসৱত গুৰুত্বপূৰ্ণ বিষয়ত বক্তৃতা প্ৰদান কৰি অৱস্থাত…

মহিলাসকলৰ সৈতে কথা-বতৰা অথলে নগ'ল। প্ৰায় ২০০৩ত মহিলাসকলে এখন সমিতি গঠন কৰিলে, এগৰাকী সভানেত্ৰী নিয়োগ কৰিলে, আৰু গছ কটা বন্ধ হ'বলৈ ধৰিলে। কৌশানীৰ মানুহেও আন্দোলনৰ সমৰ্থন কৰিবলৈ ধৰিলে। মহিলাই এতিয়াও কাহিলি পুৱাতে ঘৰৰ পৰা ওলাই যায়, কিন্তু গছ কটাৰ পৰিৱৰ্তে শুকান খৰি-কাঠ সংগ্ৰহ কৰে। গাঁওবাসী আৰু বন বিভাগৰ মাজত এক চুক্তি হ'ল- বিভাগে মানি ল'ব লাগিব যে অৰণ্য, গছ-গছনিৰ ওপৰত প্ৰথম অধিকাৰ গাওঁবাসীৰ। কিন্তু গাঁওবাসী অথবা বিভাগে গছ কাটিব নোৱাৰিব। এই ঘটনাই নতুন নজিৰ সৃষ্টি কৰিলে তথা নিকটৱৰ্তী গাঁৱত বহুতো মহিলাৰ গোট গঠন হ'ল।

এই বিজয়ৰ পিচত প্ৰত্যাহ্বানৰ মুখামুখী হ'বলৈ অত্যুৎসাহী হৈ পৰিল। উদাহৰণ স্বৰূপে, চৰকাৰৰ নিৰ্দেশনা থকা স্বত্বেও ২০০৫ ৰ সময়ছোৱাত স্থানীয় ৰেষ্টুৰেণ্ট এখনৰ গৰাকীয়ে কোশী নদীৰ পানী ল'বলৈ ধৰিছিল। মহিলাসকলে 'বাসন্তী বেহেন'ক ফোন কৰিলে। মহিলাসকলক তেঁও জনালে যে ৰেষ্টুৰেণ্টৰ পানী নিয়া গাড়ী বন্ধ কৰি দিব লাগে। ঠিক সেই সময়তে, আন্দোলন শক্তিশালী আৰু চকুত পৰা হৈ পৰিছিল। মহিলাসকলে যেতিয়া প্ৰতিবাদত নামি পৰিল আৰু ৰেষ্টুৰেণ্টৰ মালিকে মহিলাসকলৰ ওচৰত ক্ষমা খোজাৰ উপৰি ১০০০ টকাৰ জৰিমনা ভৰিলে। উক্ত ধন আত্মসহায়ক গোটৰ পূঁজিত জমা হ'ল।

গাঁওবাসী অথবা পৰ্যটন বিভাগৰ ভুল নাছিল। এইবাৰ এজন বনবিষয়াই চোৰাংভাৱে কাঠৰ ব্যৱসায় চলাই আছিল আৰু প্ৰায়ে তেঁওৰ শ্ৰমিকক লগত লৈ গছ কাটিছিল। এদিন বাসন্তী সামন্ত আৰু মহিলাসকলে তেঁওক আগচি ধৰিলে। বন বিষয়াজনক সামন্তই ক'লে, 'আপুনি এটা গছ পুলিও ৰোপন কৰা নাই, আপুনি ইয়ালৈ আহিছে আৰু আমাৰ গছবোৰ চুৰ কৰিছে।' মহিলাসকলে ঐক্যবদ্ধ হৈ থাকিল। তেঁওলোক অগনন। মাহৰ পিছত মাহ ধৰি তেঁওলোক নেৰানেপেৰাকৈ লাগি থাকিল। তেঁওলোকে লিখিত ৰূপত ক্ষমা খুজিবলৈ ক'লে, কিন্তু বন বিষয়াজনে মানি নল'লে। তেঁওৰ বিৰুদ্ধে অভিযোগ দিয়াৰ ভাবুকি দিলে। চাকৰি হেৰুওৱাৰ ভয়ত বন বিষয়াজনে গছ চোৰাংকৈ কাটিবলৈ বাদ দিলে।

তেতিয়াৰে পৰা স্থানীয় মহিলা গোটসমূহ কেৱল অৰণ্যৰ প্ৰহৰীয়েই নহয়, সুৰাপান তথা মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ কিছুমান ঘটনাত হস্তক্ষেপ তথা পৰামৰ্শ দি কেনেকৈ এনে পৰিস্থিতি মোকাবিলা কৰিব লাগে মহিলাসকলে বুজাবলৈ আৰম্ভ কৰিলে। কৌশানী আত্মসহায়ক গোটৰ ৩০ বছৰীয়া মমতা থাপাই ক'লে, 'সমস্যা থাকিলে মই আলোচনা কৰাৰ সুযোগ পালো তথা প্ৰতিবাদৰ সম্ভৱপৰ পথো দেখা পালো।'

২০১৬ত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰনালয়ে বাসন্তী সামন্তলৈ নাৰী শক্তিৰ পুৰস্কাৰ আগবঢ়াইছিল। তেঁও ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ পৰা এই পুৰস্কাৰ সগৌৰৱে গ্ৰহণ কৰিছিল। কৌশী নদীক ৰক্ষা কৰিবলৈ তেঁও সংগ্ৰাম অব্যাহত ৰাখিছে আৰু শেহতীয়াভাৱে জাবৰ-জোঠৰ পৰিষ্কৰণ তথা কৌশানীৰ পাশ্চৱৰ্তী অঞ্চলৰ হোটেলৰ মালিকসকলক শুকান জাবৰ পুনৰ ব্যৱহাৰৰ উপযোগী কৰাৰ আলোচনাত গুৰুত্ব প্ৰদান কৰিছে। তেঁওৰ মতে তেঁওৰ গুৰুত্বপূৰ্ণ অৰিহনা হ'ল "মহিলাসকল নিৰ্বাক হৈ নথকাতো নিশ্চিত কৰা- নিজৰ স্থানীয় সমিতি বা গাঁও সভা অথবা নিজৰ ঘৰতো মহিলাই এতিয়া মুখ খুলিব লাগিব।"

এই সাক্ষাতকাৰ যুগুতোৱাৰ ক্ষেত্ৰত সহায় কৰি দিয়া বুৰানশ মহোত্সৱৰ আয়োজক থ্ৰীশ কাপুৰ আৰু প্ৰসন্ন কাপুৰক লেখকে ধন্যবাদ জ্ঞাপন কৰিছে।

অনুবাদঃ পংকজ দাস

Apekshita Varshney

Apekshita Varshney is a freelance writer from Mumbai.

Other stories by Apekshita Varshney
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das